ৰঙিয়াঃ ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১ আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ পালন কৰিব৷

ৰঙিয়া পৌৰ সভাৰ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰিব৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগেই এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ সমস্যাত ভুক্তভোগী হ’ব লগা হয় বিভাগীয় কৰ্মচাৰীসকল৷ বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-বিধায়কসকলে কৰিব পৰা কোনো এখন ক্ষেত্ৰৰে কোনো এটা কামৰে সঠিক সমাধান৷

তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ,দৰমহা নিয়মীয়াকৰণ আদি বিভিন্ন সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰি সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১আৰু ২ ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰতি ৰঙিয়া পৌৰ নিকায়-কৰ্মচাৰী সন্থাই সমৰ্থন জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে, পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ, staffing Pattern, দৰমহা নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য সমস্যা সমূহৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনৰ বঞ্চনাৰ অভিযোগ তুলি সন্থাটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।