গুৱাহাটীঃ বিশ্বৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অসন্তুষ্টি। নতুন আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হোৱা শীতল সংঘাতে লাহে লাহে ধুমুহাৰ ৰূপ ল’বলৈ ধৰা পৰিলক্ষিত হৈছে। অশোক শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই তথাকথিত নতুন নেতাৰ দ্বাৰা পৰিচালিত বিজেপিত উপেক্ষিত হোৱাৰ অভিযোগ তোলাৰ সময়তে এইবাৰ পুনৰ সৰৱ হৈ পৰিল আন এগৰাকী দলৰ জ্যেষ্ঠ নেতা।

৪ বাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে শুকুৰবাৰে তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। আজি দিনৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াক পদত্যাগ পত্ৰ অৰ্পণ কৰি উক্ত দায়িত্বৰ পৰা অব্যাহতি লয় দলৰ জ্যেষ্ঠা নেতাগৰাকীয়ে।

কেবিনেট পৰ্যায়ৰ পৰা পদত্যাগ কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। যাৰ বাবে অসমৰ ৰাজনীতিত আজিৰ দিনটোৰ চৰ্চিত হৈ পৰিছে ৰাজেন গোঁহাই। শেহতীয়াকৈ সম্পন্ন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণক লৈও অসন্তুষ্টি জাহিৰ কৰিছে বিজেপিৰ প্ৰবীণ নেতাগৰাকীয়ে।

ৰাজেন গোঁহাইৰ ৰাজনৈতিক কেৰিয়াৰ

১৯৫০ চনৰ ২৬ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা ৰাজেন গোঁহাই ছাত্ৰ অৱস্থাৰে পৰা ৰাজনীতিৰ সৈতে জড়িত হৈছিল। অসম আন্দোলনৰ সময়তো তেওঁ গ্ৰহণ কৰিছিল সক্ৰিয় ভূমিকা। তেওঁৰ প্ৰকৃত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল নগাঁও পৌৰসভাৰ সদস্য হিচাপে। নগাঁও জিলা বিজেপিৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সদস্য। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক বিজেপিৰো সভাপতি পদত অধিষ্ঠিত হৈছিল।

১৯৯৯ চনত প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজেন গোঁহাইয়ে। তাৰ পিছত ২০০৪, ২০০৯ আৰু ২০১৪ চনত চতুৰ্থবাৰৰ বাবে একেটা সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছিল গোঁহাইয়ে।

২০১৬ চনত গোহাঁইক কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ২০১৯ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। বিগত লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত দলে ৰূপক শৰ্মাক টিকট দিবলৈ সিদ্ধান্ত কৰাত গোঁহাইয়ে কিছু আপত্তি কৰিছিল যদিও পিছত সেয়া মানি লৈছিল। 

ৰাজেন গোঁহাই বনাম বিতৰ্ক

ৰাজনৈতিক জীৱনৰ সফলতাৰ সমান্তৰালভাৱে বহুবাৰ বহু বিতৰ্কতো নাম সাঙোৰ খাই পৰিছিল ৰাজেন গোঁহাই। কেবাবাৰো নাৰী কেলেংকাৰীৰ লগতে ৰাজ্যৰ অবৈধ বালি খননৰ ব্যৱসায়ত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছিল প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে।

২০১৮ চনত তেওঁৰ বিৰুদ্ধে ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত তেওঁ যথেষ্ট বিতৰ্কৰ মাজত সোমাই পৰিছিল। সংবাদ মাধ্যমৰ ব্যাপক দৃষ্টি আকৰ্ষণ কৰা এই গোচৰটোক পোনছাটেই খণ্ডন কৰিছিল গোহাঁইয়ে। তেওঁ সঘনাই এই অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনত গোহাঁইক দলীয় টিকট প্ৰদান নকৰাৰ এটা কাৰণ এই বিতৰ্ক বুলিও চৰ্চা চলিছিল।

হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত নহয় অসম!

খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক লৈ বিষোদগাৰ ব্যক্ত কৰা দেখা গ’ল ৰাজেন গোহাঁইক। অৱশ্যে গোহাঁইয়ে এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰেই তেওঁৰ পদত্যাগৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম কিমান সুৰক্ষিত, তাক লৈয়ো সন্দেহ ব্যক্ত কৰে ৰাজেন গোহাঁইয়ে। মূলতঃ শেহতীয়াকৈ সম্পন্ন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগতো তেওঁ আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায়।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি নগাঁও লোকসভা সমষ্টিটো বদৰুদ্দিন আজমলৰ হাতত হিমন্ত বিশ্ব শৰ্মাই উচৰ্গা কৰা বুলি অভিযোগ তুলি সম্প্ৰদায়িক মন্তব্য কৰাৰো চেষ্টা চলোৱা দেখা গ’ল প্ৰবীণ নেতাগৰাকীক। তেওঁ কয় যে বিগত ২০ বছৰে নগাঁও সমষ্টিটো বিজেপিৰ দখলৰ আছে। নগাঁও, মৰিগাঁও আৰু লাহৰীঘাট সামৰি হোৱা নগাঁও সমষ্টিৰ অন্তৰ্গত ৭টা বিধানসভা সমষ্টিতেই হিন্দু সংখ্যাগৰিষ্ঠ। আৰু এই সংখ্যা গৰিষ্ঠ হিন্দুসকলে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত বাৰাম্বাৰ বিজেপিক ভোট দি জয়যুক্ত কৰি আহিছে।

কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে সমষ্টিটো বদৰুদ্দিন আজমলৰ হাতত তুলি দিয়া হৈছে বুলি বিস্ফোৰক অভিযোগ কৰে তেওঁ। তেওঁ এয়াও উল্লেখ কৰে যে নগাঁও সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বিৰোধিতা কৰিয়েই তেওঁ কেবিনেটৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে।

অন্যহাতে মিঞাৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰাৰ দৰে আঁচনি আনি মিঞাসকলক গোপনে সহায় কৰি অহা বুলিও অভিযোগ কৰে ৰাজেন গোঁহাইয়ে। তেওঁ সাংবাদিকৰ সৈতে কথা-বতৰাত এই ইংগিতো প্ৰদান কৰিব বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি আছে। উল্লেখ্য যে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম কিমান সুৰক্ষিত বুলি প্ৰশ্ন কৰা ৰাজেন গোঁহাইয়ে বিগত বৰ্ষত জেহাদীৰ বিৰুদ্ধে অভিযান আৰু মাদ্ৰাছা উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসাৰে ওপচাই দিছিল।

কি কয় ৰাজ্যিক সভাপতি ভৱেশ কলিতাই?

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদগৰাকীয়ে কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাইও। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, 'ৰাজেন গোঁহাইয়ে কেবিনেটৰ পদৰ পৰাহে পদত্যাগ কৰিছে, দলৰ পৰা নহয়।’

কি কাৰণে তেওঁ কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ কৰিলে, সেয়া চৰকাৰে জানিব বুলিও বিষয়টো এৰাই চলে ভৱেশ কলিতাই। ইয়াৰ পৰিৱৰ্তে তেওঁ দলৰ ভিতৰচ’ৰাত কোনো সংঘাত নাই আৰু সকলো ঠিকেই চলিছে বুলি দাবী কৰে।

ক্ৰমাৎ স্পষ্ট ন-পুৰণিৰ সংঘাত!

ৰাজ্যিক বিজেপিত শেহতীয়াকৈ মূৰ দাঙি উঠিছে ন-পুৰণি সংঘাতে। সভাপতি ভৱেশ কলিতা তথা হিমন্ত চৰকাৰৰ মন্ত্ৰীবৰ্গই ন-পুৰণিৰ সংঘাতৰ কথা অস্বীকাৰ কৰিলেও আজি জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে গ্ৰহণ কৰা সিদ্ধান্তয়ো দলটোক যথেষ্ট শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বিগত কিছু মাহৰ পৰাই বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ ওপৰত অসন্তুষ্টি জাহিৰ কৰি আহিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। মাত্ৰ কিছু বছৰ পূৰ্বে কংগ্ৰেছৰ পৰা আহি বিজেপিত চামিল হোৱা নেতাসকলে আজি 'আদৰ্শবাদী’ বিজেপিক কংগ্ৰেছীকৰণ কৰি আদৰ্শক নসাৎ কৰাৰ অভিযোগ তেওঁ কৰি আহিছে। স্পষ্টভাৱে প্ৰাক্তন বিধায়কগৰাকীয়ে নাম উল্লেখ নকৰিলেও তেওঁৰ অসন্তুষ্টিৰ আঙুলি উঠিল ন-বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ দৰে নেতাৰ ওপৰত।

শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছতে ৰাজ্যিক বিজেপিত দেখিবলৈ পোৱা গৈছিল এক ৰাজনৈতিক পৰিঘটনা। ইন্দ্ৰাণী তহবিলদাৰৰ গোপন ফটো ভাইৰেল প্ৰসংগত নাম সাঙোৰ খাই পৰা দলটোৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই একাংশ ন-বিজেপিয়ে তেওঁক বলিৰ পঠা সজাব বিচৰা বুলি অভিযোগ কৰি পত্ৰ লিখিছিল ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰক লৈ চৰ্চা মাৰ নৌযাওতেই এইবাৰ উত্থাপন হৈছে ৰাজেন গোঁহাইৰ প্ৰসংগ। সমান্তৰালভাৱে চৰ্চিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰ অসন্তুষ্টি। শক্তিশালী দলটোৰ আভ্যন্তৰত এনেদৰে উকমুকাবলৈ ধৰা অসন্তুষ্টি, ক্ষোভ আৰু আক্ষেপে দলটোৰ ভেটি দুৰ্বল কৰি তুলিব পাৰে বুলি সন্দেহ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।