ডিজিটেল ডেস্কঃ চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে যিমানেই ব্যৱস্থা গ্ৰহণ নকৰক, মহামাৰিৰ ৰূপ ধাৰণ কৰিছে ধৰ্ষণ কাণ্ডই৷ দেশৰ বিভিন্ন প্ৰান্তত বাঢ়ি অহা ধৰ্ষণ কাণ্ডৰ ঘটনাৰ মাজতে এইবাৰ পুনৰ সংঘটিত হ’ল গণধৰ্ষণৰ এক নাৰকীয় কাণ্ড৷ 

এগৰাকী ২৬ বৰ্ষীয় বিবাহিতা মহিলাক গাড়ীৰ ভিতৰতে গণধৰ্ষণ কৰাৰ লগতে মানুহ ৰূপী দানৱে চলন্ত গাড়ীৰ পৰা ৰাজপথতে পেলাই থৈ গ’ল মহিলাগৰাকীৰ শিশুটিক৷ এই ঘটনা সংঘটিত হয় মঙলবাৰে মুজাফ্ফৰনগৰৰ সমীপত৷ 

জানিব পৰা মতে, এগৰাকী অসহায় মহিলাক চাকৰি দিয়াৰ প্ৰলোভনেৰে এজন লোকে মাতি নিয়ে৷ পিছত মহিলাগৰাকীক মুজাফ্ফৰনগৰৰ সমীপৰ দিল্লী-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ ভিতৰতে ২জন লোকে বলাৎকাৰ কৰে৷ আনহাতে মহিলাগৰাকীৰ লগত থকা কণমানি শিশুটিক পাষণ্ড দুজনে ৰাজপথৰ ওপৰতে পেলাই থৈ যায়৷ 

পিছত স্থানীয় লোকে ৰাজপথত শিশুটি প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ শিশুটি বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ 

ইফালে বলাৎকাৰৰ পিছত বলাৎকাৰী দুজনে মহিলাগৰাকীক চাপাৰ অঞ্চলৰ কাষতে অচেতন অৱস্থাত নমাই পলাই যায়৷ প্ছত মহিলাগৰীকাৰ চেতনা ঘূৰি অহাত চাপাৰ আৰক্ষী থানাত লোক দুজনৰ বিৰুদ্ধে গণধৰ্ষণৰ অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধান কাৰ্য আৰম্ভ কৰে৷

মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, ধৰ্ষণকাৰী দুজনৰ মাজৰ আৰ কে মেহতা নামৰ ধৰ্ষণকাৰীজনে তেওঁক চাকৰি দিয়াৰ প্ৰলোভন দিছিল৷ পূৰ্বৰে পৰা চিনাকি লোকজনে মহিলাগৰাকীক চাকৰি সংক্ৰান্তীয় কথাৰে মুজাফ্ফৰ নগৰলৈ মাতি পঠিয়াইছিল৷ মহিলাগৰাকী মুজাফ্ফৰ নগৰত উপস্থিত হোৱাত লোকজনে এজন বন্ধুৰ সতে মহিলাগৰাকীক গাড়ীত উঠাই লয় আৰু নিচা জাতীয় দ্ৰব্য জোৰ কৰি খুৱাই বলাৎকাৰ কৰে৷