ৰঙিয়াঃ এতিয়া সন্ত্ৰাসৰ আন এটা নাম হ’ল ডাম্পাৰ৷ ৰাজ পথত চলা ডাম্পাৰে হঠাৎ কাঢ়ি নিব পাৰে একো একোটা প্ৰাণ৷ গুৱাহাটী মহানগৰীত মহিলা সাংবাদিকৰ প্ৰাণ লোৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যত অলেখ মানুহৰ প্ৰাণ লৈছে ডাম্পাৰে৷ ডাম্পাৰৰ অতপালিয়ে নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ৷ ৰাজপথত এতিয়া মানুহ ওলাবলৈ ভয় কৰা হৈছে ডাম্পাৰৰ বাবে৷ গুৰু গোঁসাই নমনা ডাম্পাৰৰ চালকে যিকোনো মুহূৰ্তত প্ৰাণ লব পাৰে মানুহৰ৷ ৰাজপথত এতিয়া ডাম্পাৰৰ বাবে মৃত্যুৰ কিৰিলি শুনা যায়৷

৩০ জানুৱাৰীৰ নিশা কামৰূপৰ ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছিল মানস প্ৰতীম ডেকা নামৰ এগৰাকী যুৱক। ৰঙিয়াত আৰক্ষীয়ে ট্ৰাক-ডাম্পাৰক নাকী লগাব নোৱাৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। যোৱা ১ ফেব্ৰুৱাৰীত এহাল দম্পত্তৰি প্ৰাণ লৈছিল ডাম্পাৰে৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অধিবক্তা তথা বিশিষ্ট ব্যৱসায়ী টুৱা নাথ উপাধ্যায় দাহাল আৰু পত্নী মিনতি দাস উপাধ্যায়ৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আকোৱালি লব লগা হৈছিল ডাম্পাৰৰ বাবে৷

এতিয়া ৰাজ পথত ডাম্পাৰ এক আতংক৷ কামৰূপৰ ৰঙিয়াৰ ৰাজ পথত ভূটান বাছ আস্থানত ডাম্পাৰৰ খুন্দাত নিহত যুৱকগৰাকী আছিল এগৰাকী অভিযন্তা৷ এগৰাকী যুৱকক হেৰুৱাই ৰঙিয়াবাসীয়ে মৰ্মাহত হৈ পৰাৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷ ৰঙিয়া চহৰত এটাৰ পিছত এটা পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাই আহিছে যদিও প্ৰশাসনে দুৰ্ঘটনা ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত স্থানীয় দল-সংগঠন নাৰাজ হৈ পৰিছে৷ বিশেষকৈ দিনৰ ভাগত চহৰৰ মাজেৰে গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰাৰ বাবে প্ৰতিবাদ অব্যহত থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ যুৱ অভিযন্তাগৰাকীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হয়৷

ইয়াৰ মাজতে ৰঙিয়া চহৰৰ লোকে অভিযন্তা মানস প্ৰতীম ডেকাক শনিবাৰে স্মৰণ কৰে৷ আত্মাৰ  শান্তিৰ বাবে শনিবাৰে ৰঙিয়া শান্তিপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি যুৱকগৰাকীক স্মৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈ, চি পি আই এমৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য নেকিবুদ্দিন আহমেদ, ৰঙিয়া পৌৰসভাৰ পৌৰপতি সীমা বৈশ্য, নিহত মানস প্ৰতীমৰ পিতৃ-মাতৃ, ৰঙিয়া গ্লোবেল কম্পিউটাৰৰ সঞ্চালক গোলফাম আহমেদ, প্ৰতুল দাস, অচ্যুত কলিতা আৰু জিতুমণি দাসে উপস্থিত থাকে। উপস্থিত লোক সকলে ডাম্পাৰৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰশাসনক৷