কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেলৱে জংচনৰ সমীপত দেওবাৰে পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত বাতৰি মতে পুৱা কোকৰাঝাৰ আৰু ফকিৰাগ্ৰাম জংচনৰ ২১৫/৪-৫ নম্বৰ খুটা এলেকাত উজনিমুৱা ৰে’লৱে ট্ৰেকত এগৰাকী মহিলাৰ মৃতদেহ পৰি থকাৰ খবৰ পাই কোনোবাই ৰেল আৰক্ষীক খবৰ দিয়ে৷

পিছত ঘটনাস্থলীৰ পৰা ৰে’ল আৰক্ষীয়ে ক্ষত-বিক্ষত মৃতদেহটো উদ্ধাৰ কৰে৷ ৰে’ল আৰক্ষীৰ মতে প্ৰায় পঞ্চাশ বছৰীয়া অচিনাক্ত মহিলাগৰাকী ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