১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিছতে ১৯৭৭ চনত ভাৰতীয় কংগ্ৰেছলৈ নামি আহিছিল পৰাজয়ৰ ধুমুহা। স্বয়ং প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েই এই নিৰ্বাচনত ৰায়বৰেলী সমষ্টিত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। সমান্তৰালভাৱে তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়েও বিফলতাৰ সন্মুখীন হৈছিল আমেথি সমষ্টিত।

২১ মহীয়া জৰুৰীকালীন অৱস্থাৰ মাজতে অনুষ্ঠিত হোৱা ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত জনতা এলায়েন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰি ৮১ বছৰ বয়সত দেশৰ চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰীহিচাপে শপত গ্ৰহণ কৰে মোৰাৰজী দেশাইয়ে। কিন্তু এই মিত্ৰজোঁটৰ চৰকাৰৰ ভেটিলৈও লাহে লাহে নামি আহিছিল খহনীয়া। সমান্তৰালভাৱে পৰাজয়ৰ গৰ্ভৰ পৰা লাহে লাহে মূৰ দাঙি থিয় হোৱাৰ সুযোগ লাভ কৰে ইন্দিৰা গান্ধীয়ে।

মোৰাৰজী দেশাই, জগজীৱন ৰাম আৰু চৰণ সিঙে মিত্ৰজোঁটৰ চৰকাৰখনক পৃথক পৃথক দিশলৈ টানি নিবলৈ আৰম্ভ কৰাত সেই সুযোগ অতি আনন্দমনে গ্ৰহণ কৰে ইন্দিৰা গান্ধীয়ে। সেই সুযোগ তেওঁৰ বাবে এনে আছিল যেন মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁৰ বাবে পুনৰ শাসনৰ বৰভোজৰহে আয়োজন কৰিছিল।

ইন্দিৰা গান্ধীৰ ৰাজনৈতিক প্ৰত্যাৱৰ্তন

ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰে তেতিয়া, যেতিয়া বিহাৰৰ বেলচি গাঁৱত উচ্চবৰ্ণৰ মালিকে ১০ জনতকৈও অধিক দলিতক নিৰ্মমভাৱে হত্যা কৰে। ১৯৭৭ চনৰ মে’ মাহত সংঘটিত হৈছিল সেই শিহৰণকাৰী ঘটনা। এই ঘটনা সংঘটিত হোৱাৰ সময়ত অতি কম সংখ্যক লোকেহে গুৰুত্ব দিছিল যদিও জুলাই মাহত ইন্দিৰা গান্ধীয়ে বেলচি গাঁৱৰ দলিত জনতাৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ গাঁওখন ভ্ৰমণ কৰাৰ সিদ্ধান্ত লয়।

সদ্য প্ৰকাশিত 'হাউ প্ৰাইম মিনিষ্টাৰ ডিচাইড' নামৰ গ্ৰন্থখনৰ লেখিকা নীৰজা চৌধৰীয়ে কয়, "সেই সময়ত সমগ্ৰ বিহাৰত ধাৰাসাৰ বৰষুণ দি আছিল। বেলচিৰ গোটেই বাটটো তেতিয়া বাৰিষাৰ বান আৰু বোকা-পানীৰে ভৰি পৰিছিল।’’

নীৰজা চৌধাৰীয়ে তেওঁৰ গ্ৰন্থত উল্লেখ কৰা মতে, যাত্ৰাৰ সময়ত আধা বাটতে ইন্দিৰা গান্ধীৰ বাহনখন বোকা-পানীত আৱদ্ধ হৈ পৰে। কিন্তু তাৰ পিছতো থমকি ৰোৱা নাছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। তেওঁৰ সৈতে সেই সময়ত উপস্থিত থকা প্ৰতিভা সিং, কেদাৰ পাণ্ডে, সৰোজ খাপাৰ্ডে আৰু জগন্নাথ মিশ্ৰৰ সৈতে হাতীৰ পিঠিত উঠি বেলচি গাঁৱৰ দলিত ৰাইজৰ কাষত উপস্থিত হৈছিল ইন্দিৰা গান্ধী।

