newsnextone.com | গোলকগঞ্জঃ সমগ্ৰ দেশৰ ৰাজনীতি অসমৰ এনআৰচিক লৈ গৰম হৈ থকাৰ সময়তে এগৰাকী বৃদ্ধই এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰাত পুত্ৰ আৰু নাতি-নাতিনী নাম বাদ পৰাত আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এই কাণ্ড সংঘটিত হৈছে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জত। 

জানিব পৰা মতে,  ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱা চতুৰ্থ খণ্ড গাঁৱৰ দেবেন বৰ্মন নমাৰ লোকজনে ১৯৭১ চমৰ পূৰ্বৰ নথি দি এনআৰচিৰ নাম প্ৰকাশৰ বাবে আবেদন কৰিছিল। সকলো নথি পত্ৰ দি আবেদন কৰিছিল। কিন্তু প্ৰথম খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ লগতে দ্বিতীয় খচৰাত দেবেন বৰ্মনৰ নিজৰ নামৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে বোৱাৰীৰ নাম অন্তৰ্ভুক্ত হয়। কিন্তু পুত্ৰ, নাতি-নাতিনীসকলৰ নাম অন্তৰ্ভুক্ত নহ'ল।যোৱা কেইবাদিন ধৰি ইজন-সিজনক মোৰ বিপদ হ'ল বুলি কৈ আহিছিল লোকজনে। খচৰা প্ৰকাশ কৰাৰ পিছৰে পৰা চিন্তাত দিন পাৰ কৰিছিল বৰ্মনে।  

অৱশেষত পুত্ৰ নাতি-নাতিনীৰ নামত অন্তৰ্ভুক্ত নোহোৱাত বৰ্মনে মঙলবাৰে পুৱাই নিজ ঘৰৰ সমীপৰে গছত চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে। ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱা চতূৰ্থ খণ্ডত যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।