জোনাইঃ দেশত এটাৰ পাছত এটা সাংবাদিক হত্যাৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সংবাদ মাধ্যমৰ সতে জড়িত লোক সকলক৷ যাৰ ফলত সমগ্ৰ দেশ জুলি উঠিছে প্ৰতিবাদৰ জোৱাৰ৷ সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে সাংবাদিক সকলে সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 

সাংবাদিক সকলক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদ কৰ্মী সকল উটি পৰি লগা পৰিলক্ষিত হৈছে৷ আজি সাংবাদিক হত্যাৰ প্ৰতিবাদত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাছিঘাটতো এক প্ৰতিবাদী বাহিৰ কৰে পূৱ চিয়াং জিলাৰ বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমৰ সতে জড়িত সংবাদকৰ্মী সকলে৷ 

প্ৰতিবাদকাৰী সকলে সাংবাদিকক সুৰক্ষা দিয়ক, সাংবাদিক সকলক ন্যায় প্ৰদান কৰক, সাংবাদিক হত্যা বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ৰেলীৰ অন্তত অৰুণাচলৰ কেন্দ্ৰীয় ৰেঞ্জৰ ডিআইজি জন নেহালাইয়াক সাংবাদিকৰ প্ৰতি আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ মৌখিক আহ্বান জনায়৷ 

ইফালে আজিৰ এই প্ৰতিবাদী ৰেলীত WASE নামৰ মহিলা সংগঠনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই ৰেলীত অংশ গ্ৰহণ কৰে৷