২২ বছৰ পিছত পুনৰ সজীৱ হ’ল ভাৰতীয় সংসদ ভৱনত সংঘটিত সেই ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ৩০ মিনিটৰ ভয়াৱহতা! সংসদ ভৱনত ২০০১ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ শোক প্ৰকাশৰ সময়তে বুধবাৰে ভাৰতৰ নতুন সংসদ ভৱনত সংঘটিত হ’ল নিৰাপত্তাৰ এক বৃহত্ ক্ৰুটিৰ ঘটনা। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে দুই যুৱকে সংসদ ভৱনৰ দৰ্শকৰ গেলাৰীৰ পৰা জঁপিয়াই স্মোক বোমাৰে সৃষ্টি কৰিলে আতংকৰ।  বুধবাৰৰ এই ঘটনাৰ পিছতে এতিয়া পুনৰ এবাৰ মানুহে স্মৰণ কৰিছে ২০০১ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৩ ডিচেম্বৰৰ দিনটোতে সংঘটিত সেই লোমহৰ্ষক সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াৱহ স্মৃতি।

বুধবাৰে লোকসভাত সংসদীয় কাৰ্যসূচীৰ সময়তে প্ৰথম এজন ব্যক্তিয়ে দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই আতংকৰ সৃষ্টি কৰে। তাৰ পিছত আন এজন যুৱকেও একেদৰে জঁপিয়াই নামি অধ্যক্ষৰ আসনৰ ফালে আগবাঢ়ি যায়। এই ঘটনাৰ ভিডিঅ’টোত দেখা গৈছে যে এই ব্যক্তিজনে সাংসদৰ বেঞ্চৰ ওপৰেৰে জপিয়াই অধ্যক্ষৰ চকীখনৰ ফালে আগবাঢ়ি যায়। তাৰ পিছতে সদনত উপস্থিত সাংসদসকলে ব্যক্তিজনক আটক কৰিবলৈ চেষ্টা কৰিছে।        

সংসদত সংঘটিত এই ঘটনাৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নতুন সংসদ ভৱনৰ নিৰাপত্তা বিষয়ক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। প্ৰকাশিত বাতৰি অনুসৰি, এগৰাকী বিজেপি সাংসদৰ ৰেফাৰেঞ্চত সংসদৰ ভিতৰত প্ৰৱেশ কৰিছিল অভিযুক্ত এজন ব্যক্তিয়ে। নিৰাপত্তাৰ বেহু ভেদি কিদৰে এনেদৰে এজন ব্যক্তিয়ে সদনৰ ভিতৰলৈ স্মোক বোমা কঢ়িয়াই আনিব পাৰিলে, তাক লৈও অনেকে এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে।

সংসদ ভৱনৰ নিৰাপত্তাত গাফিলতি বিষয়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, "জিৰ' আৱাৰত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত লোকসভাই নিজৰ পৰ্যায়ত এক সম্যক তদন্ত চলাই আছে। দিল্লী আৰক্ষীকো প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে। প্ৰাথমিক তদন্ত চলি আছে।" তেওঁৰ মতে, সেয়া কেৱল সাধাৰণ ধোঁৱা আছিল, গতিকে এই ধোঁৱা চিন্তাৰ বিষয় নহয়...।

কি এই স্মোক বোমা?

দৰাচলতে স্মোক বোমা হৈছে একপ্ৰকাৰ ফটকা, যাৰ দ্বাৰা বহু পৰিমাণৰ ধোঁৱা উৎপন্ন হয়। দীপাৱলী আৰু বিবাহ অনুষ্ঠান বা আনন্দ উত্সৱৰ সময়ত প্ৰায়ে ব্যৱহাৰ কৰা হয় এনে ধৰণৰ ফটকা। শেহতীয়াকৈ ভাৰতত এই স্মোক বোমা কিছুদিনৰ পৰা যথেষ্ট চৰ্চিত হৈ অহা দেখা গৈছে। শেহতীয়াকৈ দেশবাসীয়ে উদযাপন কৰা দীপাৱলীৰ সময়তো স্মোক বোমাৰ বহুল ব্যৱহাৰ হৈছিল। এনে পৰিপ্ৰেক্ষিততে আজি সংসদত এই ধৰণৰ ফটকা প্ৰদৰ্শন হিচাপে ব্যৱহাৰ কৰা হোৱা বুলি দাবী কৰিছে অনেকে।

