বিহালীঃ বগীধল কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে বিশ্বনাথ জিলাৰ বিহালীত প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷

বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত শুকুৰবাৰে চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰগাঙত৷

১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ চাংগোলাত শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীৰ সভাপতিত্ব এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়৷ বগীধলা বাগিচাৰ মালিকক কঠোৰতম শাস্তি প্ৰদান কৰি গোলাঘাট জিলাৰ উপায়ুক্ত আৰু সহকাৰী শ্ৰম আয়ুক্তক নিলম্বন কৰাৰ দাবী জনায়।

শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ পদত্যাগ কৰা, বৰগাঁও চাহ-বাগিচাৰ লকআউট প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাই। সভাত অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ চক্ৰ সম্পাদক কৃষ্ণ পাইক, বৰগাঁও চাহ-বাগিচাৰ ইউনিয়ন সভাপতি ৰাজেন খেৰুৱা, সম্পাদক চাজেন প্ৰজা, কৃষক মহাসভাৰ অনন্ত হাজৰিকা, লক্ষীকান্ত কূৰ্মী, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বায়ক পৰিমল গোঁড়, বিকাশ চুব্বা, চিপিআই এম-এলৰ বিশ্বনাথ জিলা সম্পাদক লীলা শৰ্মা অজিত প্ৰজা উপস্থিত থাকে।