ৰায়গাড়াঃ এপ্ৰিল মাহত মোদীৰ উৰিষ্যা ভ্ৰমণৰ প্ৰতিবাদত শুকুৰবাৰে পুৱাৰ ভাগত মাওবাদীয়ে ৰেলৱে ষ্টেশ্যনত বিস্ফোৰণ ঘটায়। ৰায়গাড়া জিলাৰ দৈকালো ৰেলৱে ষ্টেশ্যনত ১৫-২০ জনীয়া এটা দলে সদলবলে প্ৰৱেশ কৰি ষ্টেশ্যন মাষ্টাৰ এচ কে পাৰিদা আৰু মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া জে পি মিশ্ৰাৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰে।

তাৰ পিছতে ষ্টেশ্যনত দুটাকৈ বোমা বিস্ফোৰণ ঘটায়। বিস্ফোৰণৰ পিছতে সন্দেহযুক্ত মাওবাদীৰ দলটোৱে মোদীৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰতিবাদ কৰি হাতেলিখা প’ষ্টাৰ আঁৰি থৈ যায়।

আক্ৰমণকাৰী দলটোৱে ষ্টেশ্যন মাষ্টৰৰ ৱাকি-টকি কাঢ়ি লৈ যায় আৰু বলপূৰ্বকভাৱে এখন মালবাহী গাড়ী ৰখায় দিয়ে। ৰায়গাড়াৰ আৰক্ষী অধীক্ষক কে শিবা সুব্ৰমণি ঘটনাস্থলীত ততাতয়াকৈ উপস্থিত হয় যদিও তাৰ আগেয়ে দলটো তাৰপৰা উধাও হয়। সম্প্ৰতি ১৩ খনকৈ ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰা হৈছে।