ছাইদুল ইছলাম,ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনত ৩নং স্বায়ত্ত শাসিত জিলাৰ  ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে এজন দক্ষ আৰু যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে পিপুলচ পাৰ্টী চমুকৈ পিপিয়ে৷ 

কাৰ্বি আংলং  আৰু ডিমাহাচাও জিলাৰ ৰাইজৰ আশা-আকাংক্ষা আৰু বিভিন্ন জলন্ত সমস্যা  সমূহ সমাধান কৰা উদ্দেশ্যে জন্ম লোৱা আঞ্চলিক ৰাজনৈতিক দলটোৱে আসন্ন লোক সভা নিৰ্বাচনত তিনি পাৰ্বত্য জিলা ক্ৰমে, পুব আৰু পশ্চিম কাৰবি আংলং আৰু ডিমা হাচাও জিলাৰ কমন ইছ্যু ২৪৪(ক)ক লৈ যাতে ৰাইজৰ মাজত বিভাজন আহিব নোৱাৰে তাৰ বাবে আঞ্চলিক ৰাজনৈতিক দল পিপিয়ে এইবাৰ লোক সভা নিৰ্বাচনত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বুলি জনাইছে ৷ 

তিনি পাৰ্বত্য জিলাৰ সমস্যা সমূহ ক্ৰমে ২৪৪( ক) এমঅ’এছ, এম, ইউ এছ নিবনুৱা সমস্যা, আলোচনাপন্থী সশস্ত্ৰ উগ্ৰপন্থী সংগঠন কেএনএলএফ, ইউপিএলএ আৰু কেপিএলটিৰ সৈতে কেন্দ্ৰৰ আলোচনা আদি বিষয়বোৰ সংসদত বলিষ্ঠ ভাবে উপস্থাপন কৰিব পৰা এগৰাকী দক্ষ আৰু যোগ্য প্ৰাৰ্থীক সংসদলৈ লেকসভা নিৰ্বাচনৰ জৰিয়তে বিজয়ী কৰি পঠিয়াবলৈ কাৰ্বি আংলং আৰু ডিমা হাচাওৰ জনসাধাৰণৰ প্ৰতি পিপুলচ পাৰ্টীয়ে আহ্বান জনাইছে ৷ 

পাৰ্বত্য জিলা তিনিখনৰ নিবনুৱা যুৱক-যুৱতী সকলে যাতে কৰ্মবিমুখ হৈ বিপথে পৰিচালিত হৈ অন্ধকাৰৰ পথ বাছি ল’বলগীয়া নহয় তাৰ বাবে জিলা তিনিখনৰ সমাধান নোহোৱা ইছ্যু সমূহ দাঙি ধৰিবলৈ সংসদত গুৰুত্বপূৰ্ণ ভূমিকা দাঙি ধৰিব পৰা এজন সাংসদৰ প্ৰয়োজন ৷ আসন্ন লোকসভা নিৰ্বাচনক কোন প্ৰাৰ্থীক ভোট প্ৰদান কৰিব লাগে এই বিষয়ে পিপুলচ পাৰ্টীৰ তৰফৰ প্ৰেছ বিবৃতিৰ জৰিয়তে অৱগত কৰা হ'ব বুলি পিপুল্চ পাৰ্টীৰ সভাপতি ৰাজেন তিমুঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে৷