ডিজিটেল ডেস্কঃ জাতীয় পতাকা উত্তোলন কৰাৰ ক্ষণতেই বিস্ফোৰণত কঁপি উঠিল ফিলিপাইনচৰ মাৰৱাই চহৰ৷ স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰি জাতীয় সংগীত পৰিৱেশন কৰি থকা অৱস্থাতেই ঘটিল এই বিস্ফোৰণ৷ 

বিগত তিনি সপ্তাহ ধৰি ইছলামিক উগ্ৰপন্থীয়ে দেশখনৰ দক্ষিণাঞ্চলৰ চহৰখন দখল কৰি ৰখাৰ পিছৰেপৰা অস্থিৰ হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ৷ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অঞ্চলটোত দখলত ৰখা উগ্ৰপন্থীয়ে হাজাৰ হাজাৰ নাগৰিকক এনেদৰে আবদ্ধ কৰি ৰাখিছে৷ 

‘আমি সকলো মুছলমান বন্ধুৱে এই অৰ্থহীন যুঁজখন বন্ধ কৰা উচিত’ - আঞ্চলিক উপৰাজ্যপাল মামিণ্টাল এডিঅঙে এনেদৰে আহ্বান জনায়৷