ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ মৰাণজানাৰ এটি টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

মৰাণজানৰ উদ্যোগিক পামৰ এটা টায়াৰ কোম্পানিত মেচিন বিস্ফোৰণ হোৱাৰ ফলত দুজনকৈ শ্ৰমিক অগ্নিদগ্ধ হয়৷

অগ্নিদগ্ধ শ্ৰমিক বাবুল আলী, চটশিলৰ মোমাৰক আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই উদ্যোগিক পামত উত্তেজনাৰ সৃষ্টি হয়৷

আনহাতে ঘটনা সংঘটিত হোলাৰ পিছত চিআৰপিএফৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