সেই সময়ত সংবাদ মাধ্যমত খুবেই চৰ্চিত হৈ পৰিছিল ইন্দিৰা গান্ধীৰ হাতীৰ পিঠিত উঠি যাত্ৰা কৰাৰ দৃশ্য। বিখ্যাত সাংবাদিক জনাৰ্দন ঠাকুৰেও তেওঁৰ গ্ৰন্থ 'ইন্দিৰা গান্ধী এণ্ড দ্য’ পাৱাৰ গেম’ত এই যাত্ৰাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে।

ঠাকুৰে তেওঁৰ গ্ৰন্থত এই যাত্ৰাৰ বৰ্ণনা দি লিখিছে- ''কগ্ৰেছ নেতা কেদাৰ পাণ্ডেই কয় যে কোনো গাড়ীয়ে বেলচিলৈ যাব নোৱাৰে। ইন্দিৰা গান্ধীয়ে কৈছিল আমি গোটেই ৰাতি খোজকাঢ়ি যাবলগীয়া হ’লেও বেলচিলৈ যাম।’’

যাত্ৰাৰ সময়ত আশংকা কৰাৰ ধৰণেই বোকাত আৱদ্ধ হৈ পৰিছিল ইন্দিৰা গান্ধীৰ বাহন। গাড়ীখন বোকাৰ পৰা টানি উলিয়াবলৈ এখন ট্ৰেক্টৰ অনা হয় যদিও সেইখনো বোকাত আৱদ্ধ হৈ পৰে। ইয়াৰ পিছতে ইন্দিৰা গান্ধীয়ে পিন্ধি থকা শাৰীখন গোৰোহালৈকে তুলি এগৰাকী গাঁৱলীয়া সাধাৰণ মহিলাৰ দৰেই ৰাজপথেৰে খোজ কাঢ়ি গাঁও অভিমুখে যাত্ৰা অব্যাহত ৰাখে। কিন্তু তেতিয়া সেই অঞ্চলৰ কোনোবাই হাতী এটা তালৈ পঠিয়াই দিয়াত অৱশেষত ইন্দিৰা গান্ধীয়ে প্ৰতিভা সিঙৰ লগত হাতীৰ পিঠিত উঠি বেলচিলৈ আগবাঢ়ে।

প্ৰায় চাৰে তিনি ঘণ্টা এনেদৰে হাতীৰ পিঠিত যাত্ৰা কৰি ইন্দিৰা আৰু তেওঁৰ সহযোগীসকল উপস্থিত হয় বেলচি গাঁৱত। তাত তেওঁ দলিত সম্প্ৰদায়ক সাক্ষাৎ কৰাৰ লগতে মাজনিশা তাৰ পৰা উভতি পথৰ কাষৰ এখন বিদ্যালয়ত ভাষণ প্ৰদান কৰে।

জয়প্ৰকাশ নাৰায়ণক সাক্ষাৎ ইন্দিৰা গান্ধীৰ

পিছদিনা ইন্দিৰা গান্ধীয়ে পাটনাৰ কদমকুৱানত থকা বাসগৃহত জয়প্ৰকাশ নাৰায়ণ ওৰফে জে পিক সাক্ষাৎ কৰে। সেই সময়ত ইন্দিৰা গান্ধীয়ে পৰিধান কৰিছিল বগা ফ্ৰিংছযুক্ত এখন ধুনীয়া শাৰী। সেই বৈঠকৰ সময়ত তেওঁৰ লগত আছিল সৰ্বোদয় নেত্ৰী নিৰ্মলা দেশপাণ্ডে। প্ৰায় ৫০ মিনিট সময় ইন্দিৰা গান্ধী আৰু জে পিৰ মাজত বৈঠক চলে। কিন্তু কোৱা হয়, এই বৈঠকত ইন্দিৰাই জে পিৰ লগত ৰাজনীতি কিম্বা সেই সময়ত তেওঁ সন্মুখীন হোৱা সমস্যাৰ কথা পতা নাছিল।

ইন্দিৰাই জেপিক লগ পোৱাৰ পূৰ্বে সঞ্জয় গান্ধীৰ পত্নী মেনকা গান্ধীয়ে জে পিক সাক্ষাৎ কৰিছিল। এই সাক্ষাতৰ সময়ত তেওঁ তেওঁলোকৰ ওচৰত অভিযোগ কৰিছিল যে তেওঁৰ ফোনটো টেপ কৰা হৈছে আৰু তেওঁৰ মেইল ​​খুলি পঢ়া হৈছে।

