ভাৰত চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত বলপূৰ্বক হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচাৰিব৷ এই কথা একপ্ৰকাৰ খাতাং হৈ পৰিছে৷ অসমৰ ৰাইজৰ মতক অগ্ৰাহ্য কৰি কেৱল ভোটৰ স্বাৰ্থত অসমত লাখ লাখ হিন্দু বাংলাদেশী সংস্থাপন কৰিব দিল্লীৰ বিজেপি চৰকাৰে৷ 

কিন্তু অসমৰ ৰাইজ কৰি অহা গণ আন্দোলন এক আধৰুৱা ইতিহাস হৈ ৰৈ যাব৷ আৱাল, বৃদ্ধ বনিতাই ৰাজ পথ উত্তাল কৰা প্ৰতিবাদ এক স্মৃতি হৈ ৰ’ব৷ গণ আন্দোলন নাম মাত্ৰ কাৰ্যপালিকা হৈ ৰ’ব অসমৰ বাবে৷ 

ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়ি থকা অসমীয়া জাতিয়ে এদিন নিজ ভূমিতে সংখ্যালঘুত পৰিণত হ’ব সেয়া খাতাং৷ নিজৰ ভূমি, নিজৰ পৰিচয় হেৰুৱাই এদিন হাহাকাৰ কৰিব লাগিব জাতিটোৱে৷ আজি সমাজ খনৰ দায়িত্ব লৈ থকা নেতৃত্বক দোষীব তেতিয়াৰ প্ৰজন্মই৷ এনেবাৰ কথাই এতিয়া অসমৰ গাঁৱে-ভূঞে চহৰে-নগৰে আলোচনা হ’ব ধৰিছে৷ এয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰে অসমত৷ একাংশ লোকে শাসকীয় দলৰ উগ্ৰ লোকৰ ভয়ত নিজৰ নিজৰ মতামত প্ৰকাশ নকৰে যদিও অসমত হিন্দু নাগৰিক সংস্থাপনৰ বিৰোধীতা কৰা আৰু অসমক ৰক্ষা কৰিব বিচৰা লোকে ভিতৰি ভিতৰি শংকিত হৈ পৰিছে৷ 

এনেবোৰ কথা পুনৰ চৰ্চালৈ আহিছে মঙলবাৰে অৰ্থাৎ ১৭ এপ্ৰিলত দিল্লীত অসমৰ ১৬টা জনগোষ্ঠীয় সংগঠনে দিল্লীত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত শুনানি তথা হিন্দু বাংলাদেশী সংস্থাপন সন্দৰ্ভত মতামত দিবলৈ যোৱাৰ পিছৰে পৰা৷ এনেবোৰা কথাক লৈ এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে৷

কিন্তু অসমৰ ৰাইজ কৰি অহা গণ আন্দোলন এক আধৰুৱা ইতিহাস হৈ ৰৈ যাব৷ আৱাল, বৃদ্ধ বনিতাই ৰাজ পথ উত্তাল কৰা প্ৰতিবাদ এক স্মৃতি হৈ ৰ’ব৷ গণ আন্দোলন নাম মাত্ৰ কাৰ্যপালিকা হৈ ৰ’ব অসমৰ বাবে৷ 

আদিবাসী ছাত্ৰ এছোছিয়েচন, দেউৰী ছাত্ৰ এছোছিয়েচন, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, ৰাভা ছাত্ৰা সন্থা, তিৱা ছাত্ৰ সন্থা, মৰাণ মছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থা, গোৰ্থা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ এছোছিয়েচন, হাজং ছাত্ৰ সন্থা, ভাৰত কাৰ্বি এছোছিয়েচনৰ প্ৰতিনিধিয়ে মঙলবাৰে দিল্লীত সংসদ ভৱনত শুনানিৰ কালত নিজ নিজ সংগঠনৰ মতামত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত প্ৰকাশ কৰে৷

