আগৰতলাঃ অহা ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন৷ এতিয়া দিল্লীৱালা নেতাই ভৰি পৰিছে ত্ৰিপুৰা৷ সকলোৱে লৈ আহিছে ন’ ন’ প্ৰতিশ্ৰুতি৷

বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ প্ৰভাৱশালী নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পিছত শুকুৰবাৰে ৰাহুল গান্ধী আহে ত্ৰিপুৰালৈ৷

শুকুৰবাৰে ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতেই ৰাহুল গান্ধীয়ে দলৰ হৈ প্ৰচাৰ চলাবলৈ আহে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত দলৰ হৈ প্ৰচাৰ চলাবলৈ আহি মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়৷

গান্ধীয়ে কয়, মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে সাধাৰণ জনতাক বিভিন্ন সমস্যা পূৰণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ যোৱাৰ পাছত সকলোবোৰ পাহৰি যায়৷

জানিব পৰা মতে, প্ৰচাৰৰ সময়ত কংগ্ৰেছ দলে ত্ৰিপুৰাৰ পৰা মাণিক সৰকাৰ নেতৃত্বাধীন চিপিএম চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই দিয়াৰ পোষকতা কৰাৰ কথা উল্লেখ কৰে ৰাহুল গান্ধীয়ে৷

এইবাৰৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৫৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা বৃহস্পতিবাৰে ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কমিউনিষ্ট চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ মোডীয়ে কয়, ৩ তাৰিখৰ পাছৰ পৰা ত্ৰিপুৰাত কমিউনিষ্ট দলৰ কোনো নাম-নিচান নাথাকিব৷