বিশ্বনাথঃ চাহ শ্ৰমিকক নিজ অধিকাৰৰ পৰা বঞ্চিত তথা অসমত অধিকাৰ সৰ্ব হৈ অহাৰ অভিযোগ বহু দিনীয়া৷ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলক প্ৰতিখন চৰকাৰে বঞ্চিত কৰি আহিছে৷ লাঞ্চিত চাহ শ্ৰমিক তথা একাংশ লোকে আজিও কামৰ বিনিময়ত মৰ্যদা নোপোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে চাহ শ্ৰমিকে। পুঁজিপতিৰ হাতোৰাত বন্দী চাহ শ্ৰমিকৰ স্বাধীনতা বুলিও কলেও ভুল কৈ কোৱা নহ’ব৷

চৰকাৰে খিলঞ্জীয়া চাহ শ্ৰমিকসকলক বঞ্চিত কৰি মৌলিক অধিকাৰ সৰ্ব কৰি ভূমিপূত্ৰক মৰ্যদা দিয়াৰ শ্ৰমিকক ১৩৪ টকাৰ পৰিবৰ্তে উপয়ুক্ত মজুৰি দিয়াৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ জিলাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ চাহ-শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে৷ ৰাজ্যৰ চাহ-শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত বিশ্বনাথৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ত প্ৰায় তিনি শতাধিক চাহ-শ্ৰমিকৰ উপস্থিতিত বিক্ষোভ কাৰ্যসুচীৰ ৰূপায়ণ কৰে সংগঠনটোৱে৷

চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা ঘোষণা কৰি জাননী জাৰি কৰাৰ দাবীত ৰূপায়ণ কৰা কাৰ্যসূচীত অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইক, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গহপুৰ আঞ্চলিক সমিতিৰ নেতা জেমছ কিছপটা, অভিজিৎ চুৰিন আৰু নিখিল ভাৰত চাহ মজদুৰ সংঘৰ বিশ্বনাথ সমিতিৰ নেতা দীনেশ নায়ক আৰু ধীৰেন ভূমিজ, বিপ্লৱী যুৱ সন্থাৰ চমুকৈ RYAৰ বিশ্বনাথ জিলাৰ মুখ্য আহ্বায়ক পৰিমল গোঁড়ে অংশগ্ৰহন কৰে৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবী জনাই নেতাসকলে। ৩৫০ টকা মজুৰি দিয়াৰ দাবীত আন্দোলন শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু অহা ২০ ফেব্ৰুৱাৰীত বাগিচাই বাগিচাই শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ আৰু ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাই। কাৰ্যসূচীৰ অন্তত বিশ্বনাথৰ প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেদান কৰে সংগঠনকেইটাই৷