‘কংগ্ৰেছৰ সমস্যাটো মই বুজি পাওঁ। বছৰ বছৰ ধৰি তেওঁলোকে সেই একেধৰণে ব্যৰ্থ প্ৰয়াস কৰি আহিছে। প্ৰতিবাৰেই কংগ্ৰেছৰ প্ৰয়াস ব্যৰ্থ হৈ আহিছে, আৰু এতিয়া পৰিস্থিতি এনে হৈ পৰিছে তেওঁলোকৰ ভোটাৰৰ প্ৰতি থকা ঘৃণাও সপ্তম স্বৰ্গত উপনীত হৈছে।’ - বিগত ১০ আগষ্টত এইদৰে সংসদৰ মজিয়াত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ কটুক্তি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত শব্দৰ বাণেৰে থকা-সৰকা কৰিবলৈ অলপো ক্ৰুটি ৰখা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দৰাচলতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছক লৈ তেনে মন্তব্য কৰাৰ কাৰণ আছিল কংগ্ৰেছৰ বাৰাম্বাৰ ব্যৰ্থতা। ৰাহুল গান্ধীৰ নেতৃত্বত ২০১৯ চনৰ লোকসভাত অৱতীৰ্ণ হৈ বেয়াকৈয়ে মুখথেকেচা খাবলগীয়া হৈছিল কংগ্ৰেছে। ৰাহুল গান্ধী দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হৈ থকা সময়ছোৱাত আন বহু ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনতো বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল কংগ্ৰেছে। আনহাতে বিৰোধীত থকাৰ সময়তো দলটোৰ স্থিতি আছিল অস্পষ্ট। 

যুৱ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্য সমূহত কংগ্ৰেছৰ ভাল দিন আশা কৰা হৈছিল যদিও ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰৰ পিছত তাতো যেন পৰিছিল চেঁচাপানী। এসময়ৰ ভাৰতীয় ৰাজনীতিৰ সৰ্বশক্তিমান আৰু জনসমৰ্থিত দলটোৱে ইখনৰ পিছত সিখন ৰাজ্যত পৰাজয়ৰ নতি স্বীকাৰ কৰি যেন হেৰাই যোৱাৰ উপক্ৰম ঘটিছিল ৰাজনৈতিক চৰ্চাৰ পৰা। অৱশ্যে এতিয়া ৰাহুল গান্ধী কংগ্ৰেছৰ অধ্যক্ষ হৈ নাই, কিন্তু দলটোৰ ভাল দিন এতিয়াও ঘূৰি অহাৰ উপক্ৰম ঘটা নাই।

সদ্য ঘোষিত ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত চাৰিখনতে ব্যৰ্থতাৰ সন্মুখীন হ’ল কংগ্ৰেছ। ৰাজস্থান, ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰ উফৰাই এইবাৰ বৃহৎ জয়েৰে দুয়োখন ৰাজ্যই দখল কৰিলে বিজেপিয়ে। আনহাতে মধ্যপ্ৰদেশতো অব্যাহত থাকিল কংগ্ৰেছৰ পৰাজয়ৰ ধাৰা। মিজোৰামত মাত্ৰ এখন আসন লাভ কৰিয়েই সন্তুষ্টি লভিবলগীয়া হ’ল দলটোৱে। কিন্তু ইয়াৰ মাজতো কংগ্ৰেছৰ বাবে ভাল খবৰ এয়াই যে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য নিজৰ হাতৰ মুঠিলৈ আহিল দলটোৰ। তেলেংগানাত কে চি আৰৰ বি আৰ এছক পৰাস্ত কৰি এক নতুন ইতিহাসৰ সূচনা কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছে।  

শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত এতিয়া কংগ্ৰেছক লৈ উত্থাপন হৈছে অলেখ প্ৰশ্নৰ। সমান্তৰালভাৱে সন্দেহৰ আঙুলি উঠিছে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালৰ নেতৃত্বক লৈও। উল্লেখ্য যে, কংগ্ৰেছৰ অধ্যক্ষ যদিও মল্লিকাৰ্জুন খৰ্গে, তথাপি দলটো সদায় গান্ধী পৰিয়ালৰ দ্বাৰাই পৰিচালিত হৈ অহা বুলি বিভিন্ন পক্ষই দাবী কৰি আহিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দলটো অন্য নেতা-কৰ্মীতকৈ অধিক প্ৰাধান্য লাভ কৰে গান্ধী পৰিয়ালৰ সদস্যই। অন্যহাতে যোৱা বছৰৰ পৰাই ৰাজনৈতিক ক্ষেত্ৰখনত যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছে ৰাহুল গান্ধীকো। ২০২২ৰ শেষৰ ফালে তেওঁ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ দৰে ৰাজ্যত কংগ্ৰেছক লাভাম্বিত কৰিব বুলি আশা কৰা হৈছিল। কিন্তু নিৰ্বাচনৰ ফলাফলত তেনে হোৱা পৰিলক্ষিত নহ’ল। এনে পৰিপ্ৰেক্ষিতত শেহতীয়া ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰাজয় ৰাহুল গান্ধীৰ পৰাজয় নে গান্ধী পৰিয়ালৰ পৰাজয় তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

