চাবুৱাঃ গাঁও খনৰ এটা এটা পৰিয়ালে জীৱন নিৰ্বাহৰ বাবে জ্বলা-কলা খাই আহিছে৷ গাঁও খনৰ ভয়ানক ছবি খন নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷ গাঁও খনৰ বহু পৰিয়ালে আজিও মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰাৰ দৰেই পৰিৱেশ৷ চৰকাৰে এটা বছৰ পূৰ্বে গাঁও খনৰ কেইঘৰমান লোকক শৌচালয় নিৰ্মাণ কৰি দিছিল যদিও সেয়া দৰিদ্ৰ পৰিয়াল সমূহক ইতিকিং কৰাৰ দৰেই হৈছে৷

কেৱল একোখনকৈ পকীৰ প্লেট পাৰি দি দায়িত্ব সামৰাৰ ফলত পেলনীয়া কাপোৰ মেৰিয়াই দৰিদ্ৰ পৰিয়াল শৌচালয় সমূহ ব্যৱহাৰ কৰিব লগা হৈছে৷ শৌচালায়ৰ অৱস্থা সন্দৰ্ভত বহলাই কবলৈ গলে লজ্জাৰ বিষয় হৈ পৰিব৷ যাৰ ফলত গাঁও খনৰ বহু পৰিয়ালৰ শৌচালয় নাই বুলি কলে বঢ়াই কোৱা নহ’ব৷ এটা সামন্য গাত কৰি পাৰি দিয়া প্লেটত অস্বাস্থ্যকৰ পৰিৱেশত শৌচ-প্ৰস্ৰাৱ কৰিব লগা হয়৷

বেছি খিনি দৰিদ্ৰ পৰিয়ালে এসাজ এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিব লগা হয়৷ বেছি খিনি পৰিয়ালৰ আজিও খেৰৰ ঘৰ৷ বহু পৰিয়ালৰ ঘৰৰ পৰা আজিও আকাশ প্ৰত্যক্ষ কৰিব পাৰি৷ গাঁও খনৰ বহু পৰিয়ালৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে৷ বহু পৰিয়াল আজিলৈ পোৱা নাই এটি আৱাসগৃহ নাই পোৱা কোনো চৰকাৰী সা-সুবিধা৷ ডিব্ৰুগড় জিলাৰ চাবুৱা বিধান সভা সমষ্টিৰ চাবুৱাৰ নাদুৱা গাঁও৷

মুখ্যমন্ত্ৰীৰ জন্মস্থানৰ সমীপৰ গাঁও খনৰ বহু পৰিয়ালে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে৷ কংগ্ৰেছ-বিজেপি চৰকাৰে কোনো কালে গুৰুত্ব প্ৰদান নকৰা গাঁও খনৰ বাট-পথৰ অৱস্থা দুখ লগা৷ মুখ্যমন্ত্ৰীৰ গৃহ জিলা হোৱাৰ সুবাদতে গাঁও খনৰ মুল পথটো পকী কৰে প্ৰশাসনে৷ আনহাতে গাঁও খনৰ ভিতৰৰ পথ সমূহৰ অৱস্থা আজিও জৰাজীৰ্ণ৷ বিশুদ্ধ খেৱাপানীৰ ব্যৱস্থা নাই৷ আৰ্চেনিক যুক্ত পানী সেৱন কৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷

কোনে দিনে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ নমুনা পৰীক্ষা কৰা দেখ নাযায়৷ ফলত বিভিন্ন বেমাৰ-আজাৰত আক্ৰান্ত হয় লোকসকলে৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয় পৰিয়াল সমূহে সন্তানক পঢ়োৱাৰ পৰিবৰ্তে কাম কৰিব দিব লগা হয়৷ চাবুৱাৰ পানীতোলা উন্নয়ণ খণ্ডৰ অধীনত নাদুৱা গাঁও পঞ্চায়ত অধীনৰ গাঁও খনত বহু লোকেই দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰাৰ পিছতো আজিলৈকে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই।

গাঁও খনৰ ধীৰেণ গোঁহাই নামৰ দৰিদ্ৰ লোকজনে ক্ষোভ ব্যক্ত কৰি কোনো চৰকাৰে তেওলোকক ঘুৰি নাচায় বুলি কয়৷ ধীৰেণ গোঁহাইয়ে ক্ষোভ জাহিৰ কৰি কয়, দিন হাজিৰা কৰিয়েই লৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিলো৷ কিন্তু ডাঙৰ-দীঘল কৰিলেও দুটা লৰাক পঢ়াবৰ মন আছিল যদিও ধনৰ অভাৱত পঢ়াব নোৱাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰতৰ শ্ল’গান দি সৰ্বসাধাৰণ ৰাইজৰ ঘৰে ঘৰে শৌচালয় নিৰ্মাণ কৰাৰ কথা কৈ আহিছে যদিও আজিলৈকে চৰকাৰী শৌচালয়ৰ দেখা নাপালো বুলি কয় ধীৰেণ গোহাঁইয়ে৷

আমাৰ গাঁও খনৰ বেছি খনি লোকেই দৰিদ্ৰ লোক৷ কিন্তু আমাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ পূঁজি আৱন্টন দিব লাগে বুলি কয়৷ আজিও খেৰৰ ঘৰৰে ভৰি থকা জীৱন নিৰ্বাহৰ সামন্য পৰিকাঠামো নথকা গাঁও খনত উন্নয়নৰ বাবে চকু দিবনে চৰকাৰে৷ সেয়া লক্ষ্যণীয় হ’ব৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্য আমাৰ ৰাজ্য অসম৷ কিন্তু এই খন অসমতে দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰিব লগা হৈছে৷

আৰ্থিক দৈন্যতাৰ বাবে দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰিব লগা হৈছে৷ ভাৰতবৰ্ষ বিশ্বৰ ষষ্ঠ ধনী দেশ৷ বিভিন্ন দিশত আগবাঢ়িছে ভাৰত৷ বিশ্বত এতিয়া সকলোৱে জানে ভাৰতক ধনী দেশ বুলি৷ দেশ উন্নতিৰ পথত বুলি কলে বঢ়াই কোৱা নহব৷

শাসকীয় বিজেপি দলে সভাই সমিতিয়ে দেশৰ উন্নয়ন হোৱা বুলি কৈ আহিছে৷ সভাই সমিতিয়ে দিয়া ভাষণ বোৰ শুনিলে এনে লাগে যেন দেশত এতিয়া দৰিদ্ৰ লোকৰ সংখ্যা নাইকিয়া হৈছে৷ কিন্তু প্ৰকৃত ছবি খন তেনেকুৱা নহয়৷ কিন্তু নাদুৱাৰ দৰে বহু গাঁৱৰ দৰিদ্ৰ পৰিয়ালে আজিও এসাজ ভাতৰ বাবে এটি গৃহৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সন্তানক স্কুলৰ পৰিৱৰ্তে আনৰ ঘৰত নতুবা হোটেল, উদ্যোগত কাম কৰিবলৈ নিয়োগ কৰিব লগা হয়৷

প্ৰকৃততে এই ছবিখন কেৱল চাবুৱাৰ নাদুৱা গাঁৱৰে নহয় অসমৰ প্ৰতিখন গাঁৱৰ দৰিদ্ৰ লোকৰ অৱস্থা এনেকুৱাই৷