internet
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিন ধৰি  অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷ কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ লোকে কলে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবেহে দাম বঢ়াইছে চৰকাৰে৷ মোডীয়ে সোনকালে দাম কমাব৷ প্ৰশংসা আৰু আনন্দ দুয়োটাই সমানে কৰা হ’ল৷ কিন্তু অচ্ছে দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিমান কমালে৷ বুধবাৰে পেট্ৰল আৰু ডিজেলত ১ পইচাকৈ হ্ৰাস কৰা হ’ল৷ 

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বিশ্বাসক সাৰ্থক কৰি বৃহস্পতিবাৰে পুনৰ পেট্ৰলৰ ৭ পইচা আৰু ডিজলত ৫ পইচা হ্ৰাস কৰা হয়৷ ইয়াৰ দ্বাৰা মূল্যবৃদ্ধিয়ে অশান্ত কৰি তোলা দেশৰ পৰিস্থিতি কিছু পৰিমাণে হ’লেও শান্ত হৈ পৰা পৰিলক্ষ্ষিত হয়৷ বিগত ১৬ দিনত একেৰাহে বৃদ্ধি মূল্যবৃদ্ধি কৰি হাৰাশাস্তি কৰা সাধাৰণ জনতাৰ পৰা দুদিনত ১ পইচা আৰু ৭ পইচাৰ মূল্য হ্ৰাসেৰে বিজেপি চৰকাৰখনে আশ্বাস জয় কৰিব বিচাৰিছে বুলিও চৰ্চা চলিছে৷

সোমবাৰে অসমত ৮০.৪৯ আছিল পেট্ৰলৰ দাম৷ মঙলবাৰে ১৭ পইচা বৃদ্ধি হৈ পুৱাৰে পৰা প্ৰতিলিটাৰ পেট্ৰ’লত ৮০.৬৬ টকাকৈ বিক্ৰী হয়৷ বুধবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ দামত ১ পইচা হ্ৰাস কৰাৰ পিছত ৮০.৬৫ টকাকৈ উপলব্ধ হয়৷ শেহতীয়াকৈ বৃহস্পতিবাৰে পেট্ৰল মূল্যত পুনৰ ৭ পইচা হ্ৰাস পোৱাত ৮০.৫৮ টকা দৰত মহানগৰীত পেট্ৰল বিক্ৰি হোৱা পৰিলক্ষিত হৈছে৷