তেজপুৰঃ বহুবল্কী, বহু বিতৰ্কিত ৰাজ্যৰ মন্ত্ৰী পল্লৱ লোচন দাসৰ সমষ্টিত দেওবাৰে পুৱাই ৰাইজ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ৷ দুটা বছৰে সমষ্টিৰ ৰাইজৰ খবৰ নৰখা মন্ত্ৰীগৰাকীৰ সমষ্টিৰ ৰাইজে এখন দলং নিৰ্মাণ কৰাৰ দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে দেওবাৰে পুৱাই প্ৰতিবাদমূখৰ হৈ পৰে৷

এবছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাত কেইবাশতাধিক পুৰুষ-মহিলাই দহোবন কাটি কৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ মন্ত্ৰী পল্লৱ লোচন দাসক মিছলীয়া আখ্যা দি একপ্ৰকাৰ ৰাইজে সতৰ্ক কৰি দিয়ে৷ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে কয় ‘‘পল্লৱ লোচন দাস মহোদয়ে জানি থোৱা ভাল ৰাইজে সদায় সহ্য কৰি নাথাকে৷

তেওঁ আমাৰ বাবে একো কৰা নাই৷ ৰাস্তা-ঘাট নাই, দলং নাই, চিকিৎসালয় নাই, বাৰিষা শিক্ষক আহিব নোৱাৰে৷’’ শক্তিমন্ত্ৰী পল্লৱ লোচন দাসৰ ৰঙাপাৰা সমষ্টিৰ ৰাইজে তেওঁক মিছলীয়া আখ্যা দিয়ে৷

অসম চৰকাৰ হায় হায়, এই খন চৰকাৰ মিছলীয়া, পল্লৱ লোচন মিছলীয়া আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতৰ সৃষ্টি কৰি ৰাইজে দলং নিৰ্মাণৰ দাবী জনায়৷ বালিপৰাৰ মোলানগাঁও অঞ্চলৰ ৰাইজে যমৰ যাতনা ভূগি থকাৰ পিছতো দলং নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীৰ বিৰুদ্ধে৷

ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল জৰাসৰ নৈৰ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলঙেৰে আহ-যাহ কৰিব লগা হয়৷ যোৱা বাৰিষা বান পানীয়ে দলং খন উটুৱাই নিয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে আজিলৈ গুৰুত্ব প্ৰদান নকৰিলে৷ ফলত দলং খনৰ সমীপত পুৰুষ-মহিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ নিৰ্বাচন আয়োগৰ গাইড লাইন উলাংঘা কৰি আটক হোৱা বুলি চৰ্চা চলি থকাৰ সময়তে মন্ত্ৰী পল্লৱৰ সমষ্টিৰ ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

দলং খন যোৱাটো বানে উটুৱাই নিছিল। দলংখন উটুৱাই নিয়াৰ পাছৰে পৰা ৰাইজে যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে। উল্লেখ্য যেয, সমষ্টিটোৰ বিধায়ক তথা শক্তিমন্ত্ৰী পল্লৱলোচন দাসে ৰাইজক দলংখন স্থায়ীভাৱে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত দলংখন নিৰ্মাণ নকৰিলে৷

যাৰ ফলত ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰীয়াল, ৰোগী আদিয়ে ব্যাপক সমস্যাত পৰ্ দলং খন নোহোৱাৰ বাবে৷ বাৰিষাৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি হয়৷ ৰাইজে আৱেদন-নিবেদন কৰাৰ পিছতো পিছতো বিধায়ক তথা জিলা প্ৰশাসনে অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত গাওঁবাসী ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰে৷