ডিজিটেল ডেস্কঃ লালকিল্লাক নিজৰ সম্পত্তি বুলি বিদেশত বাহ বাহ ল’লে পাকিস্তানে। বেইজিঙৰ এক অনুষ্ঠানত লালকিল্লাক পাকিস্তানৰ বুলি প্ৰদৰ্শন কৰিলে চুবুৰীয়া দেশখনে৷

ভাৰত, চীন, ৰাছিয়া, কাজাকাস্থান, উজবেকিস্থান, কিৰগিস্থান আৰু তাজাকিস্থানৰ প্ৰতিনিধিৰ সমুখত এনেদৰে গোকাট মিছা মাতিলে পাকিস্তানে। 

মুলতঃ দেশসমুহৰ বুৰঞ্জী আৰু সংস্কৃতিৰ ওপৰত আলোচনা হৈছিল উক্ত অনুষ্ঠানত৷ তাতেই পাকিস্থানে লালকিল্লাৰ ফটোখন লাহোৰৰ শালমাৰা গাৰ্ডেনৰ বুলি উল্লেখ কৰে৷ 

অৱেশ্যে উক্ত ছবিখনত লালকিল্লাৰ ওপৰত ভাৰতৰ জাতীয় পতাকাখন জিলিকি আছিল৷ কেৱল ছবি প্ৰদৰ্শন কৰিয়েই ক্ষান্ত নাথাকিল দেশখন৷ সেয়া পাকিস্তানৰ উজ্জল ইতিহাসক স্মাৰক বুলি ভাষণত কয় দেশখনৰ প্ৰতিনিধিজনে৷