অৰুণাচলঃ অৰুণাচল প্ৰদেশৰ অভিৱৰ্তন গৃহৰ মুকলি কৰাৰ বাবে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচলত উপস্থিত হয়৷ ১১.৫৪ বজাত অৰুণাচলৰ ৰাজধানী ইটানগৰত মোডীয়ে কানেকচন চেন্টাৰৰ মুকলি কৰি এইটো অৰুণাচলৰ জীৱন্ত কেন্দ্ৰ বুলি কয়৷ ৰাজ্যখনৰ ৰাইজৰ আকাংক্ষা পূৰণ কৰিব বুলি কয় মোডীয়ে৷

যিখন অৰুণাচলত সূৰ্যৰ প্ৰথম পোহৰ পৰে ইয়াত আহি থকা দিনত উন্নয়ন এনেদৰে হ’ব যাক সমগ্ৰ দেশেই চাই থাকিব লাগিব৷ মই সকলোকে কম ইয়ালৈ আহক আৰু ইয়াত সভা অনুষ্ঠিত কৰক৷ মোক এই কথাই সূখি কৰে যে কেন্দ্ৰীয় মন্ত্ৰী-আমোলাই সঘনাই উত্তৰ পূৰ্বাঞ্চললৈ আহে৷ স্বাস্থ্য সেৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য খণ্ডত ভাল কাম কৰি থকা বুলি কৈ দেশত নতুন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ বাবে চিন্তা কৰি থকা বুলি কয় মোডীয়ে৷

আমি প্ৰতিটো তিনিটা লোকসভা সমষ্টিক সামৰি একোখনকৈ আধুনিক চিকিৎসালয় নিৰ্মাণ কৰাৰ বাবে কাম কৰি গৈছো৷ দেশত টকা কম নাই৷ কিন্তু বাল্টিত ফুটা থাকিলে পানী পূৰ্ণ হ’ব কেনেকৈ৷ আগতে এনে দশা হৈছিল৷ আনহাতে নাহৰলগুণ-দিল্লী এক্সপ্ৰেছ এতিয়া সপ্তাহত এদিনৰ পৰিৱৰ্তে দুদিন চলাচল কৰাৰ কথাও উল্লেখ কৰে মোডীয়ে৷

ৰেল খনৰ নাম হ’ব অৰুণাচল এক্সপ্ৰেছ৷ পূৰ্বােত্তৰ পৰিষদৰ বৈঠকত অংশ লোৱাৰ সন্দৰ্ভত মতামত প্ৰকাশ কৰি মোডীয়ে মোৰাৰজী দেশাই অন্তিমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে পৰিষদৰ অংশ লৈছিল৷ ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে পৰিষদত অংশ লবলৈ সময় নাপালে৷ সকলোৱে বহুত ব্যস্ত হৈ গ’ল৷ কিন্তু মই আপোনালোকৰ বাবে পূৰ্বোত্তৰ পৰিষদত অংশ ল’বলৈ গৈছিলো৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু কেইবা সহস্ৰাধিক লোকে উপস্থিত থাকে৷ ডোকলাম কাণ্ডৰ পিছত প্ৰখমবাৰৰ বাবে অৰুণাচল ভ্ৰমণ কৰে মোডীয়ে৷