দিনৰ প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত হােৱা শুনানিত অসমৰ জনগোষ্ঠীয় সংগঠন সমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কাৰৰ লগতে হিন্দু নাগৰিকক অসমত সংস্থাপন কৰিব নিদিয়াৰ সপক্ষে মত পোষণ কৰে৷ ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰি আৰু এবছু নেতা প্ৰমোদ বড়োৱে অসমক হিন্দু ৰাজ্য কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰে দিল্লীত৷ সকলো সংগঠনৰ একেই মত বুলি কৈ অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা এনে কাণ্ডক কেতিয়াও সমৰ্থন নকৰাৰ আশ্বাস দিয়ে নেতাসকলে৷ অসম চুক্তিক ৰক্ষা কৰাৰ লগতে ভৱিষ্যতে অসমৰ পৰিস্থিতি ত্ৰিপুৰা সদৃশ হ’ব বুলি কয় জনগোষ্ঠীয় নেতাসকলে৷

যদি অসমত কেইবালাখ বাংলাদেশী সংস্থাপন কৰা হয় তেন্তে অসমে ভাষা, সাংস্কৃতি, ৰাজনৈতিক, অৰ্থনৈতিক সংকটত পৰাৰ লগতে নিজ ঘৰতে অৱহেলিত হ’ব লগা হ’ব৷ নিজৰ হাতত নাথাকিব চৰকাৰ খনো গঠন কৰাৰ ক্ষমতা৷ অসমৰ ৮০ শতাংশ সমষ্টিত বিধায়ক নিৰ্বাচিত কৰাৰ ক্ষমতা থাকিব বাংলাভাষী লোকৰ হাতত৷ ইমান বোৰ হেৰুৱাৰ পিছতো কেৱল ভোটৰ লালসাত অসমৰ শাসকীয় দলে সকলো জলাঞ্জলি দি বাংলাদেশীক অসমত বহুৱাব বিচাৰে৷ লাখ লাথ অনুপ্ৰৱেশকাৰীয়ে অসমত বৰ্তমানেও বাস কৰি আছে যদিও তেওঁলোকক চিনাক্ত কৰি অসমৰ পৰা খেদি পঠিওৱাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে নতুনকৈ বাংলাদেশী আনি অসমত বহুৱাব বিচাৰিছে৷ কেৱল ধৰ্মৰ ভিত্তিত এই লোকসকলক অসমত বহুৱাব বিচাৰি অসমত অসমীয়াৰ প্ৰভাৱ নোহোৱা কৰিব খুজিছে চৰকাৰে৷

দেখা যায় যে, বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে কৈছিল এটা৷ নিৰ্বাচনৰ পাৰ হোৱাৰ পিছত কলে আন এটা৷ বাংলাদেশী খেদাৰ হুংকাৰ দি থলুৱাৰ ভোট লৈ গাদী দখল কৰাৰ পিছত পাভলুটি মাৰি এতিয়া বাংলাদেশী আনিবৰ বাবে উঠিপৰি লাগিছে দলটোৱে৷ এই বিড়ম্বনা অসমীয়াৰ আজিৰ নহয়৷ দেশ স্বাধীন হোৱাৰ পৰাই এই বিড়ম্বনাৰ মাজেৰে জীয়াই আছে অসমীয়া জাতি৷ দিল্লী-দিছপুৰৰ প্ৰতি খন চৰকাৰে স্বাধীনতাৰ পিছৰে পৰা অসমক ৰামঠগন দি আহিছে৷

এইবাৰো জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷ যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৰাইজ৷ আকৌ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷

চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷ বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি বছৰ বছৰ ধৰি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷

তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷ বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷

বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷ আকৌ ৰাজ পথলৈ ওলাই আহিব লগা হৈছে অসমৰ দুৰ্ভগীয়া ৰাইজ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আহিছে অসমীয়াই৷ 

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)