মূলতঃ জাপানৰ ইতিহাসৰ পৰা বিশ্বজুৰি পৰিচিত হৈ পৰা স্মোক বোমা আধুনিক যুগত ১৮৪৮ চনত আৱিস্কাৰ কৰিছিল ব্ৰিটিছ উদ্ভাৱক ৰবাৰ্ট ইয়েলে। চীনা পদ্ধতি ব্যৱহাৰেৰে নিৰ্মিত এই স্মোক বোমাত সময়ৰ লগে লগে এনে কিছু সামগ্ৰীও যোগ কৰা হয়, যাৰ দ্বাৰা ধোঁৱা বেছি সময় টিকি থাকে। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ স্মোক বোমা দেখা যায় যিয়ে ৰঙীন ধোঁৱা নিৰ্গত কৰে। বুধবাৰে সংসদত সংঘটিত হোৱা স্মোক বোমা আক্ৰমণত হালধীয়া আৰু ৰঙা ধোঁৱা নিৰ্গত হোৱা দখা গৈছিল। 

সংসদত স্মোক বোমা বিস্ফোৰণৰ আঁৰত কোন কোন?

বুধবাৰে লোকসভাত নিৰাপত্তা উলংঘা কৰি স্মোক বোমা বিস্ফোৰণৰ গোচৰত মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সংসদৰ ভিতৰৰ পৰাই নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোৰঞ্জন আৰু সাগৰক। ইয়াৰ উপৰিও সংসদৰ বাহিৰত আন দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অভিযুক্তক জেৰা কৰাৰ পিছত তদন্তকাৰী সংস্থাই জানিব পাৰিলে যে এই ষড়যন্ত্ৰত মুঠ ৬ জন লোক জড়িত হৈ আছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ জেৰাৰ সময়ত ৬জন লোক এই ষড়যন্ত্ৰত জড়িত থকাৰ কথা পোহৰলৈ আহিছে। বাকী ২ জন লোক তদন্তকাৰী সংস্থাৰ নীৰিক্ষণত আছে। দুয়োৰে জেৰা চলি আছে। 

উল্লেখ্য যে, এগৰাকী বিজেপি সাংসদৰ ৰেফাৰেন্সতে সংসদৰ ভিতৰত প্ৰৱেশ কৰিছিল স্মোক বোমা বিস্ফোৰণৰ এজন অভিযুক্ত যুৱক। কৰ্ণাটকৰ মহীশূৰৰ বিজেপি সাংসদ  প্ৰতাপ সিনহাৰ চিনাকিৰূপে সংসদত প্ৰৱেশ কৰা অভিযুক্তই সংসদ ভৱনৰ চাৰিটা তৰপৰ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি জোতাৰ ভিতৰত লৈ আহিছিল স্মোক বোমা। লাভ কৰা তথ্য অনুসৰি বিগত তিনিমাহ ধৰি সাংসদ প্ৰতাপ সিনহাৰ কার্যালয়ৰ সংস্পর্শত থকা অভিযুক্ত মনোৰঞ্জনে বাৰে বাৰে সংসদ ভ্রমণ কৰিবলৈ পাছ বিচাৰি অনুৰোধ কৰিছিল৷

ইফালে সংসদত এই স্মোক বোমা বিস্ফোৰণৰ পিছত আন দুজন অভিযুক্তই কেনেকৈ নিৰাপত্তা পৰীক্ষাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল সেয়া স্পষ্ট হোৱা নাই। নতুন দিল্লী আৰক্ষীয়ে এতিয়াও এই সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই। কিছু সময় স্থগিত ৰখাৰ পিছত সংসদ পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই সাংসদসকলক কয় যে এই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়টো পাতল কৰি অধ্যক্ষ বিৰলাই কয়, “সম্পূৰ্ণ তদন্ত চলাই থকা হৈছে আৰু দিল্লী আৰক্ষীকো প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে। একো চিন্তা কৰিবলগীয়া নাই। ধোঁৱা মানুহৰ স্বাস্থ্যৰ বাবে বিপদজনক নহয়।“

চাৰি অভিযুক্ত কোন আৰু কি কৰে?

