মৰিগাঁও/অভয়াপুৰীঃ ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰিব ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগেই এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ সমস্যাত ভুক্তভোগী হ’ব লগা হয় বিভাগীয় কৰ্মচাৰীসকল ৷ বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-বিধায়ক সকলে কৰিব পৰা কোনো এখন ক্ষেত্ৰৰে কোনো এটা কামৰে সঠিক সমাধান৷

তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ,দৰমহা নিয়মীয়াকৰণ আদি বিভিন্ন সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী তুলি সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১আৰু ২ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰতি অভয়াপুৰীৰ পৌৰ নিকায়-কৰ্মচাৰী সন্থাই সমৰ্থন জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে, পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ, staffing Pattern, দৰমহা নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য সমস্যা সমূহৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনৰ বঞ্চনাৰ অভিযোগ তুলি সন্থাটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। আনহাতে বৃহস্পতিবাৰৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰ সমিতিৰ কাৰ্যালয়ৰ কাম-কাজ সমূহ স্তব্ধ হৈ পৰে।

 সদৌ অসম পৌৰ কৰ্মচাৰী সকলৰ চৰকাৰী কৰণ আৰু দৰমহা মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে দুদিনীয়া কাৰ্য্যসূচীৰে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ পৌৰসভা কাৰ্যালয়তো পালন কৰা পৰিলক্ষিত হ'ল এই ধৰ্মঘট কাৰ্যসূচী ৷

পৌৰ নিকায় কৰ্মচাৰীসকলৰ বহু দিনীয়া দাবী সমূহ পূৰণ কৰাৰ আহ্বানত উক্ত ধৰ্মঘট কাৰ্য্যসূচী পালন কৰিছে৷ জানিব পৰা মতে, পৌৰনিকায় কৰ্মচাৰী সকলে সমস্যাৰ সমাধানৰ দাবীত পালন কৰা ধৰ্মঘট কাৰ্য্যসূচীৰ প্ৰতি চৰকাৰে যদি কোনো ধৰণৰ সঁহাৰি নজনাই তেন্তে অনাগত দিনত আৰু অধিক ধৰ্মঘটৰ কাৰ্য্যসূচী হাতত ল’ব ৷