গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত কিমান পৰিৱৰ্তন আহিছে সেই বিষয়ে অধিক বিশ্লেষণ বাদ দিয়াৰ পিছতো সকলোৱে একমুখে স্বীকাৰ কৰি আহিছে যে ১০ বছৰ পূৰ্বৰ তুলনাত বৰ্তমান বিভাগটোৰ যথেষ্ট উন্নতি হৈছে। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম চমুকৈ এন এইছ এমৰ বিষয়া- কৰ্মমচাৰীসকলে।

কিন্তু এই এন এইছ এমে যিধৰণে গুৰুত্ব পাব লাগিছিল সেই ধৰণে গুৰুত্ব নোপোৱাৰ অভিযোগ সময় সময়ে উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে newsnextone.comলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সমূহ বিষয়া-কৰ্মচাৰীৰ হৈ বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগৰ বিষয়ে উল্লেখ কৰি ডিজিটেল পত্ৰ প্ৰেৰণ কৰিছে দক্ষিণ কামৰূপৰ এগৰাকী সামূহিক স্বাস্থ্য বিষয়াই। অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ মুকলিভাৱে লিখা এই ডিজিটেল পত্ৰখন তলত হুবহু প্ৰকাশ কৰা হ'ল।

 

অসমৰ মাননীয় মুখ্যমন্ত্ৰী/স্বাস্থ্য মন্ত্ৰী মহোদয়লৈ মুকলি চিঠি

বিষয় : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে আবেদন ৷                        

মহাশয়,

নমস্কাৰ গ্ৰহণ কৰিব৷ এই আবেদন পত্ৰৰ যোগেৰে আমি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলে আপোনাক আমাৰ মনৰ কিছু কথা জনাব বিচাৰিছো ৷ আশা কৰোঁ আপুনি আমাৰ কথাখিনি শুনিব ৷ আপোনাক বিনম্ৰভাৱে জনাওঁ যে ২০০৫ চনৰ পৰা আজিলৈ আমি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলে (প্ৰায় সোতৰ হাজাৰ কৰ্মচাৰী ) সমগ্ৰ অসমৰ স্বাস্থ্যসেৱাৰ মান উন্নীত কৰাৰ বাবে অতি আন্তৰিকতাৰে, নিষ্ঠাৰে, অতি সক্ৰিয়ভাৱে কাম কৰি আহিছোঁ ৷

অসমৰ জনসাধাৰণেও নিশ্চয় স্বীকাৰ কৰিব যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ সেৱাৰ বাবেই ২০০৫ চনৰ তুলনাত  আজি অসমৰ স্বাস্থ্যসেৱাৰ মান বহুখিনি উন্নীত হ’বলৈ সক্ষম হৈছে ৷ দায়িত্বসহকাৰে আপোনাক জনাওঁ যে অসমৰ স্বাস্থ্যসেৱাৰ মান উন্নীত কৰিবৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিবলৈ আমি সম্পূৰ্ণ ৰূপে ইচ্ছুক, প্ৰস্তুত৷

আমি নিশ্চিত যে আপোনাৰ সুদক্ষ নেতৃত্বত আগন্তুক দিনত অধিক উৎসাহেৰে কামত মনোনিবেশ কৰি অসমৰ স্বাস্থ্য সেৱাৰ মান  আৰু অধিক উন্নীত কৰিবলৈ সক্ষম হ'ম ৷ মহাশয়, এইখিনিতে আমি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ সমূহ কৰ্মচাৰীয়ে আপোনাক কেইটামান অনুৰোধ কৰিব বিচাৰিছো ৷ এইক্ষেত্ৰত আপুনি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁঃ  

১। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক পাৰিশ্ৰমিক/দৰমহা (Remuneration/Salary) দিবলৈ অনুৰোধঃ

