newsnextone.com | ডিজিটেল ডেস্কঃ এটি সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোৰ হত্যাকাণ্ডৰ এগৰাকী অভিযুক্ত লাহোৰৰ কোটলাখ পট জেলৰ পৰা নিৰুদ্দেশ হয়৷ ৰফকত হুছেইন নামৰ অভিযুক্তগৰাকীক আদালতে মুকলি দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ পিছতোঁ মুকিল কৰি দিয়া নাছিল৷ ৰফকত হুছেইন লাহোৰৰ কোটলাখপট জেলৰ পৰা নিৰুদ্দেশ হয়৷

ৰফকত হুছেইনৰ পিতৃয়ে লাহোৰ উচ্চ ন্যায়ালয়ত এখন আবেদন জনাই তেওঁৰ পুত্ৰ জেলৰ পৰা নিৰুদ্দেশ হোৱা বুলি দাবী কৰে৷ তেওঁৰ পুত্ৰক গোচৰৰ পৰা ৰেহাই দিয়াৰ পিছতোঁ জিম্মাত ৰখা হৈছিল৷ ইতিমধ্যে লাহোৰ উচ্চ ন্যায়ালয় আবেদন গ্ৰহণ কৰি আৰক্ষীক ১৬ জুলাইৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷

বেনজিৰ ভূট্টোৰ হত্যাৰ ১০ বছৰৰ পিছত গোচৰৰ ৫ অভিযুক্তক ৰেহাই দিয়া হৈছিল৷ ৰফকত হুছেইন, হোছেইন গোল, শ্বেৰ জামান, এজাজ শ্বাহ আৰু খুৰম ছহজাদৰ সম্বন্ধ তহৰিক-ই-তালিবনৰ সৈতে থকা বুলি কোৱা হৈছিল৷ ইয়াৰে আৰক্ষী জোৱান খুৰম শ্বাহজাদ আৰু ছৈঈদ আজিজক বেনজিৰ ভূট্টোৰ সুৰক্ষা ব্যৱস্থাত গাফিলতি কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল৷
 
প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মোশ্বাৰফে এই হত্যাকাণ্ডত তহৰিক-ই-তালিবনৰ মুৰব্বী বৈতুল্লা মাছুদৰ হাত থকা বুলি কৈছিল৷ বৈতুল্লাৰ আমেৰিকাৰ ড্ৰোন আক্ৰমণত মৃত্যু হয়৷ কিন্তু বেনজিৰৰ দলৰ লোকে এই তথ্যক ভুল বুলি কৈছিল আৰু হত্যাৰ গোচৰক ভুল পথলৈ নিবলৈ মোশ্বাৰফে এই মন্তব্য দিয়া বুলি কৈছিল৷