এই পৰাজয় ৰাহুল গান্ধীৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্মুখত থকাৰ বিপৰীতে ৰাজ্যৰ নেতা আৰু অন্যান্য কেন্দ্ৰীয় নেতাসকল পিছ পৰি আছিল। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল ৰাজ্যিক নেতাসকলেহে। ৰাজ্যিক নেতৃত্বৰ ওপৰতে প্ৰচাৰৰ দায়িত্ব এৰি দি পিছৰ পৰাই সমৰ্থন আগবঢ়াইছিল ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে। অৱশ্যে নিৰ্বাচনমুখী অন্য ৰাজ্যৰ তুলনাত তেলেংগানাত অধিক প্ৰচাৰ চলোৱা দেখা গৈছিল ৰাহুল গান্ধীক। নিৰ্বাচনৰ সময়ছোৱাত তেলেংগানাতে অধিক জোৰদাৰভাৱে ব্যৱহাৰ কৰা হৈছিল ৰাহুল গান্ধীৰ চেহেৰা আৰু তেওঁৰ মুখৰ শ্লোগান। ইয়াৰ বিপৰীতে ছত্তীশগড়ত ভূপেশ বঘেল, ৰাজস্থানত অশোক গেহলটেই যেন নেতৃত্ব দিছিল নিৰ্বাচনী প্ৰচাৰৰ।

মধ্যপ্ৰদেশৰ কথা ক’বলৈ গ’লে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথেই আছিল ৰাজ্যখনৰ কংগ্ৰেছৰ প্ৰধান চেহেৰা। তেলেংগানাৰ নিৰ্বাচনৰ দায়িত্ব ৰেৱন্ত ৰেড্ডীৰ কান্ধত আছিল যদিও ৰাজ্যখনত প্ৰধান চেহেৰা আছিল ৰাহুল গান্ধী। এনে হিচাপত চালে বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু চেহেৰা ভিন্ন আছিল। এনে পৰিপ্ৰেক্ষিতত চাৰি ৰাজ্যৰ পৰাজয়ৰ বাবে ৰাহুল গান্ধীকে জানো জগৰীয়া কৰিব পাৰি?

এই প্ৰশ্নৰ উত্তৰ দি দীৰ্ঘ সময়ৰ পৰা কংগ্ৰেছৰ বাতৰি পৰিৱেশন কৰি অহা এগৰাকী সাংবাদিকে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে কংগ্ৰেছ যদি হাৰিছে তেন্তে ইয়াৰ অৰ্থ হ’ল মানুহে দলটোৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰা নাই আৰু কংগ্ৰেছৰ নেতৃত্ব মানেই হৈছে গান্ধী পৰিয়াল। এই কথা সহজ ভাষাত বুজাই তেওঁ কয় যে নিৰ্বাচনৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় কংগ্ৰেছৰ নেতাসকলে সমানে প্ৰচাৰ চলাইছিল, গতিকে এয়া বাঘেল, গেহলট আৰু কমল নাথৰ পৰাজয়। কেন্দ্ৰীয় পৰ্যায়ত এয়া গান্ধী পৰিয়াল আৰু ৰাহুল গান্ধীৰ পৰাজয়।

জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক নীৰজা চৌধুৰীয়ে কয় যে এই বিধানসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ চেহেৰা আগুৱাই দিয়া হোৱা নাছিল আৰু তেওঁক লৈও জনতাৰ মাজত বিশেষ আকৰ্ষণ নাছিল। তেওঁ কয়, “সকলো ৰাজ্যতে তেওঁলোকৰ স্থানীয় নেতাসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ছত্তীশগড়ৰ বহুতে মোক কৈছিল যে তেওঁলোকৰ প্ৰাৰ্থীৰ ওপৰত ক্ষোভ আছে যদিও বাঘেলৰ নেতৃত্বৰ বাবে কংগ্ৰেছক ভোট দিব। ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বিষয়ে স্পষ্ট আছিল যে যদি কংগ্ৰেছে নিৰ্বাচনত জয়ী হয় তেন্তে তাত কোন মুখ্যমন্ত্ৰী হ’ব। ৰাজস্থানত মানুহে অশোক গেহলটৰ কথাই পাতিছিল, তাত ৰাহুল গান্ধীক লৈ বিশেষ চৰ্চা নাছিল। আনহাতে ৰাহুল গান্ধীয়েও তেওঁৰ বেছিভাগ ৰেলী তেলেংগানাতে অনুষ্ঠিত কৰিছিল। এনেদৰে চালে এয়া ৰাহুল গান্ধীৰ পৰাজয় নহয়, ৰাজ্যৰ নেতাসকলৰ পৰাজয়হে। কাৰণ তেওঁ এই নিৰ্বাচনী ৰণৰ সন্মুখ সমৰত নাছিল।’’

কংগ্ৰেছৰ ভিতৰচ’ৰাৰ বিষয়ে অৱগত জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক ৰছিদ কিড়ৱাইয়ে কয় যে ৰাজনৈতিক দলসমূহে এনে এক আখ্যান সৃষ্টি কৰে যে দলটো বিজয় এগৰাকী ডাঙৰ নেতাৰ সৈতে সংপৃক্ত কৰি তোলা হয়। তেওঁ কয়, ''কংগ্ৰেছে এইবাৰৰ বিধানসভা নিৰ্বাচন কেৱল ৰাজ্যৰ নেতাসকলৰ ওপৰত এৰি দিছিল আৰু ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী কেৱল প্ৰচাৰকৰ ভূমিকাহে পালন কৰিছিল। সেইবাবেই মই অনুভৱ কৰোঁ যে এই নিৰ্বাচন ৰাহুল গান্ধীক কেন্দ্ৰ কৰি নহয়।’’

কি আছিল ‘ভাৰত জোড়ো যাত্ৰা’ৰ প্ৰভাৱ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল। প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ১৩৭ দিনৰ এই যাত্ৰাত তেওঁ দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ সামৰি লৈছিল। এই যাত্ৰাও তামিলনাডু, কেৰালা, কৰ্ণাটক হৈ তেওঁ প্ৰৱেশ কৰিছিল তেলেংগানাত। ভাৰত জোড়ো যাত্ৰাৰ পিছৰ পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্যৰ পিছত এই জয়ৰ কৃতিত্ব প্ৰদান কৰা হৈছিল ৰাহুল গান্ধী আৰু তেওঁৰ ভাৰত জোড়ো যাত্ৰাক। এতিয়া ভাৰত জোড়ো যাত্ৰাই সামৰি লোৱা তেলেংগানাতো দলটোৱে জয়লাভ কৰিছে যদিও এই যাত্ৰাই চুই যোৱা মধ্যপ্ৰদেশ, ৰাজস্থানত দুৰ্ভাগ্যজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছ।

উত্তৰ ভাৰতত ভাৰত জোড়ো যাত্ৰাৰ কোনো প্ৰভাৱ নাই নেকি? এই প্ৰশ্নৰ উত্তৰত নীৰজা চৌধুৰীয়ে কয় যে ভাৰত জোড়ো যাত্ৰাৰ বাবে ৰাহুল গান্ধীৰ ভাৱমূৰ্তি সলনি হৈছে আৰু মানুহে তেওঁক গুৰুত্বসহকাৰে ল’বলৈ আৰম্ভ কৰে। মানুহে বিশ্বাস কৰে যে ৰাহুল গান্ধী এগৰাকী সৎ আৰু সাহসী ৰাজনীতিবিদ। কিন্তু তেওঁক এতিয়াও জনতাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিযোগী বুলি ভাৱিব পৰা নাই। তেওঁ কয়, ''যদি আপুনি কোনো যুৱকক সোধে যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব পাৰিব নে নাই, তেন্তে সেই প্ৰশ্ন শুনি তেওঁলোকক হঁহা দেখিব। কিন্তু তেওঁলোকেই ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ উচ্চ প্ৰশংসা কৰিব। অথচ তেওঁক এগৰাকী সক্ষম নেতা হিচাপে চাব নিবিচাৰে।’’

ইয়াৰ উপৰিও নীৰজা চৌধুৰীয়ে কয় যে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সফলতাকো বহু পৰিমাণে অতিৰঞ্জিত কৰিছে। কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছৰ সাফল্যৰ অন্যতম কাৰণ আছিল ৰাজ্য দুয়োখনৰ স্থানীয় নেতাসকল।

