ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিখন উচ্চ শিক্ষানুষ্ঠানৰ ৱেৱচাইট হেক কৰিলে পাকিস্তানৰ হেকাৰে৷ মঙলবাৰে দিনতেই পাকিস্তানৰ কেইবাটাও ৱেৱচাইট হেক কৰাৰ পিছতেই সন্ধিয়ালৈ ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৱেৱচাইট হেক কৰাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰে৷

আইআইটি দিল্লী, আলীগড় মুছলিম ইউনিভাৰ্ছিটি আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ৱেৱছাইট হেক কৰে হেকাৰে৷ ৱেৱছাইটকেইটাৰ ভিছিটৰে জনোৱা অনুসৰি আবেলি প্ৰায় ৩.৩০ মানত সংঘটিত হয় এই কাৰ্য৷

ভাৰতীয় সৈনিকে কাশ্মীৰত বহু নিৰ্বোধ লোকক হত্যা কৰিছে বুলি উল্লেখ কৰা হয় ৱেৱছাইটকেইটাত৷ তদুপৰি কাশ্মীৰ পাকিস্তানৰ হ’ব বুলিয়ো সকিয়নি দিয়ে হেকাৰে৷ ভাৰতীয় সৈনিকক ধৰ্ষণকাৰী আৰু হত্যাকাৰী আখ্যা দিয়া হয় আইআইটি দিল্লীৰ ৱেবছাইটত৷

তদুপৰি পাৰিস্তান জিন্দাবাদ, কাশ্মীৰ পাকিস্তানৰ বুলিও কোৱা হয় ৱেবছাইটত৷ পাকিস্তানৰ ৰেল’ৱে বিভাগৰ ৱেৱছাইট হেকৰ প্ৰত্যুতৰ আৰু কাশ্মীৰত ভাৰতীয় সৈনিকৰ দ্বাৰা নিহত লোকসকলৰ সংহতিৰ বাবেই এই কাৰ্য সংঘটিত কৰিছে বুলি উল্লেখ কৰিছে হেকাৰে৷