ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ উপাধ্যক্ষ ৰাহুল গান্ধী৷ আজি দুপৰীয়া মধ্যপ্ৰদেশৰ মন্দাসুৰত কৃষকক লগ ধৰিবলৈ যাওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেতাজনক৷ ৰাহুলৰ সৈতে দ্গিগবিজয় সিং, কমল নাথ আৰু শাৰদ যাদৱক মন্দাসুৰ যাবলৈ বাধা আৰোপ কৰিছিল আৰক্ষীয়ে৷

কিন্তু আৰক্ষীৰ চকুত ধুলি দি যাবলৈ চেষ্টা কৰোতেই ধৰা পৰে নেতাজন৷ গ্ৰেপ্তাৰৰ পিছতেই প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ চৰকাৰে কৃষকৰ পৰিৱৰ্তে বণিক শ্ৰেণীৰ ঋণ  ৰেহাই দি কৃষকক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিয়া বুলিও উল্লেখ কৰে উপাধ্যক্ষগৰাকীয়ে৷

উল্লেখযোগ্য যে মঙলবাৰে মন্দাসুৰত উচিত মূল্য বিচাৰি আৰু ঋণ ৰেহায় দিয়াৰ দাবী জনাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কৃষকলৈ আৰক্ষী আৰু চিআৰপিএফে চলোৱা গুলীবৰ্ষণত ৫ জনকৈ কৃষক নিহত হোৱাৰ লগতে ভালেকেইজন প্ৰতিবাদকাৰী আহত হৈছিল।