ৰঙিয়াঃ ৰঙিয়াত বৃহস্পতিবাৰে গীত আৰু কবিতাৰে প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰা হয়৷ ভাৰতীয় গণনাট্য সংঘ আৰু নতুন সাহিত্য পৰিষদ, ৰঙিয়াৰ উদ্যোগত বিধেয়কৰ বিৰুদ্ধে ব্যতিক্ৰমী এই প্ৰতিবাদ৷

গণশিল্পী ঘন ডেকা, নাট্যকৰ্মী শংকু নিৰঞ্জন নাথৰ লগতে কেইবাজনো শিল্পীয়ে এইদৰে ৰঙিয়া চহৰৰ ভিন্ন স্থানত গীতৰ মাজেদি জাতিধংসী বিধেয়কখনৰ বিৰোধীতা কৰা পৰিলক্ষিত হয়৷ আনহাতে, প্ৰতিবাদী এই কাৰ্যযসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভাৰতীয় ছাত্ৰ ফেডাৰচনেও সহযোগ কৰে৷