ফকিৰগঞ্জঃ সূলভ মূল্যৰ চাউল বিতৰণত দীৰ্ঘদিন ধৰি অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগত দক্ষিণ শালমাৰা জিলাৰ ফকিৰগঞ্জ আৰক্ষীয়ে আজি জামাদাৰহাট সমবায় সমিতিৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত সমবায় সমিতিৰ সদস্যজন হৈছে মদন আলী।

প্ৰাপ্ত বাতৰি মতে ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত ছাটছিয়া গাঁৱৰ আজিজুৰ ৰহমান নামৰ এজন লোকে ২০১৬ চনৰ ৩ৱডিচেম্বৰত সমবায় সমিতিৰ সভাপতি-সম্পাদকসহ সদস্যসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দক্ষিণ শালমাৰা জিলাৰ আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত সমবায় সমিতিখনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি প্ৰায় চাৰি মাহৰ অন্তত যোৱানিশা সমবায় সমিতিৰ সদস্যজনক গ্ৰেপ্তাৰ কৰে৷

সমবায় সমিতিখনে দীৰ্ঘদিন ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, কেৰাচিন আদি চৰকাৰী নিয়ম মতে হিতাধিকাৰীক প্ৰদান নকৰি হিচাপতকৈ কমকৈ দি ব্যাপক দুৰ্নীতি কৰি অহাৰ অভিযোগ উঠিছিল৷ ছাটছিয়া গাঁৱৰ আজিজুৰ ৰহমানে এই সন্দৰ্ভত অভিযোগ দিয়াত সূলভ মূ্ল্যৰ দোকানী আৰু সমবায় সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্যই গুৰত্ব আৰোপ নকৰাত উপায়বিহীন হৈ আৰক্ষীৰ ওচৰ চাপে।

আৰক্ষীয়ে মদন আলীৰ বাসগৃহত তালাচী চলাই ভাৰতীয় খাদ্য নিগনৰ ৫৩ বস্তা চাউল জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে ৪১ বস্তাত পঞ্জাৱ চৰকাৰ, ১১ বস্তাত হাৰিয়ানা চৰকাৰ আৰু ১ বস্তাত ভাৰতীয় খাদ্য নিগমৰ ছীল-মোহৰ থকা বুলি জনাইছে আৰক্ষীয়ে। 

ইফালে আৰক্ষীৰ সোধ-পোছত মদন আলীয়ে জামাদাৰ হাট সমবায় সমিতিৰ সদস্য তথা দোকানী মহিম আলীৰ পৰা ক্ৰয় কৰি মেঘালয়ত চোৰাং  ভাৱে বিক্ৰী  কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে । মহিম আলীয়ে জামাদাৰ হাট সমবায় সমিতিৰ বিভিন্ন এজেন্টৰ পৰা চাউল খিনি ক্ৰয়  কৰি তেওঁক  যোগান ধৰা বুলিও স্বীকাৰ কৰে সমবায় সমিতিৰ ধৃত সদস্যজনে।