নীৰজা চৌধাৰীয়ে তেওঁৰ গ্ৰন্থত এই বৈঠকৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰা মতে, বৈঠকৰ অন্তত বাহিৰত থিয় হৈ থকা সাংবাদিকসকলে যেতিয়া ইন্দিৰা গান্ধীক বৈঠকত কি কথা পতা হ’ল সেই প্ৰশ্ন সোধাত ইন্দিৰাই হাঁহি এটা মাৰি উত্তৰ দিয়ে যে এয়া ব্যক্তিগত বৈঠক।

যেতিয়া সাংবাদিকসকলে জয়প্ৰকাশ নাৰায়ণৰ মন্তব্যৰ বাবে যোগাযোগ কৰে তেতিয়া তেওঁ কয় যে মই ইন্দিৰাক কৈছিলো যে আপোনাৰ অতীত যিমান উজ্জ্বল আছিল, আপোনাৰ ভৱিষ্যতো সমানে উজ্জ্বল হওক।’

এই খবৰ ওলোৱাৰ লগে লগে বহু জনতা পাৰ্টিৰ নেতা অস্বস্তিত পৰে। দলৰ নেতা কুলদীপ নায়াৰে খঙত জে পিৰ সহযোগী কুমাৰ প্ৰশান্তক সোধে, "জে পিয়ে ইন্দিৰাৰ বিষয়ে এই কথা কেনেকৈ ক’ব পাৰিলে? তেওঁৰ অতীত আছিল এক অন্ধকাৰ অধ্যায়, উজ্জ্বল কাহানিও নাছিল।"

কুমাৰ প্ৰশান্তই যেতিয়া জে পিক এই কথা অৱগত কৰিছিল, তেতিয়া জে পিয়ে উভতি প্ৰশ্ন কৰিছিল- "ঘৰলৈ অহা আলহীক আশীৰ্বাদ দিয়া হয় নে অভিশাপ?"

নীৰজা চৌধাৰীয়ে কয়, "জে পিৰ মন্তব্যৰ প্ৰাসংগিকতাৰ অন্য এটা কাৰণ আছিল যে জে পিৰ জনতা পাৰ্টিৰ নেতাসকলৰ প্ৰতি মোহভংগ ঘটিছিল আৰু ইন্দিৰা গান্ধীতকৈ নিজ দলৰে নেতাৰ ওপৰত তেওঁ বেছি ক্ষুব্ধ আছিল।"

ৰাজনাৰায়ণ আৰু সঞ্জয় গান্ধীৰ মাজত ধাৰাবাহিক বৈঠক

ইন্দিৰা গান্ধীৰ বাবে ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ তৃতীয়টো সুযোগ আহিছিল যেতিয়া নিৰ্বাচনত তেওঁক পৰাস্ত কৰা ৰাজনাৰায়ণে জনতা পাৰ্টিৰ চৰকাৰত তেওৰ প্ৰাপ্যস্থান লাভ নকৰা বুলি বিসম্বাদ আৰম্ভ কৰিছিল।

বিশেষকৈ তেওঁক চৰকাৰৰ পৰা বৰ্খাস্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছিল ৰাজনাৰায়ণ। ইয়াৰ পিছতে তেওঁ ইন্দিৰা গান্ধীক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। ইন্দিৰাই নিজে তেওঁক সাক্ষাৎ কৰিব নোৱাৰিলেও পুত্ৰ সঞ্জয় গান্ধীক তেওঁৰ হৈ সাক্ষাৎ কৰিবলৈ প্ৰেৰণ কৰে।

দুয়োজনে মোহন মীকেনছৰ স্বত্বাধিকাৰ কপিল মোহনৰ পুছা ৰোডস্থিত ঘৰত সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰে। ৰাজনাৰায়ণক লগ কৰিবলৈ সেই সময়ত সঞ্জয় গান্ধীক গাড়ীৰে লৈ গৈছিল কমল নাথ নে আকবৰ আহমেদ ডাম্পিয়ে।

