ডিজিটেল ডেস্কঃ মূষলধাৰ বৰষুণ আৰু বানপানীৰ ফলত পাকিস্তানৰ বিভিন্ন অঞ্চলত মৃত্যু হৈছে প্ৰায় ৭০ গৰাকী লোকৰ৷ বুধবাৰৰ পৰা আৰম্ভ হৈছে এই বৰষুণ৷ 

কিন্তু দেশখনৰ বানপানীৰ বাবে পাকিস্তান চৰকাৰে জগৰীয়া কৰিছে ভাৰতক৷ সিন্ধু জলচুক্তি ভাৰতে মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰিছে দেশখনৰ প্ৰশাসনে৷ 

১৯৯৯ চনৰ পৰা পানী এৰাৰ কোনো তথ্য ভাৰতে প্ৰকাশ কৰা নাই বুলি দাবী কৰিছে পাকিস্তানে৷ শতদ্ৰু নদীৰ পানী বৃদ্ধি হ’লে সেই পানী এৰি দিয়ে ভাৰতে৷ 

কিন্তু সেই পানী ক’ত, কেনেকৈ আৰু কিমান পৰিমাণৰ এৰে, সেই সম্পৰ্কে ইছলামাবাদক অৱগত নাই কৰা বুলি অভিযোগ পাকিস্তানৰ৷ 

'এফালে পাকিস্তানত মূষলধাৰ বৰষুন, আনফালে ভুতৰ ওপৰত দানহ পৰাদি পানী এৰি দিছে ভাৰতে’- এইবুলি দেশখনৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে৷