ডিজিটেল ডেস্কঃ ৰোজাৰ সময়ত পানী খোৱাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰই গুৰুলা-গুৰুলকৈ পিটিলে পাকিস্তানী সাংবাদিকক। দেশখনৰ ইছলামাবাদত সংঘটিত হল এই ঘটনা।

দেশখনৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পুত্ৰ হুছেইন নৱাজ শেহতীয়াকৈ অভিযুক্ত হৈছে পানামাগেইট কেলেংকাৰীত।

এই অনিয়মত অভিযুক্তজনৰ হৈ ওকালতি কৰা অধিবক্তাজনৰে সাক্ষাতকাৰৰ বাবে ঠিকনা বিচাৰি ইছলামাবাদৰ হাক্কানি মাদ্ৰাছাৰ সমীপত ডিন টিভি নামৰ চেনেলটোৰ এদল সাংবাদিক ডি এছ এন জি ভেনসহ উপস্থিত হৈছিল।

সেইসময়ত গৰমত ৰব নোৱাৰি এজন সাংবাদিকে বটলৰ পৰা মূৰত পানী ঢালে। সেই দৃশ্য প্ৰত্যক্ষ কৰি হুলস্থুল কৰে মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে।

ৰমজানত পানী খোৱা বুলি অভিযোগ কৰি তেওঁলোকে সাংবাদিকসকলক আক্ৰমণ কৰে। প্ৰচণ্ড প্ৰহাৰত কেউজন সাংবাদিকৰে দাঁত-মুখ ভঙা বুলি প্ৰকাশ পাইছে। শিলাবৰ্ষণত বিধ্বস্ত হয় ডি এছ এন জি ভেনো।

•Courtesy: Hindustan Times, Zee News, NDTV, Times of India, India Today, The Dawn