এই বৈঠকসমূহত মোৰাৰজী দেশাইৰ চৰকাৰ ওফৰাই কেনেকৈ চৌধুৰী চৰণ সিঙক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাব পাৰি সেই বিষয়ে তেওঁলোকে আলোচনা কৰে। দুয়োজনে এই কথা ভালকৈয়ে জানিছিল যে চৌধুৰী চৰণ সিঙক প্ৰধানমন্ত্ৰী কৰিবলৈ হ’লে জনতা পাৰ্টিত বিভাজন আনিব লাগিব।

নীৰজা চৌধাৰীয়ে লিখিছে, "এদিন ৰাজনাৰায়ণক সন্তুষ্ট কৰিবলৈ সঞ্জয় গান্ধীয়ে তেওঁকেই প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। সঞ্জয় গান্ধীৰ কথা শুনি ৰাজ নাৰায়ণে মূৰ দুপিয়ালেও তেওঁ কিন্তু ইন্দিৰা পুত্ৰৰ কথাৰ ফান্দত পৰা নাছিল। যাৰ বাবে তেওঁ কৈছিল- আপুনি ঠিক কথাই কৈছে, কিন্তু বৰ্তমান চৌধুৰীয়েই প্ৰধানমন্ত্ৰী হোৱা উচিত।’’

জগজীৱন ৰামৰ পুত্ৰৰ যৌন কেলেংকাৰী

গান্ধী পৰিয়াল আৰু ৰাজনাৰায়ণৰ মাজৰ ৰাজনৈতিক চৰ্চাৰ মাজতে যেন ১৯৭৮ৰ শেষৰ ফালে পুনৰ এবাৰ ভাগ্যই সংগ দিলে ইন্দিৰা গান্ধীক। ১৯৭৮ চনৰ ২১ আগষ্টত গাজিয়াবাদৰ মোহন নগৰৰ মোহন মীকেনছৰ কাৰখানাৰ বাহিৰত এখন বাহনৰ দুৰ্ঘটনা সংঘটিত হয়। এখন মাৰ্চিডিজ বাহনে এজন ব্যক্তিক মহতিয়াই নিয়াত থিতাতে মৃত্যু ঘটে লোকজনৰ।

গাড়ীৰ ভিতৰত বহি থকা ব্যক্তিজনে মানুহে মাৰপিট কৰিব পাৰে বুলি ভয় কৰি গাড়ীখন মোহন মীকেনছৰ গেটৰ ভিতৰত সোমাই দিয়ে। গেটত থকা জোৱানজনে ভিতৰলৈ ফোন কৰি দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে কপিল মোহনৰ ভতিজা অনিল বালি বাহিৰলৈ ওলাই আহে আৰু গাড়ীত বহি থকা লোকজনক তেওঁ দেখিয়েই চিনি পাবলৈ সক্ষম হয়।

গাড়ীৰ ভিতৰত থকা সেই ব্যক্তিজন আছিল প্ৰতিৰক্ষা মন্ত্ৰী জগজীৱন ৰামৰ পুত্ৰ সুৰেশ ৰাম। সুৰেশ ৰামে বালিক কয় যে কোনোৱে তেওঁক অনুসৰণ কৰি আছে। গাড়ীখন অনুসৰণ কৰি আছিল ৰাজনাৰায়ণৰ দুই যুৱক আৰু জনতা পাৰ্টিৰ কৰ্মী কে চি ত্যাগী আৰু ওমপাল সিঙে। পিছত অনিল বালিয়ে সুৰেশ ৰামক তেওঁৰ কোম্পানীৰ গাড়ীৰে নিজৰ ঘৰলৈ পঠিয়াই দিয়ে।

পিছদিনা সুৰেশ ৰামে কাশ্মীৰী গেট থানাত এখন এজাহাৰ দাখিল কৰে য’ত তেওঁ বালিক কোৱা কাহিনীতকৈ সম্পূৰ্ণ বেলেগ কাহিনী বৰ্ণনা কৰে। তেওঁ কয় যে ২০ আগষ্টত তেওঁক প্ৰায় এক ডজন লোকে অপহৰণ কৰিছিল। বলপূৰ্বকভাৱে মোডীনগৰলৈ লৈ যায় য’ত তেওঁক কিছু কাগজ-পত্ৰত চহী কৰিবলৈ বাধ্য কৰোৱা হয়। যেতিয়া তেওঁ তেনে কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া তেওঁক মাৰপিট কৰি অচেতন কৰি পেলায়। চেতনা ঘূৰাই পোৱাত তেওঁক কোৱা হয় যে তেওঁৰ লগত গাড়ীত বহি থকা মহিলাগৰাকীৰ সৈতে তেওঁৰ আপত্তিজনক ফটো তোলা হৈছে।

