ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ আৰু বাবৰি মছজিদ এতিয়া দেশৰ ৰাজনীতিৰ বিষয় বস্তু হোৱাৰ লগে লগে চৰ্চাৰ বিষয় হৈ পৰিছে৷ প্ৰতিদিনে নতুন নতুন খবৰ পোহৰলৈ আহিব ধৰিছে ৰাম মন্দিৰ আৰু বাবৰি মছজিদকলৈ৷

যোৱা প্ৰায় ৩টা দশক ধৰি নিৰ্বাচন আহিলেই ৰাম মন্দিৰ আৰু বাবৰি মছজিদকলৈ লেতেৰা ৰাজনীতি চলি আহিছে৷ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাম মন্দিৰক লৈ আকৌ ৰাজনীতি আৰম্ভ হৈছে দেশত৷

ৰাম মন্দিৰৰ নিৰ্মাণক কেন্দ্ৰ কৰি অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল-বৰ্ডৰ কাৰ্যকৰী সদস্য চলমান নব্দীৰ বিৰুদ্ধে ৫ হাজাৰ কোটি টকা বিছৰাৰ অভিযোগ উত্থাপন হৈছে৷

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অযোধ্যা বিবাদৰ অন্ত পেলাবলৈ আৰু বাবৰি মছজিদ আন ঠাইত নিৰ্মাণৰ আইডিয়া দিয়াৰ ববাে মুছলিম ধৰ্মগুৰুগৰাকীয়ে ৫ হাজাৰ কোটি টকা বিছাৰে।

অযোধ্যা সদ্ভাৱনা সমন্বয় সমিতিৰ অধ্যক্ষ তথা শ্ৰী শ্ৰী ৰবিশংকৰৰ অতি আত্মীয় অমৰনাথ মিশ্ৰই চলমান নব্দীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে৷

এই অভিযোগৰ কিছুদিন পূৰ্বে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল-বৰ্ডৰ কাৰ্যকৰী সদস্য চলমান নব্দীয়ে শ্ৰী শ্ৰী ৰবিশংকৰৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু বিতৰ্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণ আৰু মছজিদ আন ঠাইত স্থানান্তৰিত কৰাৰ উপদেশ দিছিল।