জম্মুঃ দেশৰ দীৰ্ঘতম সুৰংগ পথটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে৷ ৯.২৮ কিঃমিঃ দৈৰ্ঘ্যৰ এই চেনানি-নাছৰি সুৰংগ পথে জন্মু আৰু কাশ্মীৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে৷

প্ৰায় ২ ঘন্টাতে এখন ঠাইৰ পৰা আনখনলৈ যাব পাৰিব এই সুৰংগ পথেৰে যাত্ৰা কৰা যাত্ৰীসকলে৷ তদুপৰি প্ৰতিদিনে প্ৰায় ২৭ লাখ টকাৰ পেট্ৰলো ৰাহি হ’ব৷

উক্ত সুৰংগ পথৰ ফলত  যান-জঁটৰ সমস্যাও হ্ৰাস পাব বুলি আশা কৰা হৈছে৷ উক্ত অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটী, ৰাজ্যপাল এন এন ৱোহৰা আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী উপস্থিত থাকে৷

২,৫১৯ কোটি টকা ব্যায়েৰে উক্ত সুৰংগটো নিৰ্মাণ কৰা হৈছে৷  অনাগত সময়ত এনে ৭টা সুৰংগ সমগ্ৰ দেশতে নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰে মোডীয়ে৷  এই সুৰংগ পথে কাশ্মীৰ উপত্যকাৰ কৃষকৰ ভাগ্য উদয় কৰিব বুলিও আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