ৰাজনাৰায়ণৰ হাতত পৰে সেই ছবি

নীৰজা চৌধাৰীয়ে লিখিছে, "ওমপাল সিং আৰু কে চি ত্যাগীয়ে সুৰেশ ৰামক বিভিন্ন কামত জড়িত হোৱাৰ বাবে কেইবাদিনো ধৰি অনুসৰণ কৰিছিল। তেওঁলোকে জানিছিল যে সুৰেশ ৰামৰ আগতে দিল্লী কলেজৰ এগৰাকী প্ৰেমিকা আছিল।"

"তেওঁলোকে পোলাৰয়ড কেমেৰাৰে তেওঁৰ নগ্ন ফটো তুলিছিল। দুয়োজনে সুৰেশ ৰাম আৰু তেওঁৰ প্ৰেমিকাৰ ছবি ল'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।"

সুৰেশ ৰামে চলাই থকা গাড়ীৰ ভিতৰতে এই ছবিবোৰ পোৱা গৈছে। ফটোবোৰ পোৱাৰ লগে লগে দুয়োজনে সেয়া তেওঁলোকৰ নেতা ৰাজনাৰায়ণলৈ প্ৰেৰণ কৰে। সেইদিনাই ৰাতি জগজীৱন ৰামে ৰাজনাৰায়ণক সাক্ষাৎ কৰিবলৈ কপিল মোহনৰ ঘৰলৈ আহিছিল। দুয়োজনৰ মাজত প্ৰায় ২০ মিনিট সময় বৈঠক চলিছিল।

এই বৈঠকৰ আলোচনাত কোনো অৰ্থপূৰ্ণ ফলাফল লাভ নকৰাত জগজীৱন ৰামে নিশা ১১:৪৫ বজাত ঘৰলৈ উভতি যায়। যোৱাৰ পিছত ৰাজনাৰায়ণে কপিল মোহনক কয়, ‘এতিয়া এও নিয়ন্ত্ৰণত আছে।’

পিছদিনা ৰাজনাৰায়ণে সংবাদমেল পাতি সমগ্ৰ ঘটনাৰ সবিশেষ দাঙি ধৰে। সাংবাদিক ফাৰজান্দ আহমেদ আৰু অৰুল লুইছে ১৯৭৮ চনৰ ১৫ ছেপ্টেম্বৰ, ইণ্ডিয়া টুডেৰ সংখ্যাত লিখিছে, "ৰাজনাৰায়ণক সোধা হৈছিল যে ওমপাল সিঙে সেই ছবিবোৰ কেনেকৈ পালে?"

উত্তৰত ৰাজনাৰায়ণে কয় যে ওম্পল সিঙে সুৰেশ ৰামক চিগাৰেট বিচাৰিছিল। চিগাৰেট দিবলৈ গাড়ীৰ গ্লভছ বক্সটো খোলাত চিগাৰেটৰ পেকেটৰ লগতে ছবিবোৰ তলত পৰি গৈছিল। ওমপাল সিঙে ছবিবোৰ তুলি লয়। সুৰেশ ৰামে ছবিবোৰ ওভতাই দিবলৈ মোটা অংকৰ ধন প্ৰদান কৰিবলৈ ৰাজী হৈছিল যদিও ওমপাল সিঙে সেয়া অস্বীকাৰ কৰে।

সঞ্জয় গান্ধীৰ হাততো পৰে সুৰেশ ৰামৰ 'অশ্লীল’ ছবি

ৰাজনাৰায়ণৰ হাতত আছিল সুৰেশ ৰাম আৰু তেওঁৰ প্ৰেমিকাৰ প্ৰায় ৪০-৫০ খন ছবি। প্ৰায় ১৫ খন ছবি কপিল মোহনক দি বাকীখিনি তেওঁ নিজৰ লগত ৰাখি থৈছিল। নীৰজা চৌধাৰীয়ে তেওঁৰ গ্ৰন্থত বিষদভাৱে লিখিছে, "ৰাজনাৰায়ণ নিজৰ ঘৰলৈ যোৱাৰ লগে লগে কপিল মোহনে ভতিজা অনিল বালিক এই ছবিবোৰ সঞ্জয় গান্ধীৰ ওচৰলৈ নিবলৈ ক'লে। বালি পুৱা ১ বজাত ১২ উইলিংটন ক্ৰেচেন্ট ৰোডত উপস্থিত হয়। সেই সময়ত সঞ্জয় গান্ধী শুই আছিল।"

