newsnextone.com | গুৱাহাটীঃ অ’লা-উবেৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে চালক-মালিকক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এগৰাকী উবেৰ-অ’লা চালকে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ১১ বাজি ২০ মিনিটত শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া চালকজন সোণমণি কলিতা বুলি জানিব পৰা গৈছে৷ নলবাৰী জিলাৰ মুকালমুৱাৰ বালিকুছিত ঘৰ বুলি জানিব পৰা গৈছে চালক সোণমণি কলিতাৰ৷ আৰ্থিক দৈন্যতাৰ বাবেই যুৱকজনে ব্ৰহ্মপুত্ৰত জঁপিয়াই বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে যুৱকজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে। 

নলবাৰী বালিকুছিৰ যুৱকজনে দীৰ্ঘ সময় ধৰি অ’লা আৰু উবেৰত গাড়ী চলাই পৰিয়াল পোহপাল দি আছিল যদিও দুয়োটা কৰ্তৃপক্ষই বিগত সময়ত ইনচেনটিভৰ পইছা বন্ধ কৰি দিয়াৰ লগতে পূৰ্বৰ দৰেই কমিছন দি আহিছিল৷ পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত পূৰ্বৰ কমিছনেৰে চালক আৰু মালিকসকলে অনলাইন ব্যৱস্থাত তথা অ’লা-উবেৰত গাড়ী চলাই পৰিয়াল চলাব নোৱাৰা হৈ পৰে৷

যাৰ বাবে সময়ে সময়ে অ’লা-উবেৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইনচেনটিভ পুনৰাই দিয়াৰ লগতে কমিছন বৃদ্ধি কৰা দাবী জনায় আহিছে৷ কিন্তু এনে দাবীক গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই আজি সোণমণি কলিতাই ব্ৰহ্মপুত্ৰত জঁপিয়াই বুলি সন্দেহ কৰা হৈছে৷

বৰ্তমান সময়ত নিবনুৱাই অনলাইন কেৱ অ’লা-উবেৰ সেৱাৰ পৰা আঁতৰি আছে বুলিও অভিযোগ উত্থাপিত হয়৷ অ’লা-উবেৰ চালক-মালিকসকলৰ পৰিস্থিতি ভাল নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপন হয়। দিনটোৰ ২৪ ঘণ্টা ৰাজপথত থাকি নিজৰ পৰিয়ালটোৰ বাবে অন্ন-বস্ত্ৰ যোগাৰ কৰিব নোৱোৰাৰ অভিযোগ উত্থাপন হয়৷ বহু মালিক আৰু চালক মানসিক ভাৱে ভাঙি পৰে। 

সোণমণি কলিতাই তেনে এটা পৰিৱেশত পৰাৰ সন্দেহ কৰা হৈছে৷ অসমৰ নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলতেই আজি সোণমণিয়ে ব্ৰহ্মপুত্ৰত জাঁপ দিব লগা হ’ব বুলি অভিযোগ উত্থাপন কৰে একাংশ সংগীয়ে৷ বিদেশী প্ৰতিষ্ঠনসমূহে নিবনুৱাৰ তেজ শুহি খোৱাৰ অভিযোগ উত্থাপন হয়৷ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, পৰিবহণ মন্ত্রী, উপায়ুক্তক এনে সমস্যা সমূহৰ কথা জনোৱা হৈছিল যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷

সদৌ গুৱাহাটী কেৱ চালক সন্থাৰ সভাপতি ইব্ৰাহীম আলীয়ে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি তদন্ত কৰাৰ দাবী জনায়৷