জাতি জনগণনা আৰু ‘ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান’

ৰাজস্থান আৰু ছত্তীশগড়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীৰ ভাষণ প্ৰায় স্থিৰ হৈ পৰিছিল য’ত তেওঁ ৰাজ্য চৰকাৰক প্ৰশংসা কৰিছিল আৰু চৰকাৰ গঠন হ’লে জাতিগত লোকপিয়ল কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল।একেদৰে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেচিআৰ আৰু প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰিছিল আৰু কংগ্ৰেছ চৰকাৰ গঠন হ’লে কেইবাখনো আঁচনি প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিছিল।

এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কংগ্ৰেছ চৰকাৰে জাতি জনগণনা কৰিব বুলি প্ৰতিশ্ৰুতি দি থাকিল যদিও স্থানীয় নেতাসকলে বিশেষ জোৰকৈ এই প্ৰতিশ্ৰুতি উত্থাপন কৰা দেখা নগ’ল। বিপৰীতে স্থানীয় নেতাসকলে স্থানীয় সমস্যাসমূহকহে অধিক গুৰুত্ব প্ৰদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হয়।

প্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাহুল গান্ধীয়ে শ্ল’গান দিছিল- ‘ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ আহিছো’। কিন্তু বিধানসভা নিৰ্বাচনৰ ফলাফলত তেওঁৰ সেই শ্ল’গান আৰু জাতি জনগণনাৰ প্ৰতিশ্ৰুতিৰ যাদু ফলপ্ৰসূ প্ৰমাণিত নহ’ল। ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়ে এই বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক আৰু ঘৃণামূলক ৰাজনীতিৰ বিষয়টো উত্থাপন কৰি থাকিল। এই সন্দৰ্ভত ৰছিদ কিড়ৱাইয়ে কয় যে মতাদৰ্শগত যুঁজত ৰাহুল গান্ধী নিশ্চিতভাৱে পৰাস্ত হৈছে।

তেওঁ কয়, “ৰাহুল গান্ধীয়ে কয় যে তেওঁ প্ৰেমৰ দোকান চলাই আছে কিন্তু এই দোকানখন মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত ধ্বংস হৈ গ’ল। ইয়াৰ বাবে তেওঁলোকে কাৰণ বিচাৰি উলিয়াব লাগিব। সাংস্কৃতিক জাতীয়তাবাদৰ কথা আহিলে কংগ্ৰেছৰ সকলো নেতাৰ কথা বেলেগ বেলেগ, আনহাতে বিজেপি আৰু নৰেন্দ্ৰ মোদীয়ে পোনপটীয়াকৈ একেটা বিষয় উত্থাপন কৰে।” তেওঁ লগতে কয়, ‘ৰাহুল গান্ধীৰ এটা দোষ হৈছে তেওঁ কেতিয়াও নিজৰ মতাদৰ্শৰ ব্যাখ্যা দিব পৰা নাছিল। জাতি লোকপিয়লৰ ক্ষেত্ৰত তেওঁৰ দলৰ কোনো একমত নাছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ‘চৌকিদাৰ চোৰ হায়’ শ্লোগান দিছিল, আনহাতে তেওঁৰ নিজৰ দলৰ নেতাসকলে এই শ্লোগান পৰিহাৰ কৰা দেখা গৈছিল।”

''ৰাহুল গান্ধীৰ শ্লোগানটো স্থানীয় নেতাই আগবঢ়াই নিব নোৱাৰিলে। মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ যথেষ্ট সংখ্যক পিছপৰা লোক বিজেপিৰ পক্ষত আছে। কংগ্ৰেছে এই সম্প্ৰদায়ক জাতি লোকপিয়লৰ অৰ্থ বুজোৱাত ব্যৰ্থ হৈছে। কংগ্ৰেছে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পৰা নাই। এই ফলাফলেই তাৰ প্ৰমাণ।” কিড়ৱাইয়ে লগতে কয়।

২০২৪ চনত বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিবনে ৰাহুল গান্ধীয়ে?

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, কংগ্ৰেছত ৰাহুল গান্ধীয়ে সন্মুখৰ পৰা ভূমিকা গ্ৰহণ কৰাৰ পিছৰে পৰাই দলটোৱে সফলতাৰ তুলনাত অধিক ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইফালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ ছমাহতকৈও কম সময় বাকী। এনে পৰিস্থিতিত ২০২৪ চনত বিজেপি আৰু নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব পাৰিবনে ৰাহুল গান্ধীয়ে? 