উল্লেখ্য যে, সদনৰ ভিতৰত স্মোক বোমা বিস্ফোৰণ সংঘটিত কৰা অভিযুক্ত সাগৰ লক্ষ্ণৌৰ বাসিন্দা আৰু ই-ৰিক্সা চলোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে সদনত দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই পৰা দ্বিতীয়জন ব্যক্তি পেছাত অভিযন্তা বুলি সদৰী কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, কৰ্ণাটকৰ বেংগালুৰু নিবাসী মনোৰঞ্জন আৰু সাগৰৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল ফেচবুকৰ জৰিয়তে। ইফালে এই দুই যুৱকৰ লগতে আৰক্ষীয়ে সংসদ ভৱনৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰে হাৰিয়ানাৰ হিছাৰ নিবাসী নীলম আৰু মহাৰাষ্ট্ৰৰ লাটুৰৰ নিবাসী আমোল নামৰ আন দুজনকো। দুয়োজনে সংসদ ভৱনৰ বাহিৰত ৰঙীন ধোঁৱা বিয়পাই বিক্ষোভৰ চেষ্টা চলাইছিল।

সংসদ ভৱনৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰা হাৰিয়ানাৰ যুৱতী নীলমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, তেওঁলোক কোনো সংগঠনৰ সৈতে জড়িত নহয়। যুৱতীগৰাকীয়ে কয়, “ভাৰত চৰকাৰে আমাৰ দৰে যুৱক-যুৱতীসকলৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে। আমাৰ মতামত প্ৰকাশ কৰাৰ আন কোনো উপায় নাই। আমি কোনো সংগঠনৰ নহয়, আমি দেশৰ নিবনুৱা। যেতিয়াই আমি মাত মাতিম তেতিয়াই জেলৰ ভিতৰত আমাৰ ওপৰত লাঠিচাৰ্জ আৰু অত্যাচাৰ কৰা হয়।“

কি হৈছিল লোকসভাৰ বাহিৰে-ভিতৰে?

সংসদৰ ভিতৰত সংঘটিত ঘটনাৰ পিছতে বিয়লি সংসদ ভৱনৰ বাহিৰত ৰঙীন ধোঁৱা নিৰ্গত কৰা এজন পুৰুষ আৰু এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। বাহিৰত শ্লোগান দি থকা দুয়োগৰাকীকে গ্ৰেপ্তাৰৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ভিডিঅ’ত নীলা ৰঙৰ পোছাক পৰিহিতা এগৰাকী মহিলা আৰক্ষীয়ে এগৰাকী মহিলাক ধৰি লৈ যোৱা দেখা গৈছে। ইয়াৰ মাজতে ধৃত মহিলাগৰাকীয়ে শ্লোগান দিয়াও শুনা যায়। ভিডিঅ’টোত মহিলাগৰাকীয়ে “ভাৰত মাতা কি জয়, একনায়কত্ববাদ বন্ধ কৰক, জয় ভীম-জয় ভাৰত, সংবিধান বচাওক, মহিলাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক" আদি শ্লোগান দিয়া শুনা যায়।

লোকসভাৰ কার্যক্ৰমৰ সময়ত দৰ্শক গেলেৰীৰ পৰা সদনত জপিয়াই পৰা ব্যক্তিজনক কৰায়ত্ত কংগ্ৰেছৰ সাংসদ গুৰজিৎ ​​সিং আউজলা আৰু বিএছপিৰ সাংসদ মালুক নগৰে এই সন্দৰ্ভত বিতংভাৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সংবাদ সংস্থা এএনআইক গুৰজিৎ সিং আউজলাই কয়, "যেতিয়া তেওঁলোকে ওপৰৰ পৰা জপিয়াইছিল, আমি সন্মুখত বহি আছিলো। শূন্য ঘন্টাৰ শেষ সময় আছিল। হুলস্থুল হোৱা দেখি আমি সন্ত্ৰষ্ট হৈ পৰোঁ। এজন মানুহ প্ৰথমে জপিয়াই নামি আহি, তাৰ পিছত আনজনেও জাপ দিয়ে। প্ৰথমে জপিয়াই পৰাজনে স্পীকাৰৰ ফালে আগবাঢ়িছিল।"

"তেওঁ জোতা খুলিবলৈ ধৰিলে। জোতাযোৰত কিবা এটা আছিল। বেনিৱাল জী লোকজনৰ ওচৰতে আছিল, তেওঁ মানুহজনক থাপ মাৰি ধৰে। তেওঁৰ লগত বোমাৰ দৰে কিবা আছিল, যাৰ পৰা ধোঁৱা ওলাই আছিল।" -ঘটনাৰ বৰ্ণনা দি গুৰজিৎ সিঙে কয়।

