ডিজেটেল ডেস্কঃ এতিয়া ডাকোৱালে কেৱল চিঠিয়ে নহয়, বেংকিঙৰো সেৱা আগবঢ়াব। আপুনি ঘৰতে বহি টকা জমা বা উইড্ৰ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি ১৫-৩৫ টকা আদায় দিলেই হ’ল। তদুপৰি আন বেংকবিলাকৰ দৰে ইয়াত ন্যুনতম বেলেঞ্চ জমা নাৰাখিলেও কোনোধৰণৰ শুল্ক আদায় দিবলগা নহয়।

সঞ্চয়ী খাতাত আপুনি পাব ৫.৫ শতাংশ সুত।  ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক নামেৰে সমগ্ৰ দেশতে বেংক স্থাপন কৰা হ’ব বুলি জনা গৈছে। আৰম্ভণিতে পৰীক্ষামূলকভাৱে এই বেংক সেৱা এতিয়া পৰিসৰ বহল কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

২০১৭ বৰ্ষৰ ছেপ্তেম্বৰ মাহলৈ ৬৩০ টা পোষ্ট বেংক পেমেণ্ট বেংক খোলাৰ লক্ষ্য হাতত লৈছে কেন্দ্ৰ চৰকাৰে। চৰকাৰী সূত্ৰই জনোৱা মতে পোষ্টেল বেংকৰ ৩৫০০ কৰ্মচাৰী আৰু ডাক বিভাগৰ কৰ্মচাৰীসকলক বেংকিং সংক্ৰান্ত প্ৰশিক্ষণ দিয়া হ’ব।

তাৎপৰ্যপূৰ্ণ যে ডাক বিভাগৰ ১.৫৪ লাখৰো অধিক শাখা আছে। এই শাখাসমূহত নিযুক্ত ১.৭ লাখ ডাকোৱালৰ যোগেদি ঘৰে ঘৰে বেংকিঙৰ সুবিধা উপলব্ধ কৰোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। এনেদৰে দুৰণিবটীয়া গ্ৰামীণ অঞ্চলতো বেংকিঙৰ সুবিধা উপলব্ধ কৰাবপৰা যাব বুলি আশা ব্যক্ত কৰিছে চৰকাৰে।