সঞ্জয় গান্ধীক টোপনিৰ পৰা জগোৱাত তেওঁ খঙত কয়, "এয়া অহাৰ সময় নেকি?’’ কিন্তু বালিয়ে সুৰেশ ৰামৰ ছবিবোৰ তেওঁৰ হাতত তুলি দিয়াত সঞ্জয় গান্ধীয়ে একো নোকোৱাকৈয়ে ঘৰৰ ভিতৰলৈ যায় আৰু ইন্দিৰা গান্ধীক টোপনিৰ পৰা জগায়।

পিছদিনা অৰ্থাৎ ২২ আগষ্টৰ পুৱা ৯ বজাত টেলিগ্ৰাফ লেনত থকা জনতা পাৰ্টিৰ সাংসদ কৃষ্ণকান্তৰ ঘৰৰ ফোনটো বাজি উঠে। ফোনৰ সিটো মূৰত আছিল জগজীৱন ৰাম। ফোনটো ৰখাৰ পিছত তেওঁ পৰিয়ালক ক'লে, "আন এজন পুত্ৰই বাপেকৰ সন্মান নাশ কৰিলে।"

মেনকা গান্ধীৰ আলোচনী ‘সূৰ্য’ত প্ৰকাশ সুৰেশ ৰামৰ অশ্লীল ছবি

এই ঘটনাৰ কিছু সময় পিছতে প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণকান্ত উপস্থিত হয় জগজীৱন ৰামৰ কৃষ্ণ মেনন মাৰ্গস্থিত বাসগৃহত। কৃষ্ণকান্ত জগজীৱন ৰামৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতে তেওঁ সকলোকে কোঠাৰ পৰা ওলাই যাবলৈ কয়। নীৰজা চৌধাৰীয়ে লিখিছে, "কোঠাত অকলে থকাৰ সময়ত জগজীৱন ৰামে বহাৰ পৰা উঠি কৃষ্ণকান্তৰ ভৰিৰ ওচৰত নিজৰ মূৰৰ টুপীটো খুলি থৈ কয়, 'এতিয়া মোৰ সন্মান আপোনাৰ হাতত।"

সংবাদ মাধ্যমৰ যোগাযোগৰ জৰিয়তে কৃষ্ণকান্তই জগজীৱন ৰামক সহায় কৰিবলৈ চেষ্টা কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰথম পৃষ্ঠাত ছৈয়দ নকভিৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল য’ত সুৰেশ ৰামৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰা হৈছিল।

ভাৰতৰ প্ৰতিখন বাতৰি কাকতে এই খবৰক লৈ মৌনতা অৱলম্বন কৰিছিল যদিও সঞ্জয় গান্ধীৰ পত্নী মেনকা গান্ধীয়ে ৪৬ বছৰীয়া সুৰেশ ৰাম আৰু তেওঁৰ প্ৰেমিকাৰ সেই ছবিসমূহ তেওঁৰ 'সূৰ্য’ আলোচনীত ছপা কৰিছিল। সেই প্ৰতিবেদনৰ শিৰোনাম আছিল ‘ৰিয়েল ষ্ট’ৰী’। 'সূৰ্য’ৰ সেই সংখ্যাটো আনকি ব্লেকতো বিক্ৰী হৈছিল আৰু যাৰ পৰিণতিত জগজীৱন ৰামৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন চিৰদিনৰ বাবে কেৱল সপোন হৈয়ে ৰৈ যায়।

বিখ্যাত সাহিত্যিক খুশৱন্ত সিঙৰ আত্মজীৱনীত উল্লেখ এই অধ্যায়

বিখ্যাত সাহিত্যিক খুশৱন্ত সিঙেও তেওঁৰ আত্মজীৱনী 'ট্ৰুথ, লাভ এণ্ড লিটল মেলিছ'ত এই ঘটনাৰ কথা উল্লেখ কৰি লিখিছে যে এদিন দুপৰীয়া মোৰ ডেস্কত এটা পেকেট আহিছিল য'ত জগজীৱন ৰামৰ পুত্ৰ সুৰেশ ৰাম আৰু এগৰাকী কলেজীয়া ছাত্ৰীৰ অন্তৰংগ মুহূৰ্তৰ ছবি আছিল।

