গোৱাঃ মনোহৰৰ পাৰিকৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে গোৱা বিধানসভাই। ২২ জন বিধায়কেৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে পাৰিকৰে। বিজেপি দলৰ ১৩ জন, এমজিপিৰ ৩ জন, গোৱা ফৰৱাৰ্ডৰ ৩ জন আৰু দুজন স্বাধীন বিধায়কে সন্মতি দিয়ে। ইফালে কংগ্ৰেছৰ বিশ্বজিত ৰাণে ভোটিঙৰপৰা বিৰত থকা বাবে কংগ্ৰেছ দলে ১৭ জন বিধায়কৰ সংখ্যাই দেখুৱাব নোৱাৰিলে। 

'কংগ্ৰেছৰ প্ৰতি এয়া বিদ্ৰোহৰ প্ৰথম লক্ষণ’- বিশ্বজিতৰ মন্তব্য। কংগ্ৰেছৰ নেতৃত্বৰ ফলতে এনে কৰিবলগা হোৱা বুলি বিধায়কজনে মন্তব্য কৰে।