বহুজন সমাজ পাৰ্টিৰ সাংসদ মালুক নগৰে কয়, ‘আমাৰ শূন্য ঘণ্টাৰ কাৰ্য্যবিধি চলি আছিল। সিফালৰ পৰা এটা হুলস্থুলীয়া শব্দ শুনি আমি ভাবিছিলো কোনোবা দৰ্শক গেলেৰীৰ পৰা পৰি গৈছে। কিন্তু ঠিক তেতিয়াই আমি দেখিলোঁ যে ওপৰৰ পৰা আন কোনোবাই জপিয়াই পৰিছে। দ্বিতীয়জনে জপিয়াই পৰাৰ লগে লগে স্পষ্ট হৈ পৰিল যে কিবা এটা ঘটনা ঘটিবলৈ গৈ আছে। লগে লগে হনুমান বেনিৱাল আৰু আন সাংসদসকল সন্ত্ৰষ্ট হৈ পৰে আৰু লোকজনক কৰায়ত্ব কৰিবলৈ চেষ্টা চলায়। লোকজনে জোতা খোলাত প্ৰথমে আমি শংকিত হৈ পৰিলো। কিন্তু সকলো শক্তিৰে তেওঁক আমি গবা মাৰি ধৰিলো যাতে তেওঁ কোনো ধৰণৰ অস্ত্ৰ উলিয়াব নোৱাৰে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষী আহে।"

কি ক’লে দিল্লী আৰক্ষীয়ে?

বুধবাৰে দিল্লী আৰক্ষীয়ে সংসদ ভৱন কমপ্লেক্সৰ বাহিৰত ৰঙীন ধোঁৱা উৰুওৱা নীলম আৰু তেওঁৰ সংগী মহিলাগৰাকীৰ সৈতে জড়িত তথ্য প্ৰকাশ কৰে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি দিল্লী আৰক্ষীয়ে পৰিবহণ ভৱনৰ বাহিৰত এগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি দুজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, এইসকল লোকে ৰঙীন ধোঁৱা নিৰ্গত সামগ্ৰীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই কয়, "প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই দুজন লোক নীলম আৰু আমোলে সংসদ ভৱন কমপ্লেক্সৰ ভিতৰত মোবাইল ফোন লৈ যোৱা নাছিল। তেওঁলোকৰ হাতত কোনো ধৰণৰ বেগ বা পৰিচয় পত্ৰ নাছিল। তেওঁলোকে নিজেই সংসদত উপনীত হোৱা বুলি দাবী কৰিছিল। কিন্তু তেওঁলোক কোনো সংগঠনৰ সৈতে জড়িত হোৱাৰ কথা অস্বীকাৰ কৰিছে।" এই বিষয়ৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে।

দৰ্শক গেলেৰীৰ পৰা লোকসভাৰ মজিয়ালৈ জপিয়াই পৰা এজন ব্যক্তিৰ নাম মনোৰঞ্জন। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মনোৰঞ্জনৰ পিতৃ দেৱৰাজু গৌড়াই মহীশূৰত পুত্ৰৰ এই ‘কাৰ্য্য’ক ‘তীব্ৰ নিন্দা’ৰ যোগ্য বুলি অভিহিত কৰিছে। দেৱৰাজু গৌড়াই সাংবাদিকৰ আগত কয় যে তেওঁ কৃষক পৰিয়ালৰ পৰা আহিছে আৰু তেওঁৰ পুত্ৰই অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছে। তেওঁ কয় যে মনোৰঞ্জনে হাছান জিলাত অৱস্থিত তেওঁলোকৰ গাঁৱত নিজৰ মাটিত খেতি কৰিছিল।

অভিযুক্তৰ পিতৃয়ে কয়, "সংসদ ভৱন আমাৰ। এইটো সংসদ ভৱন। যিয়ে এনে কাম কৰিছে তেওঁ তীব্ৰ নিন্দাৰ যোগ্য। সংসদৰ বাহিৰত প্ৰতিবাদ কৰিব পাৰে কিন্তু এনে কাৰ্য্য সংঘটিত কৰা কোনোপধ্যেই উচিত নহয়।" দেৱৰাজু গৌড়াই কয়, "আমি প্ৰতাপ সিনহাৰ সমষ্টিত বাস কৰোঁ। মনোৰঞ্জন এজন ভাল ল'ৰা। আমি তেওঁক ভাল প্ৰশিক্ষণ দিছো। আমি তেওঁক মূল্যবোধ দিছো। আজি তেওঁ কি কৰিলে, কিয় কৰিলে, মই নাজানো।" 

