ডিজিটেল ডেস্কঃ পাক সেনাই বাৰম্বাৰ যুদ্ধবিৰতি ভংগ কৰি অমানৱীয়তাৰ পৰিচয় দি অহাৰ সময়তে এইবাৰ চুবুৰীয়া দেশখনৰ সেনাবাহিনীৰ নৃশংসতাৰ আন এক জঘন্য কাণ্ড পোহৰলৈ অহা বুলি জানিবপৰা গৈছে৷ 

ঘটনাৰ বিৱৰণি মতে সীমান্তৱৰ্তী ৰাজ্য জম্মু-কাশ্মীৰৰ পুঞ্চৰ কৃষ্ণা ঘাটী চেক্টৰত সোমবাৰে পাক সেনাই যুদ্ধবিৰতি ঘোষণা কৰি অতৰ্কিতে কৰা গুলিচালনাত দুজন ভাৰতীয় জোৱান নিহত হয়৷ কিন্তু ইমানতে ক্ষান্ত নাথাকিল পাক সেনা৷ 

পাক সেনাৰ বৰ্ডাৰ এক্সন ফ’ৰ্ছ চমুকৈ বেটে জোৱানকেইজনৰ নিথৰ দেহৰ ওপৰতো পাশৱিক মনোবৃত্তিৰে অত্যাচাৰ চলায়৷ বিএছএফ আৰু আৰ্মিৰ ছহীদ জোৱান দুজনৰ মৃতদেহ কাটি টুকুৰা-টুকুৰ কৰি পাশৱিক আনন্দ লাভ কৰে পাক সেনাই৷ সোমবাৰে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হোৱা বুলি ভাৰতীয় সেনাৰ নৰ্দান কমাণ্ডাৰ প্ৰকাশ কৰিছে এই তথ্য৷   

উল্লেখ্য যে দেওবাৰে পাক আৰ্মী চিফ জেনেৰেল কমৰ জাবেদ ৱাজবাই নিয়ন্ত্ৰণ ৰেখা পৰিদৰ্শন কৰিছিল৷ উক্ত পৰিদৰ্শনৰ সময়ত তেঁও কৈছিল যে পাকিস্তানে কাশ্মীৰিসকলে আত্মনিৰ্ণয় অধিকাৰৰ বাবে কৰা ৰাজনৈতিক সংঘৰ্ষক সমৰ্থন জনাই থাকিব৷ 

আনহাতে আজি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত কাশ্মীৰৰ সমস্যাৰ বাবে এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে৷