ডিজিটেল ডেস্কঃ অবোধ শিশুৰ শৰীৰৰ চাৰিওদিশে থাকে অদৃশ্য বৰ্ম। ঈশ্বৰেই সকলো সময়তে সুৰক্ষা দিয়ে নিষ্পাপ কণমানিক।

পাপ-পংকিলতাৰে ভৰা পৃথিৱীৰ কথা নুবুজা প্ৰতিটো দেৱশিশুকেই ৰক্ষা কৰে ভগৱানে। কোনোদিনা হয়তো ঈশ্বৰৰ ৰূপ লৈ দেৱশিশুৰ প্ৰাণৰক্ষা কৰে দেৱদূতে।

এয়াই ধৰ্মভীৰু জনতাৰ বিশ্বাস। যুক্তি-অযুক্তিৰ প্ৰসংগ এৰাই চলিলেও দেৱদূত বুলি আখ্যা দিব পাৰি লণ্ডনৰ পেট নামৰ যুৱকজনক। শেহতীয়াকৈ চহৰখনৰ গ্ৰীনফেল টাৱাৰত সংঘটিত অগ্নিকাণ্ডৰ অন্যতম প্ৰত্যক্ষদৰ্শী হল পেট।

সৰ্বগ্ৰাসী জুইৰ পৰা কোনোমতে আত্মৰক্ষা কৰি তেওঁ বাহিৰলৈ লৰ মাৰিছিল। সেই সময়তে আকৌ পাঁচ মহলাৰ ওপৰত থকা এগৰাকী মহিলাই ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ তললৈ দলিয়াই দিছিল নিজৰ চাৰিবছৰীয়া কন্যাক।

সেই শিশুটি আচম্বিতে সোমাল পেটৰ দুবাহুত। কণমানিক ৰক্ষা কৰিলে যুৱকজনে।