newsnextone.com | তামুলপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া লেতেৰা ৰাজনীতিত ব্যস্ত হৈ পৰিছে৷

তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত কুমাৰীকাটা ভালুকঝাৰ এলেকাত শ-শ পৰিয়ালক শংকিত কৰিছে গৰাখহনীয়াই। তথাপিও প্ৰশাসনৰ খবৰ লবলৈ আহৰি নাই। ভূটানৰ পাহাৰৰ পৰা বৈ অহা কালা নৈৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷  খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন এলেকাত নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ উপক্ৰম হৈছে।

চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পৰা বৈ অহা কালানদীৰ বাঢ়নী পানীয়ে বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত কুমাৰীকাটা ভালুকঝাৰ গাঁৱত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰাৰ কাৰণ হৈছে এটা ক্ৰেছাৰ মিল। নৈৰ মাজত দুবছৰ পূৰ্বে মজনুৰ আলী নামৰ লোকজনে ক্ৰেছাৰ মিল বহুওৱাৰ ফলত তাণ্ডৱ সৃষ্টি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।

ক্ৰেছাৰ মিল স্থাপন কৰাৰ ফলত ভালুকঝাৰ গাঁৱৰ ফালে নৈ খনন কৰাত নৈৰ সোঁত গাঁৱৰ দিশে অহাৰ লগতে গৰাখহনীয়াৰ সৃষ্টি হোৱাত কেইবাটাও পৰিয়ালৰ মাটি- খহনীয়াত জাহ যায়। গাওঁখনৰ কাষেৰে বৈ যোৱা কালা নৈৰ পুৱফালৰ পাৰৰ দিশে খনন কৰাত বাধা দিছিল যদিও গুৰুত্ব প্ৰদান নকৰি খনন কৰাৰ ফলত গৰাখহনীয়াৰ সৃষ্টি হৈছে। ৰাইজে গাঁঠিৰ টকা খৰছ কৰি নৈখনৰ সোঁত সলনি কৰিবৰ চেষ্টা কৰে যদিও ক্ৰেছাৰৰ মালিক মজনুৰ আলীয়ে ৰাইজক বাধা প্ৰদান কৰাত ৰাইজ জাঙুৰ খাই উঠে। 

নৈৰ বুকুত ক্ৰেছাৰ বহুওৱাৰ চৰকাৰে কেনেদৰে অনুমতি প্ৰদান কৰিলে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে। ক্ৰেছাৰ মিলৰ বাবেই নৈৰ বাঢ়নী পানীয়ে গাঁও খনক ব্যাপক ক্ষতিসাধন কৰিছে যদিও প্ৰশাসনে কোনো ধৰণৰ পদক্ষপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইমানৰ পিছতো বাক্সা জিলা প্ৰশাসনে চকু মুদি থকাৰ লগতে বন বিভাগে চকু মুদি থকা বুলি অভিযোগ উত্থাপন হৈছে।