ডিজিটেল ডেস্কঃ কাৰাগাৰৰ বেৰ ভাঙি পলোৱাৰ অপচেষ্টা কৰি ১৭ জনকৈ কয়েদী আৰক্ষীৰ গুলীত নিহত হোৱাৰ বিপৰীতে বৃহৎ সংখ্যক কয়েদী পলাই যাবলৈ সক্ষম হৈছে। এই ঘটনা ঘটিছে পাপুৱা নিউ গিনিৰ এখন চহৰত।

শুকুৰবাৰে ঘটা এই ঘটনাত কাৰাগাৰৰ বেৰ ভাঙি ৫৭ জনকৈ কয়েদী পলায়ন কৰাৰ পিছতে আইন-শৃংখলাক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী। যিকোনো মুহূৰ্ততে এনে অপৰাধীয়ে অসামাজিক কাৰ্যকলাপ সংঘটিত কৰিব পাৰে বুলি লা চহৰবাসীক সতৰ্ক হৈ থাকিব পৰামৰ্শ দিছে আৰক্ষীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষত জেলৰপৰা পলাবলৈ চেষ্টা চলোৱা ১২ জনকৈ কয়েদী আৰক্ষীৰ গুলিত নিহত হৈছিল। পাপুৱা নিউ গিনি পোষ্ট আৰু দা নেশ্যনেল নামৰ কাকত দুখনত এই খবৰ প্ৰকাশ পাইছে।