বিজেপিৰ সৈতে হ'ব যুঁজ, লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ম

ওদালগুৰিঃ দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ বাবে ২৬ মাৰ্চক অন্তিম দিন হিচাপে ধাৰ্য কৰিছিল দেশৰ নিৰ্বাচনী আয়োগে। সেই অনুসৰি অন্তিম দিনটোৰ আগদিনাখনেই ৮ নম্বৰ মংগলদৈ লোকসভা সমষ্টিৰ বাবে বহুজনে দাখিল কৰিলে নিজৰ মনোনয়ন-পত্ৰ।

ইউনাইটেড পিপলছ পাৰ্টী লিৱাৰেল চমুকৈ ইউপিপিএলৰ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়েও সোমবাৰে দাখিল কৰে মনোনয়ন-পত্ৰ। পুৱাই ওদালগুৰিস্থিত পিজেএচিবিএমৰ কাৰ্যালয় তথা এনডিএফবি(প্ৰ)ৰ মনিটৰিং কেম্পৰপৰা এক বিশাল সমদলেৰে দৰং জিলাৰ সদৰ মংগলদৈ লৈ গৈ বিভাগীয় বিষয়াৰ হাতত নিজৰ মনোনয়ণ-পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে।

মনোনয়ন দাখিলৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে ওদালগুৰিস্থিত পিজেএচিবিএমৰ কাৰ্যালয় তথা এনডিএফবি(প্ৰ)ৰ মণিটৰিং কেম্পত শুভাকাংশী তথা জ্যেষ্ঠসকলৰ সৈতে মিলিত হয় দৈমাৰী। দৈমাৰীক সংগ দিয়ে এবছু, এনডিএফবি(প্ৰ)ৰ লগতে পিজেএচিবিএমৰ নেতৃত্বয়ো। ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দৈমাৰীয়ে প্ৰৱল আত্মবিশ্বাসেৰে নিজৰ জয় নিশ্চিত বুলি উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰখনে ৬০ বছৰত একো কৰিব নোৱাৰিলে, বিজেপিয়েও ৬০ মাহ বিচাৰি একো কৰিব নোৱাৰিলে। আনহাতে মংগলদৈ লোকসভা সমষ্টিত বিগত ১৫ বছৰে বিজেপিৰ দখলত থাকিল যদিও সমষ্টিটো উন্নয়ণ কৰাৰ ক্ষেত্ৰত বিজেপি দলো ব্যৰ্থ হৈছে। 

সেয়েহে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইউপিপিএলক বিপুল ভোটত জয়ী কৰাব। লগতে দৈমাৰীয়ে মূল প্ৰতিদ্বন্দী বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ সৈতে হ’ব বুলি ব্যক্ত কৰি সমষ্টিটোত ইউপিপিএল প্ৰথম, বিজেপি দ্বিতীয় আৰু কংগ্ৰেছ তৃতীয় স্থান থাকিব বুলি দাবী কৰি ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি উল্লেখ কৰে।

ইফালে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বিপেন বড়োৱে বিজেপি দলটোৱে বিগত ১৫ বছৰে সমষ্টিতো উন্নয়ণ তথা বিভিন্ন জলন্ত সমস্যা সমাধান কৰিব নোৱাৰা বুলি মত ব্যক্ত কৰি আগন্তুক নিৰ্বাচনত সেয়েহে ইউপিপিএলক সমৰ্থন দিয়া বুলি জানিবলৈ দিয়ে। লগতে তেওঁ হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে হাগ্ৰামা হ’ল প্ৰফেশ্যনেল পলিটিচিয়ান। তেওঁৰ সুবিধাবাদী চৰিত্ৰ বুজিবলৈ বিটিচি তথা অসমবাসীৰ বাকী নাই। 

যি দলেই চৰকাৰ গঠন কৰে সেই দলৰ সৈতে ঠিয় দিয়ে। ইফালে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বড়োৱে কয় যে শৰণীয়াৰ বিৰুদ্ধে এসময়ত ৰুজু হৈছিল এটাৰ পাছত আনটো অপৰাধজনিত গোচৰ। এই গোচৰসমূহ নিষ্পত্তি কৰি শৰণীয়াই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছেনে নাই সেয়া কোনেও নাজানে।

লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক উচটনিমূলক মন্তব্য প্ৰদানৰপৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে এবছু নেতাগৰাকীয়ে। ইয়াৰ পাছত এক বিশাল সমদলেৰে প্ৰথমে ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি হৰিশিঙা-কলাইগাঁও হৈ মংগলদৈলৈ ৰাওনা হয়।