এই সন্দৰ্ভত ৰছিদ কিড়ৱাইয়ে কয় যে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ অধ্যক্ষ আৰু ৰাহুল গান্ধী দলৰ সাংসদ, তেওঁ নিজৰ ভূমিকা নিৰ্ণয় কৰিব লাগিব। তেওঁ কয়, '‘২০২৪ চনত ৰাহুল গান্ধীয়ে সিদ্ধান্ত ল’ব লাগিব যে তেওঁ 'ইণ্ডিয়া’ মিত্ৰজোঁটৰ চেহেৰা হ’ব নে কেৱল এগৰাকী প্ৰচাৰক হ’ব। আপুনি কি লাভ কৰিবলৈ চেষ্টা কৰিছে সেয়া অতি গুৰুত্বপূৰ্ণ। সেই বিষয়ে স্পষ্ট কৰিব লাগিব। ২০১৯ চনত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ পদৰ মুখ আছিল নে নাই সেই বিষয়ে যেন এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে। তেওঁ ইণ্ডিয়া মিত্ৰতাৰ পক্ষত আছেনে?’’

আনহাতে নীৰজা চৌধুৰীয়ে কয় ''দলটোৱে ইয়াৰ পিছত কি কৰিব লাগিব সেইটো পুনৰীক্ষণ কৰিব লাগিব। তৃণমূল পৰ্য্যায়ত ভাৰতৰ পৰিৱৰ্তন অতি দ্ৰুতগতিত হৈছে আৰু ইয়াৰ সঁহাৰি হৈছে নৰেন্দ্ৰ মোদী। ২০২৪ চনত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিব বুলি ক’তো কোৱা হোৱা নাছিল। যদি কংগ্ৰেছে ৰাহুল-ৰাহুল বুলি কৈ থাকে, তেন্তে সেয়াও তেওঁলোকে স্পষ্টভাৱে ক’ব লাগিব।’’

তেওঁ লগতে কয়, '‘বৰ্তমানৰ কথা ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাহুল গান্ধী সক্ষম নহয়। কাইলৈ ​​হ’ব নে নাই ক’ব নোৱাৰি। এই চাৰিখন ৰাজ্যৰ পৰাজয়ক ৰাহুল গান্ধীৰ পৰাজয় বুলি ক’ব নালাগে, আনহাতে তেলেংগানাত কংগ্ৰেছৰ জয়ৰ কাৰণ আছিল কেচিআৰৰ অহংকাৰ। তাত কংগ্ৰেছৰ সংগঠন ভাল আছিল আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছিল বাবেই কংগ্ৰেছক বাছি লৈছিল।”

বিশ্লেষকসকলৰ মতে ৰাহুল গান্ধীৰ ইমেজ মেকঅভাৰত ভাৰত জোড়ো যাত্ৰাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, এজন কঠোৰ পৰিশ্ৰমী আৰু দায়বদ্ধ ৰাজনীতিবিদ হিচাপে তেওঁৰ ভাৱমূৰ্তি সৃষ্টি হৈছিল। আদানীৰ পৰা চীনলৈকে বিভিন্ন বিষয়ত তেওঁ মোডী চৰকাৰকো ঘেৰিবলৈ সক্ষম হৈছে। ইফালে হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত কংগ্ৰেছে জয়লাভ কৰাৰ পিছতে ইণ্ডিয়া মিত্ৰজোঁট গঢ় লৈ উঠিছিল। ইয়াৰ বৈঠকত বিৰোধী নেতাসকলেও ৰাহুল গান্ধীক অতি গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছিল।

এই সকলোবোৰৰ বাবেই দেশত ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাহুল গান্ধীয়ে। তেওঁ উত্থাপন কৰা প্ৰশ্ন, তেওঁ দেখুৱাব বিচৰা বাট আৰু তেওঁৰ নতুনকৈ গঢ়ি উঠা ভাৱমূৰ্তিয়ে লাহে লাহে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সাধাৰণ জনতাক। কিন্তু ঠিক তেনেতেই হিন্দী বলয়ৰ ৩ ৰাজ্যত কংগ্ৰেছৰ প্ৰচণ্ড ব্যৰ্থতাই আকৌ এবাৰ আঁচোৰ পেলাইছে ৰাহুল গান্ধীৰ ভাৱমূৰ্তিৰ ওপৰত। ক্ৰমবৰ্দ্ধমান তেওঁৰ প্ৰভাৱত এয়া যেন বিজেপিৰ মোক্ষম আঘাত। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নকৈ প্ৰস্তুত কৰিব লাগিব কৌশল। এইদৰেই মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।