ক) মহাশয়, আমি সকলোৱে জানো যে চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ তুলনাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলে কোনোগুণে কম কাম নকৰে ৷ বৰং বহু সময়ত নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ তুলনাত অধিক কাম, দায়িত্ব বহন কৰিবলগা হয়। তদুপৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকল চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ তুলনাত কোনোগুণে কম দক্ষ নহয় ৷ কিন্তু আমি অতি দুখেৰে লক্ষ্য কৰিছো যে চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ তুলনাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক বহু কম পৰিমাণে পাৰিশ্ৰমিক/দৰমহা প্ৰদান কৰা হয় ৷ আনকি তুলনামূলকভাৱে নিয়মীয়া কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ হাৰো বহুত বেছি ৷ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শমতে নিয়মীয়া কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰাৰ ফলত  নিয়মীয়া কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ দৰমহাৰ মাজত এক বৃহৎ ব্যৱধানৰ সৃষ্টি হ’ব ৷ তদুপৰি এজন চৰকাৰী নিয়মীয়া কৰ্মচাৰীয়ে অন্যান্য বহু চৰকাৰী সুবিধা লাভ কৰে যাৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকল সম্পূৰ্ণৰূপে বঞ্ছিত ৷ আমি ভাৱো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ প্ৰতি এয়া এক অন্যায় ৷ সেয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলকো চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা দিয়াৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনাক বিনম্ৰ আবেদন জনালোঁ ৷    

খ) মহাশয় আপোনাক এইখিনিতে মাননীয় উচ্চতম ন্যয়ালয়ৰ এটি ৰায় সম্পৰ্কে অৱগত কৰিব বিচাৰিছো ৷ মহামান্য উচ্চতম ন্যায়ালয়ে গোচৰ Civil Appeal No.213 Of 2013 ৰ চূড়ান্ত ৰায় প্ৰদান কৰি কয় যে "Equal Pay For Equal Work" ৷ গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ এই ৰায় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিবলৈ অনুৰোধ কৰিলোঁ ৷    

গ) মহাশয়, বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক দৰমহা প্ৰদানৰ ক্ষেত্ৰত কোনো Pay Scale ব্যৱস্থাৰ প্ৰৱৰ্তন নাই ৷ কিন্তু সৰ্বশিক্ষা অভিযান (SSA)ৰ দৰে কিছুমান আঁচনিৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত Pay Scale ব্যৱস্থা প্ৰৱৰ্তন আছে ৷ গতিকে আমাৰ অনুভৱ হৈছে কেবল চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ তুলনাতেই নহয় সৰ্বশিক্ষা অভিযান আদি আঁচনিৰ কৰ্মচাৰীসকলৰ তুলনাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলে কম দৰমহা, কম সুবিধা পাই আছে ৷ গতিকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক দৰমহা প্ৰদানৰ ক্ষেত্ৰত Pay Scale ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ অনুৰোধ জনালোঁ ৷    

২। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰী এজনৰ মৃত্যু হ’লে কৰ্মচাৰীজনৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য্য বা অনুকম্পামূলক নিযুক্তি প্ৰদান কৰিবলৈ অনুৰোধ : মহাশয়, আপোনাক অতি দুখেৰে জনাওঁ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰী এজনৰ যদি দুৰ্ঘটনা বা অন্য কাৰণত হঠাৎ মৃত্যু হয় তেন্তে কৰ্মচাৰীজনৰ পৰিয়ালটোৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ আনকি চলিত মাহটোৰ সম্পূৰ্ণ দৰমহাও পৰিয়ালটোক প্ৰদান কৰা নহয় ৷ সেয়ে এই বিষয়টো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিলো আৰু বিনম্ৰ ভাৱে অনুৰোধ জনাওঁ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰী এগৰাকীৰ মৃত্যু হ’লে পৰিয়ালটোক  অন্ততঃ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য বা অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা কৰে যেন।     

৩। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক বেংক সমূহে যাতে ঋণ  প্ৰদান কৰে তাৰবাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ। মহাশয় আপোনাক দুখেৰে জনাওঁ যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰী এজনক কোনো বেংকে ঋণ প্ৰদান নকৰে ৷ গতিকে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আপোনাক অনুৰোধ জনালোঁ ৷    

৪। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ সকলো কৰ্মচাৰীকে CPF,EPFৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ ৷      

৫। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ অথবা চাকৰিৰ সুনিশ্চিয়তা প্ৰদান কৰিবলৈ অনুৰোধঃ 

