newsnextone.com | খেৰণিঃ কাৰ্বি আংলং জিলাত অসম চৰাকৰে নিৰ্মাণ কৰি থকা হিলছ মেডিকেল কলেজৰ স্বীকৃতী বাতিল কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাহাৰীয়া জিলা খনত৷

বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়ে৷ কাৰ্বি ছাত্ৰ সন্থাৰ (চেমচন টেৰণ) গোটে শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি ডিফু চহৰত গৃহ নিৰ্মাণ কৰি থকাৰ অৱস্থাত হিলছ মেডিকেল কলেজৰ স্বীকৃতি মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া চমুকৈ MCI-এ হঠাৎ বাতিল কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ 

খেৰণিত কাৰ্বি ছাত্ৰ সন্থাই এখন সংবাদ মেল অনুষ্ঠিত কৰি ডিফুত নিৰ্মীয়মান মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।কাৰ্বি ছাত্ৰ নেতা চেমচন টেৰণে খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত আয়োজন কৰা সংবাদ মেলত কয় যে ডিফুত মেডিকেল কলেজ স্থাপন হ’লে কেৱল কাৰ্বি আংলঙৰে সুবিধা লাভ কৰিব সেইটো নহয়। ডিমা হাছাও জিলাৰ জনসাধাৰণৰ বাবেও যথেষ্ঠ লাভজনক হ’ব চিকিৎসা সেৱাৰ বাবে।

জিলা দুখনৰ নিবনুৱা সমস্যাও কিছু দুৰ কৰিব পাৰিব বুলি উল্লেখ কৰি কাৰ্বি পৰিষদৰ লগত লৈ ৰাজ্য চৰকাৰক শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে বিষয়টো পুনৰ আলোচনা কৰিবলৈ আহ্বান দাবী জনায়। আনহাতে কাৰ্বি আংলঙত অব্যাহত থকা অনিয়ামীয়া বিদ্যুৎ যোগান সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ নেতা গৰাকীয়ে। পশ্চিম কাৰ্বি আংলঙৰ আমট্ৰেং উৎপাদিত বিদ্যুৎ প্ৰকল্পৰ পৰা কেৱল কাৰ্বি আংলঙৰ বাবে ২৫ মেগাৱাত বিদ্যুৎ যোগান দিয়াৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।