ডিজিটেল ৰিপ'ৰ্টঃ গ্ৰাহকৰ পৰা অতি কৌশলেৰে প্ৰায় ৩ কোটি টকা লুণ্ঠন কৰি অৱশেষত জালত পৰিল সুন্দৰী বেংক বিষয়া অলিভিয়া দত্ত। দেওবাৰে অসম আৰক্ষীৰ এটা বিশেষ দলে অনুসন্ধান চলাই অলিভিয়াক নাইনিতালৰ পৰা গ্ৰেপ্তাৰ কৰে।

ব্যক্তিগত খণ্ডৰ ইণ্ডাছইণ্ড বেংক নামৰ বেংকটোৰ গুৱাহাটীৰ ভঙাগড় শাখাৰ উপ-মহাপ্ৰবন্ধকৰ দায়িত্বত আছিল অলিভিয়া। দীৰ্ঘদিন ধৰি গ্ৰাহকে জমা কৰা ধন জালিয়াতিৰে নিজৰ কৰি লৈ আহিছিল অলিভিয়াই।

এটি ৭ মহীয়া সন্তানৰ মাতৃ, সুন্দৰী বেংক বিষয়াগৰাকীৰ চাতুৰালিৰ কথা জানিব পাৰি পল্টন বজাৰ থানাত গোচৰ ৰুজু কৰে বিদ্যুৎজ্যোতি কলিতা নামৰ এগৰাকী প্ৰবঞ্চিত গ্ৰাহকে। গোচৰ ৰুজু কৰাৰ উমান পাইয়েই পলায়ন কৰে অলিভিয়াই।

ইফালে উক্ত গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে অলিভিয়াক বিচাৰি চৌদিশে তীব্ৰতৰ অভিযান চলায়। প্ৰায় ৪ দিন ধৰি অভিযান চলায়ো কোনো সন্ধান উলিয়াব নোৱাৰাত ৰাজ্যৰ বাহিৰলৈ পলায়ন কৰাৰ সন্দেহ কৰে আৰক্ষীয়ে।

এই অনুযায়ী আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধানত প্ৰবঞ্চক বেংক বিষয়াগৰাকী ৰাজ্যৰ বাহিৰলৈ যোৱা বুলি নিশ্চিত হয় আৰক্ষী। যোৱা ২৭ জুলাইতে অলিভিয়াই ৰাজধানী এক্সপ্ৰেছযোগে দিল্লী হৈ নাইনিতাললৈ যাত্ৰা কৰা বুলি জানিব পাৰে আৰক্ষীয়ে।

ততাতৈয়াকৈ মহানগৰ আৰক্ষীৰ এচিপি সুপ্ৰতিভলাল বৰুৱাৰ নেতৃত্বত অাৰক্ষীৰ এটি দল ৪ আগষ্টত নাইনিতাললৈ ৰাওনা হয়। অৱশেষত স্থানীয় আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দলটোৱে প্ৰবঞ্চক বেংক বিষয়া অলিভিয়াক নাইনিতালৰ পৰা গ্ৰেপ্তাৰ কৰে। নাইনিতালৰ পৰা দিল্লীলৈ লৈ আহে অলিভিয়াক।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ সময়ত অলিভিয়াৰ কোলাত আছিল তেওঁৰ ৭ মহীয়া কেচুৱা। সোমবাৰে দিল্লীৰ এখন আদালতত হাজিৰ কৰাই অসমলৈ অলিভিয়াক লৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

♦ CLICK HERE ♦ LATEST STORY: স্বামীৰ সহযোগত হাঁহিৰে টকা সৰকাইছিল অলিভিয়াই