পুত্ৰৰ বিষয়ে অধিক  অৱগত কৰি পিতৃ দেৱৰাজু গৌড়াই কয়, "মনোৰঞ্জনে স্বামী বিবেকানন্দৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছে। সি কেৱল সমাজৰ বাবে, অভাৱগ্ৰস্তৰ বাবে ভাল কাম কৰিব বিচাৰিছিল। আমাৰ ওচৰ-চুবুৰীয়াৰ যিকোনো ব্যক্তিক এই কথা সুধিব পাৰে। তাৰ বিষয়ে কোনেও এটা শব্দও বেয়া কথা নক'ব।" পিতৃয়ে জানিবলৈ দিয়া মতে, ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পন্ন কৰিলেও মনোৰঞ্জনে কাৰো অধীনত কাম কৰিব বিচৰা নাছিল। তেওঁ নিজৰ গাঁওতেই কুকুৰা, ভেঁড়া আৰু মীন পালন কৰিছিল।

পিতৃয়ে প্ৰকাশ কৰা মতে, মনোৰঞ্জনে দিল্লীলৈ গৈছিল যদিও তাত কি কৰিছিল সেই বিষয়ে পৰিয়ালক একো জনোৱা নাছিল। ইফালে এই ঘটনাৰ পিছত মনোৰঞ্জনৰ বিষয়ে জানিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱা সাংবাদিকক পুত্ৰই অধ্যয়ন কৰা কিতাপবোৰ উলিয়াই দেখুৱায় পিতৃ দেৱৰাজু গৌড়াই।

সংসদৰ বাহিৰত গ্ৰেপ্তাৰ হোৱা নীলমৰ মাতৃয়ে কি ক’লে?

নীলমৰ মাতৃয়ে কয় যে তেওঁৰ কন্যাই চাকৰিটোক লৈ চিন্তিত হৈ পৰিছিল। বুধবাৰে ভাৰতীয় সংসদ ভৱনৰ বাহিৰত ৰঙীন ধোঁৱা নিৰ্গত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা নীলমক নিৰাপত্তা সংস্থাই জেৰা অব্যাহত ৰাখিছে।

হাৰিয়ানাৰ জিন্দত ঘৰ নীলমৰ। নীলমৰ মাতৃ আৰু কনিষ্ঠ ভাতৃয়ে কয় যে নীলম দিল্লীলৈ যোৱাৰ বিষয়ে তেওঁলোকে একেবাৰে গমকে পোৱা নাছিল। নীলমৰ মাতৃয়ে সংবাদ সংস্থা এএনআইক জনোৱা মতে, চাকৰি নোপোৱাৰ বাবে কন্যাই বিচলিত হৈ এনে কাণ্ড সংঘটিত কৰিছে। নীলমৰ মাতৃয়ে কয়, "নিবনুৱা সমস্যাৰ বাবে তাই বৰ চিন্তিত আছিল। মই তাইৰ লগত কথা পাতিছিলো কিন্তু তাই মোক দিল্লীৰ বিষয়ে একো কোৱা নাছিল। তাই মোক কৈছিল যে তাই ইমান শিক্ষিত কিন্তু চাকৰি নাই। গতিকে মৰিলেই ভাল।"

নীলমৰ কনিষ্ঠ ভাতৃয়ে কয়, "আমি দাদাৰ পৰা নীলমৰ গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰিছিলো। তেওঁ আমাক ফোন কৰি টিভি অন কৰিবলৈ কৈছিল, আৰু কৈছিল নীলমক হেনো গ্ৰেপ্তাৰ কৰা হৈছে।" তেওঁ কয়, "আমি আনকি গম পোৱা নাছিলো যে তাই দিল্লীলৈ গৈছিল। আমি মাথোঁ জানো যে তাই পঢ়া-শুনাৰ বাবে হিছাৰলৈ গৈছিল। তাই আগদিনা ঘৰলৈ আহি কালি উভতি আহিছিল। তাই বি এ, এম এ, বি এড কৰিছিল। এম এড, চি টি ই টি, এম ফিল আৰু এন ই টিৰ বাবেও তাই যোগ্যতা অৰ্জন কৰিছিল। নীলমে প্ৰায়ে নিবনুৱা সমস্যাটোৰ বিষয়ে কৈ উদ্বেগ প্ৰকাশ কৰিছিল। তাই কৃষক আন্দোলনতও অংশ লৈছিল।"


News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


সংসদৰ নিৰাপত্তাত গাফিলতি! গৃহমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিলে বিৰোধীয়ে

