গোৱালপাৰাঃ অসমত চৰ বুলি ক’লে সততে অবৈধ বাংলাদেশীয়ে বাস কৰা ঠাই বুলি ভবা হয়৷ অসমৰ চৰ বুলি ক’লে অস্ত্ৰধাৰী-সন্ত্ৰাসবাদীৰ ঘাইঘৰ বুলি জনমানসত এক ধাৰণাৰ সৃষ্টি কৰা হৈছে৷

অসমত এনে ধাৰণা সৃষ্টি কৰিয়েই ৰাজনীতি চলি আহিছে দশকে দশকে৷ কিন্তু অসম আৰু উত্তৰ-পুৰবাঞ্চলক ভাৰতৰ বিভিন্ন প্ৰান্তত জংঘল বুলি ভাবিলে আমাৰ যেনেদৰে খং আৰু হাঁহি দুয়োটাই একেসময়তে উঠে, তেনেই অনুভৱ কৰিব যেতিয়া নিজচকুৰে দেখিব যে বাংলাদেশীৰ ঘাটি বুলি সততে কৈ অহা এইসকলেই ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে সোণ যোগান ধৰে। 

চহৰৰ বজাৰত জুই-ছাই দিম উঠা সেই সোণৰূপী শাক-পাচলি, গাখীৰ, কুঁহিয়াৰ, মৰাপাট, মাছ-পোণা আদি মুৰৰ ঘাম মাটিত পেলাই কোনে পানীৰ দৰত গতাই দিয়ে পাইকাৰী বণিকক৷ কোনে অসমখনক প্ৰকৃততে এক বহনক্ষণ উন্নয়ন ক্ষেত্ৰ কৰি ৰাখিছে। কোনে দিছে অসমক কৃষিজীৱি ৰাজ্যৰ মৰ্যাদা। ৰাজ্যখনৰ অৰ্থনেতিক ভেঁটি মজবুত কৰি ৰখাত চৰৰ লোকৰ ভূমিকা শলাগ ল’ব লগীয়া৷

যিটো সময়ত ৰাজ্যৰ আন আন ঠাইৰ কৃষিভূমি চন পৰি ৰৈছে, চহৰলৈ ডেকা-ডেকেৰীৰ প্ৰব্ৰজন ঘটিছে, ঘৰৰ ওচৰৰে কোম্পানীত মাহে ছহাজাৰত সন্তুষ্টি হ'বলগীয়া হৈছে ভূমিপুত্ৰ, সেই সময়তে চৰৰ খেতিয়কে বালিত খেতি কৰি ৰাজ্যৰ জনসাধৰণক শাক-পাচলি আমদানি কৰে৷ বিভিন্ন খেতি-বাতি, শাক-পাঁচলি, মৰাপাট আদি উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা৷

বিশেষকৈ ৰাজ্যৰ চৰৰ খেতিয়তসকলে খেতি কৰিয়ে পৰিয়াল পোহপাল দিয়ে৷ ল’ৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে খেতিয়কসকল নিৰ্ভৰশীল৷ শেহতীয়াকৈ অসমৰ এখন চৰত বাদাম খেতিৰে নতুন বিপ্লৱ আৰম্ভ হৈছে৷

ৰাজ্য ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰা পশ্চিম দিশৰ গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰত শ-শ কৃষকে বাদাম খেতি কৰি স্বাৱলম্বী হৈছে৷ মৰুভূমি সদৃশ বালিৰ চৰত বাদাম খেতি কৰি প্ৰতি বিঘাই ১৫০০০-২০০০০ টকা উপাৰ্জন কৰি আহিছে এটি এটি পৰিয়ালে৷ তেওঁলোকে উৎপাদন কৰা বাদাম ৰাজ্যৰ বিভিন্ন ব্যৱসায়ীয়ে ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগা দেখা যায়৷

গৰাখহনীয়াত ক্ষতিগ্ৰস্ত কৃষকসকলে বাৰিষা ধানৰ খেতি কৰিব নোৱাৰাৰ ফলত হাহাকাৰ কৰিব লগা হয় যদিও যোৱা দুই-তিনি বছৰৰ পৰা বানপানী শেষ হোৱাৰ পিছতেই বাদাম খেতিত ব্যস্ত হৈ পৰে৷ গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ গোৱালপাৰা চহৰৰ পৰা মাথো তিনি কিঃমিঃ নিলগৰ বলধমাৰি চৰৰ প্ৰায় ২০০ বিঘা ভূমিত এতিয়া বাদাম চপাব আৰম্ভ কৰিছে খেতিয়কে। 

৩নং বলধমাৰি চৰৰ প্ৰতিঘৰ লোকে ৫-১০ বিঘা ভূমিত বাদাম খেতি কৰে৷ বিঘাই প্ৰতি ৫০০০-৬০০০ টকা খৰছ কৰি উপাৰ্জন কৰিছে ২০,০০০ পৰ্যন্ত টকা৷ একপ্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে গোৱালপাৰাৰ চৰ চাপৰিৰ কৃষকে।

শ-শ বিঘা মৰুভূমি সদৃশ বালি মাটিত বাদাম খেতি কৰি আনন্দিত হৈ পৰা আবুল হুছেইন, জয়নাল আবদীনৰ দৰে জ্যেষ্ঠ কৃষকে বাদাম খেতি ধাৰণা নিজেই কৰা বুলি কয়৷ প্ৰথমাৱস্থাত একঠা-দুকঠা ভূমিত বাদাম খেতি কৰি পৰীক্ষা কৰিছিল যদিও খেতি ভাল হোৱাত লাহে লাহে প্ৰতিঘৰ মানুহে এই খেতিত জৰিত হৈ পৰা বুলি কয়৷

চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে বাদাম খেতিৰে অসমে উন্নয়নৰ নতুন দিশেৰে আগবাঢ়িব বুলি কয় খেতিয়তসকলে৷ আনহাতে খেতিয়কসকলে কৃষি বিষয়াৰ দিহা পৰামৰ্শ লাভ নকৰাত ক্ষোভ জাহিৰ কৰে৷ এতিয়া প্ৰতি জোপা গছৰ শিপাত সোণ লগাদি লাগিছে বাদাম৷

পুৰুষৰ সমানে সমানে মহিলাও বাদাম চপোৱাত জড়িত হৈ পৰিছে৷ বিগত তিনি বছৰ ধৰি গোৱালপাৰাৰ গৰাখহনীয়াগ্রস্থ খেতিয়ক সকলে এই খেতি কৰি আহিছে। ইয়াৰ জৰিয়তে বিঘাই প্ৰতি ৪/৫ হাজাৰ টকা খৰচ কৰি কৃষকসকলে ২০/২৫ হাজাৰকৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

কিন্তু তেঁওলোকে বিচাৰিছে বিক্ৰীৰ বাবে উপযুক্ত সুনিয়ন্ত্ৰিত এখন বজাৰ৷ কিয়নো ইতিমধ্যে দুগ্ধপামৰ পৰা আৰম্ভকৰি মৰাপাট, জলকীয়া আদি বিভিন্ন খেতিত সুনিয়ন্ত্ৰিত আৰু পৰিকল্পিত বজাৰ নথকাত গুৰুতৰ লোকচানৰ সমুখীন হৈ আহিছে সোণৰ খেতি কৰা এই খেতিয়কসকলে।