খুশৱন্ত সিঙে লিখিছে, "সেইদিনা সন্ধিয়া মোৰ ওচৰলৈ এজন মানুহ আহিছিল যিয়ে নিজকে জগজীৱন ৰামৰ বাৰ্তাবাহক বুলি দাবী কৰিছিল।"

"তেওঁ কৈছিল যে যদি সেই ছবিবোৰ 'নেশ্যনেল হেৰাল্ড’ আৰু 'সূৰ্য’ত ছপা নহয়, তেন্তে জগজীৱন ৰামে মোৰাৰজী দেশাইক এৰি ইন্দিৰা গান্ধীক সমৰ্থন আগবঢ়াব পাৰে। তাৰ পিছতে মই সেই ছবিবোৰ লৈ ইন্দিৰা গান্ধীৰ ওচৰলৈ গৈছিলো।"

খুশৱন্তই লিখিছে, "যেতিয়া মই জগজীৱন ৰামৰ অফাৰৰ কথা ক'লো, তেতিয়া ইন্দিৰা গান্ধীয়ে কৈছিল, সেই ব্যক্তিজনৰ ওপৰত মোৰ বিশ্বাস নাই।"

"জগজীৱন ৰামে মোৰ আৰু মোৰ পৰিয়ালৰ সকলোতকৈ বেছি ক্ষতি কৰিছে। তেওঁক কওক যে প্ৰথমে তেওঁ নিজৰ পথ সলনি কৰিব লাগিব আৰু তাৰ পিছত মই মেনকাক সেই ছবিবোৰ ছপা নকৰিবলৈ ক'ম।"

'সূৰ্য’ আৰু 'নেশ্যনেল হেৰাল্ড’ দুয়োখনেই সেই সকলোবোৰ ছবি নিৰ্দিষ্ট ঠাইত ব্লেক বাৰ আঁকি ছপা কৰিছিল। ইন্দিৰা গান্ধী আৰু চৰণ সিং দুয়োজনে জানিছিল যে মোৰাৰজী দেশাইৰ পদত্যাগৰ পিছত জগজীৱন ৰাম প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হ’ব পাৰিলেহেঁতেন, কিন্তু এই কেলেংকাৰী পোহৰলৈ অহাৰ লগে লগে তেওঁ একাষৰীয়া হৈ পৰে আৰু তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ হাবিয়াস চূৰ্ণবিচূৰ্ণ হৈ পৰে।

ইন্দিৰা গান্ধীৰ তিহাৰ যাত্ৰা

সদনৰ অৱমাননাৰ অভিযোগত ইন্দিৰা গান্ধীৰ লোকসভাৰ সদস্যপদ কাঢ়ি লোৱা হৈছিল আৰু সদনৰ অধিৱেশন নোহোৱালৈকে তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ২৩ ডিচেম্বৰত তেওঁৰ জন্মদিনত তিহাৰ জেলৰ পৰা চৰণ সিঙলৈ ফুলৰ থোপা প্ৰেৰণ কৰে। পিছত ২৭ ডিচেম্বৰত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

মুক্তিৰ সময়ত তিহাৰ জেলৰ বিষয়া-জোৱানে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। সেইদিনাই আমেৰিকাত চৰণ সিঙৰ পুত্ৰ অজিত সিঙৰ পুত্ৰ জয়ন্তৰ জন্ম হয়। চৰণ সিঙে সত্যপাল মালিকৰ জৰিয়তে ইন্দিৰা গান্ধীলৈ বাৰ্তা প্ৰেৰণ কৰে যে যদি ইন্দিৰা গান্ধীয়ে তেওঁলোকৰ সৈতে একেলগে চাহ মেলত সংগ দিয়ে, তেন্তে মোৰাৰজী দেশাইৰ সৈতে সম্পৰ্ক পুনৰ সুস্থিৰ হ’ব পাৰে।