বুধবাৰে সংসদৰ ভিতৰত দুজন ব্যক্তিৰ প্ৰৱেশ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰৰ দাবী জনাইছে লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ইয়াৰ লগতে তেওঁ সমগ্ৰ বিষয়টোক গুৰুতৰ বুলি অভিহিত কৰি পুংখানুপুংখ তদন্তৰ দাবী জনায়। মল্লিকাৰ্জুন খাৰ্গেয়ে ছ’চিয়েল চাইট এক্সত টুইট কৰি কয়, ‘আজি সংসদত যি নিৰাপত্তাৰ বিসংগতি ঘটিল, সেয়া অতি গুৰুতৰ বিষয়। আমি দাবী জনাইছো যে গৃহমন্ত্ৰীগৰাকীয়ে দুয়োটা সদনলৈ আহি এই সন্দৰ্ভত বিবৃতি দিয়ক। প্ৰশ্ন হয়, ইমান ডাঙৰ নিৰাপত্তা ভংগ কৰি দুজন মানুহ কেনেকৈ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল আৰু কেনেকৈ স্মোক বোমা বিস্ফোৰণ সংঘটিত কৰিলে?  আমি আশা কৰিছো যে চৰকাৰে এই কথাটো অতি গুৰুত্বসহকাৰে ল’ব আৰু সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছোঁ। দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে আমি সদায় সাজু।“

ইফালে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে নিৰাপত্তাৰক্ষীৰ গাফিলতিক গৰিহণা দিয়ে৷ অৰবিন্দ কেজৰিৱালে টুইট কৰি কয়, “২০০১ চনৰ সংসদ আক্ৰমণৰ বৰ্ষপূৰ্তিত আজিৰ এই উলংঘা আমাৰ গণতান্ত্ৰিক মূল্যবোধৰ সম্পূৰ্ণ অপমান। সংসদ গণতন্ত্ৰৰ মন্দিৰ। ইয়াৰ নিৰাপত্তাৰ লগত আপোচ কৰিব নোৱাৰি।” আক্ৰমণকাৰী কোন আৰু কেনেকৈ প্ৰৱেশ কৰিলে সেই সম্পৰ্কে তেওঁ প্ৰশ্ন কৰে। সেই আক্ৰমণকাৰীসকলৰ উদ্দেশ্য কি আছিল? সমগ্ৰ বিষয়টো তৎকালীনভাৱে প্ৰকাশ কৰি তদন্ত কৰিব লাগে। গোচৰত ব্যৱস্থা ক্ষীপ্ৰ আৰু কঠোৰ হ’ব লাগে বুলিও দাবী জনায় কেজৰিৱালে।

তদন্তৰ নিৰ্দেশ লোকসভাৰ অধ্যক্ষৰ

আনহাতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, “জিৰ’ আৱাৰৰ সময়ত যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ পুংখানুপুংখ তদন্ত চলি আছে। দিল্লী আৰক্ষীকো প্ৰয়োজনীয় সকলো নিৰ্দেশনা দিয়া হৈছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে সেয়া কেৱল ধোঁৱা আছিল আৰু ধোঁৱাৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।”

সংসদত নিৰাপত্তা ভংগ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয়, ‘সত্যটো হ’ল এই লোকসকলক স্পষ্টভাৱে শাসকীয় দলৰ এজন বহি থকা সাংসদে পৃষ্ঠপোষকতা কৰিছিল। এই লোকসকলে সদনত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল, যাৰ পৰা বুজা যায় যে নিৰাপত্তাৰক্ষীৰ গুৰুতৰ বিসংগতি ঘটিছে। কেৱল এয়াই নহয়, এইসকল লোকে স্মোক বোমা নিক্ষেপ কৰি আমাৰ মাজৰ কিছুমানৰ বাবে অশুভ শ্লোগানও উত্থাপন কৰিছিল। পুৰণি অট্টালিকাটোৰ ব্যৱস্থাৰ তুলনাত নিৰাপত্তাৰ ক্ষেত্ৰত নতুন অট্টালিকাটোৰ ডিজাইন বৰ ভাল নহয়।”

আৰজেডিৰ সাংসদ মনোজ ঝাই কয়, ‘এয়া অতি গুৰুতৰ বিষয়। দুখেৰে ক’ব লাগিব, কি হৈছে, আজি এই অট্টালিকাটো মোৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত সংবেদনশীল যেন লাগিছে। আজি প্ৰধানমন্ত্ৰীৰ পৰা অন্ততঃ এটা বক্তব্য আহিব লাগিছিল।”