ক) মহাশয় আমি সকলোৱে জানো যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলে চাকৰিৰ অনিশ্চিয়তাৰ মাজত থাকিও অতি সক্ৰিয়ভাৱে কাম কৰি আছে ৷ কিন্তু এইটোও সত্য যে প্ৰতিদিনে কোনোবা নহয় কোনোবা এটা মূহুৰ্তত প্ৰতিজন কৰ্মচাৰীয়ে ভৱিষ্যত জীৱনৰ অনিশ্চিয়তাৰ কথা ভাৱি শংকিত হৈ পৰে ৷ বহু সময়ত ভৱিষ্যত অনিশ্চিয়তাৰ দুঃচিন্তাত, মানসিক অশান্তিৰ মাজত থাকি ভালদৰে কামকৰাৰ উৎসাহ হেৰাই যায় ৷যিহেতু স্বাস্থ্য বিষয়টো ৰাজ্য চৰকাৰৰ অধীনস্থ এটি বিষয় সেয়ে আমি আপোনাক অনুৰোধ কৰোঁ যে  অসম চৰকাৰে এখন আইন প্ৰণয়ন কৰি  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক অন্ততঃ ৬০ বছৰ বয়সলৈ সম মৰ্য্যদাৰ কামত নিয়োগ কৰাৰ সুনিশ্চিয়তা প্ৰদানেৰে কৰ্মচাৰীসকলৰ দুঃচিন্তা দূৰ কৰি সম্পূৰ্ণৰূপে কামত আত্মনিয়োগ কৰিবলৈ উৎসাহ যোগাব ৷ অতি দুখেৰে আমি জনাব বিচাৰিছো যে  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কিছুসংখ্যক কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতিৰ জাননী দিয়া হৈছে ৷ গতিকে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ  কৰিবলৈ আমি আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ।

খ) ৰাজ্য চৰকাৰৰ অধীনত নিয়মীয়া পদ পূৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিবলৈ আমি অনুৰোধ জনালো৷ সাক্ষাৎকাৰৰ সময়ত এইসকল কৰ্মচাৰীক অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত নম্বৰ নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনালো…

৬। জীৱন বীমা, স্বাস্থ্যবীমা অথবা আৰ্থিক সাহাৰ্য্য  প্ৰদান কৰিবলৈ অনুৰোধঃ মহাশয় আপোনাক জনাবলৈ পায় দুঃখিত যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মৰত স্বাস্থ্যকৰ্মী এজনে যদি কোনো জটিল ৰোগত আক্ৰান্ত হয় তেন্তে টকাৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্ছিত হ’ৱ লগা হয় ৷ গতিকে এইক্ষেত্ৰত আৰ্থিক সাহাৰ্য্য অথবা স্বাস্থ্য বীমাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।        

৭। বাৰ্ষিক দৰমহা বৃদ্ধি (Annual Increment) অথবা অভিজ্ঞতাৰ ভাট্টা (Exp Bonus) প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰে বিভিন্ন শ্ৰেণীৰ কৰ্মীসকলৰ মাজতে বৈষম্য সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদনঃ মহাশয় আমি আপোনাক অতি বিনয়ৰে জনাব বিচাৰিছোঁ যে যিসকল কৰ্মচাৰীয়ে সঁচাকৈ কামত ফাকি দিয়ে বা কাম নকৰে তেখেতসকলক উপযুক্ত শাস্তি প্ৰদান কৰা হওঁক, এইক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই ৷ কিন্তু মহাশয় যোৱা দুই তিনিবছৰলৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে অতি আন্তৰিকতাৰে কাম কৰি যোৱাৰ পাছতো কেইটামান শ্ৰেণীৰ কৰ্মচাৰীক কোনো অজ্ঞাত কাৰণত Annual Increment & Exp Bonus আদিৰ পৰা বঞ্ছিত কৰা হ’ল ৷ যাৰ ফলত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM,Assam) অসমৰ কৰ্মচাৰীসকলৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সেয়ে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আমি আপোনাক অনুৰোধ জনাইছোঁ ৷            

মহাশয়, অৱশেষত পুনৰ কওঁ যে আপোনাৰ সুদক্ষ নেতৃত্বত অসমৰ স্বাস্থ্যসেৱাৰ মান উন্নীত কৰাৰ কামত আমি নিয়োজিত হ’ৱলৈ পায় সঁচাকৈয়ে আমি অতি সুখী৷ লগতে আশা কৰিছোঁ আমাৰ সমস্যাসমূহ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ আপুনি আমাক উৎসাহ যোগাব৷ ধন্যবাদ৷                                                                                                      

ইতি,

আপোনাৰ বিশ্বাসী,

(ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সমূহ স্বাস্থ্য কৰ্মীৰ হৈ)  

সঞ্জয় কুমাৰ দাস

সামূহিক স্বাস্থ্য বিষয়া, বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , দক্ষিণ কামৰূপ, অসম৷