ডিজিটেল ডেস্কঃ মানুহৰ ভৰত তল-ওপৰ হ'ব পৃথিৱী। পৰুৱাৰ বাবেও বসুধাত নোহোৱা হ'ব ঠাই। এতিয়া নহলেও অনাগত কেইদশকমানৰ ভিতৰত এনে পৰিস্থিতি অনিবাৰ্য।

মানৱকুলৰ অভাৱনীয় সংখ্যাবৃদ্ধিৰ পৰিণতিত পৃথিৱীত অভাৱ ঘটিব খাদ্যৰ। সম্ভৱতঃ মানুহৰ গচকত প্ৰাণ যাব মানুহৰ। এই ভৱিষ্যদ্বাণী ৰাষ্ট্ৰসংঘৰ। পূৰ্বানুমান অনুসৰি কিছুদিনৰ ভিতৰতে চীনতকৈ অধিকসংখ্যক মানুহৰ বসতিস্থল হ'ব ভাৰত।

এই গতিত জনসংখ্যা বাঢ়িলে ২০২৪ চনৰ বিতৰত ভাৰত হবগৈ বিশ্বৰ সবাতোকৈ বেছি জনবসতিৰ দেশ।একেদৰে আমেৰিকাতকৈ জনসংখ্যা বৃদ্ধি হ'ব নাইজেৰিয়াৰ। বৰ্তমান বিশ্বৰ আনুমানিক জনসংখ্যা ৭.৬ বিলিয়ন।

অনুমান মতে ২০২৪ চনৰ ভিতৰত এই সংখ্যা ৮.৬ আৰু ২০৫০ চনলৈ ৯.৮ বিলিয়নলৈ বৃদ্ধি হ'ব। ২১০০ চনত পৃথিৱীৰ জনসংখ্যা হ'ব ১১.২ বিলিয়ন। বৰ্তমান আফ্ৰিকাতো বাঢ়িছে জনসংখ্যা। একেদৰে বৃদ্ধি হৈছে বয়স্ক লোকৰ সংখ্যা।