ইয়াৰ পিছতে ইন্দিৰা গান্ধী যেতিয়া চৰণ সিঙৰ বাসগৃহৰ সন্মুখত উপস্থিত হয় তেতিয়া তেওঁক তাত আদৰণি জনোৱা হয়। এই বৈঠকৰ জৰিয়তে চৰণ সিঙে মোৰাৰজী দেশাইলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল যে প্ৰয়োজন হ’লে ইন্দিৰা গান্ধীৰ সৈতে বন্ধুত্ব কৰিব পাৰে। আনহাতে ইন্দিৰা গান্ধীয়েও দেখুৱাব বিচাৰিছিল যে তেওঁৱো জনতা পাৰ্টিৰ অসন্তুষ্ট নেতাজনক লগ কৰি তেওঁৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে।

চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ ইন্দিৰা গান্ধীৰ

এই সকলোবোৰৰ ফলত মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয় আৰু চৰণ সিং প্ৰধানমন্ত্ৰী হয়। শপত গ্ৰহণ কৰাৰ পিছত চৰণ সিঙে ইন্দিৰা গান্ধীক ফোন কৰি তেওঁক উইলিংটন ক্ৰেচেণ্টৰ বাসগৃহলৈ আহি ধন্যবাদ জনোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

নীৰজা চৌধাৰীয়ে লিখিছে, "চৰণ সিঙে ৰাম মনোহৰ লোহিয়া হাস্পতালত তেতিয়া চিকিৎসাধীন বিজু পাটনায়কৰ স্বাস্থ্যৰ বুজ ল’বলৈ যায়। তাৰ পৰা উভতি অহাৰ পথত তেওঁ ইন্দিৰা গান্ধীৰ বাসগৃহত ৰোৱাৰ কথা আছিল, কিন্তু ইয়াৰ মাজতে তেওঁৰ এজন আত্মীয়ই তেওঁক পৰামৰ্শ দি কয়, এতিয়া আপুনি প্ৰধানমন্ত্ৰী, তেওঁ আপোনাক লগ কৰিবলৈ আহিব লাগে। আত্মীয়ৰ এই পৰামৰ্শৰ বাবে চৌধুৰী চৰণ সিঙে ইন্দিৰা গান্ধীৰ বাসগৃহলৈ নোযোৱাৰ সিদ্ধান্ত লয়।’’

এই সকলোবোৰ যিদৰে ঘটিছিল সেয়া চিনেমাৰ দৃশ্যতকৈ কম নাছিল। নীৰজা চৌধাৰীয়ে কয়, "ইন্দিৰা গান্ধীয়ে নিজৰ ঘৰৰ পদূলিত হাতত ফুলৰ থোপা লৈ চৰণ সিঙৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়ত ইন্দিৰা গান্ধীৰ বাসগৃহত সত্যপাল মালিকো উপস্থিত আছিল। তাত প্ৰায় ২৫ জন কংগ্ৰেছ নেতাই চৰণ সিঙৰ বাবে অপেক্ষা কৰি আছিল।"

"কিন্তু ইন্দিৰাৰ চকুৰ সন্মুখতে চৰণ সিঙৰ কনভয় তেওঁৰ পদূলি পাৰ হৈ যোৱাত খঙত ৰঙা পৰি যায় ইন্দিৰা গান্ধী। খঙত তেওঁ হাতত লৈ থকা ফুলৰ থোপা মাটিত পেলাই দি ঘৰৰ ভিতৰলৈ সোমাই যায়।’’

সত্যপাল মালিকে কয় যে, "মই সেই সময়ত অনুভৱ কৰিছিলো যে চৰণ সিঙৰ চৰকাৰ এতিয়া মাত্ৰ কেইদিনমানৰ বাবেহে অতিথি হৈ পৰিছে।" পিছত চৰণ সিঙে নিজৰ ভুল বুলি সেয়া শুধৰাবলৈ প্ৰয়াস কৰে যদিও নিজৰ স্থিতিত অটল ইন্দিৰা গান্ধীয়ে তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰি কয়, ‘এতিয়া এয়া সম্ভৱ নহয়’। 

যাৰ পৰিণতিত চৌধুৰী চৰণ সিঙে প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰাৰ মাত্ৰ ২২ দিন পিছতে ইন্দিৰা গান্ধীয়ে নিজৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে।