কামপুৰঃ ৰাজ্য চৰকাৰৰ চৰম হেমাহিৰ বাবে জীয়াতু ভূগিব লগা হৈছে এটি বৃহৎ অঞ্চলৰ ৰাইজে৷ এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে শ-শ লোকক৷ শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়তৰ বাবে বাঁহৰ দলং খন ব্যৱহাৰ কৰি আহিছে যদিও চৰকাৰৰ ভ্ৰুক্ষেপ নাই৷ পথ-দলঙৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷

ব্যৱসায়ীৰ লগতে কৃষক সকলোৰো দুৰ্ভোগৰ সীমা নহোৱা হৈছে। তৃষক, ব্যৱসায়ীয়ে বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ট ভোগ কৰিব লগা হৈছে। ৰোগীক পথটোৰে কিবা কাৰণত আনিব লগা হ'লে ৰোগীৰ অৱস্থা বেয়া হয়। খলাবমা আৰু দ’ গাতেৰে ভৰি পৰা পথটো আৰু দলং খন আছে কত৷ বিখ্যাত পথটো আৰু বাঁহৰ দলং খন আছে নগাঁও জিলাৰ কামপুৰৰ কান্দাপাৰা অঞ্চলত৷ বুধবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ কান্দাপাৰা নৈৰ বাঁহৰ দলং খনৰ পৰা পৰি এগৰাকী যুৱ ব্যৱসায়ীয়ে অকালতে প্ৰাণ দিব লগা হয়৷

জৰাজীৰ্ণ বাঁহৰ দলঙৰ পৰা বিশ ফুট তলত নৈৰ পানীত পৰি মৃত্যু হয় যুৱকজনৰ। নিহত যুৱকজন স্বপন বিশ্বাস বুলি জানিব পৰা গৈছে৷ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত কান্দাপাৰাত জৰাজীৰ্ণ দলং খনত উঠি আহিব ধৰোতেই সংঘটিত এই হৈছে ঘটনা। বিজেপি চৰকাৰৰ পৰিৰ্তনৰ নমুনা৷ ভগা বাঁহৰ দলংৰ পৰা পৰি ব্যৱসায়ীৰ মৃত্যু ৷ স্থানীয় বিধায়ক আৰু চৰকাৰৰ উদাসিনতাৰ বাবেই ভয়াবহ ঘটনা কামপুৰ কান্দাপাৰা লুটুমাৰী নৈৰ জৰাজীৰ্ন দলঙত। জৰাজীৰ্ণ বাঁহৰ দলঙৰ পৰা বিশ ফুট তলৰ পানীত পৰি স্বপন বিশ্বাস নামৰ এজন ব্যৱসায়ী মৃত্যু হয়।

জানিব পৰা মতে, নিশা কামপুৰৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি পুঠিমাৰী মৰিসুঁতিৰ নিজ গৃহলৈ আহি অৱস্থাত কান্দাপাৰা জৰাজীৰ্ণ দলঙৰ ওপৰৰে পাৰ হওতেই সংঘটিত হয় এই ঘটনা। দলংৰ পৰা ২০ ফুট তলৰ পানীত পৰাৰ ফলত মৃত্যু হয় লোকজনৰ৷ উল্লেখ্য যে, ৰহা আৰু বঢ়মপুৰ সমষ্টিক সংযোগ কৰা দলংখন নিৰ্মাণৰ বাবে বিধায়কক অৱগত কৰি আহিছে যদিও নিৰৱ দৰ্শক হৈ আহিছে দুয়োটা সমষ্টিৰ বিধায়ক সকল৷ যাৰ কাৰণে ভয়াবহ দিন অতিবাহিত কৰি আহিছে স্থানীয় লোকসকলে ইমানলৈ সকলো ঠিকেই আছিল৷ কিন্তু বুধবাৰে নিশা বাঁহৰ দলঙ খনে ললে এগৰাকী লোকৰ প্ৰাণ৷