ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ কৰ’না আতংক আৰু লকডাউনৰ মাজতে ক্ৰয় কৰিছে ফেচবুকে। ইয়াৰ পিছতে ভাৰতৰ অৰ্থনৈতিক মহলত আৰম্ভ হৈছে একাধিক জল্পনা-কল্পনা। জিঅ’-ফেচবুকৰ বুজাবুজিয়ে কৰ’না মহামাৰীৰ পিছত দেশৰ অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলাব বুলিও আশা প্ৰকাশ কৰিছে বজাৰ বিশেষজ্ঞসকলে। কিন্তু প্ৰশ্ন হ’ল কি স্বাৰ্থত ফেচবুকে ৰিলায়েন্স জিঅ’ৰ শ্বেয়াৰ ক্ৰয় কৰিছে? কি স্বাৰ্থত লকডাউনৰ মাজতে কোম্পানী দুটাই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে? ইয়াৰ আঁৰৰ কাৰণ কি? এই বিষয়ে সবিশেষ জনাইছে NNOৰ 'বিজিনেছ এডিটৰ’ ঈশ্বৰ প্ৰসন্ন কোঁচে


ট্ৰাকৰ পাছ ফালে লিখা এশাৰী বাক্যই বহু সময়ত চিন্তাৰ খোৰাক দিয়ে। 'মেৰা ভাৰত মহান’, 'দেখো মগৰ প্যাৰ ছে’, 'জিঅ' অউৰ জিনে দো’। কৰ’নাৰ আগমনৰ বেছ কিছুদিন পূৰ্বে ভাৰতলৈ আহিছিল ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গ। ভাৰতীয়সকলে ট্ৰাকৰ পিছফালে লিখা কথাবোৰলৈ ঘূৰি চোৱাৰ সময় নাপালেও জুকাৰবাৰ্গে যেন ঠিকেই মন কৰিলে- জিঅ' অউৰ জিনে দো! 

ফলশ্ৰুতিত ফেচবুকে ৰিলায়েন্স জিঅ’ক অধিক যৌৱনা কৰি তোলাৰ লগতে নিজেও শক্তিশালীভাৱে ভাৰতত মূৰ দাঙি উঠিবলৈ ক্ৰয় কৰিলে ৯.৯৯ শতাংশ শ্বেয়াৰ। ফেচবুকে ৰিলায়েন্স জিঅ’ত যিমান পৰিমাণৰ ধন বিনিয়োগ কৰিছে সেই ধনেৰে ইছৰোৰ চন্দ্ৰযানে পৃথিৱীৰ পৰা চন্দ্ৰলৈ অনায়াসে অহা-যোৱা কৰিব পাৰিব অতিকমেও ৪৪ বাৰ।  

জিঅ' ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মানস পুত্ৰ। জন্ম দিয়াৰ চাৰে তিনি বছৰতেই ভাৰতৰ প্ৰায় ৩৫ শতাংশ মোবাইল ব্যৱহাৰকাৰীৰ মন জয় কৰে জিঅ’ই। বহুতে ভাবিব পাৰে ৰিলায়েন্স জিঅ'ত জুকাৰবাৰ্গৰ ফেচবুকে কৰ’না সন্ত্ৰাসৰ মাজতে হঠাৎ ইমান ধন বিনিয়োগ কৰাৰ আঁৰত কি আছে? জিঅ'ই কিয় ফেচবুকৰ লগত এই চুক্তি কৰিলে তাকে লৈয়ো বহুতৰে মনত উদয় হৈছে একাধিক প্ৰশ্নৰ! 

সহজ ভাষাত বুজিবলৈ হ’লে ইয়াক আমি এখন বিয়াৰ সৈতে তুলনা কৰিব পাৰো। দৰা-কইনাৰ পছন্দ ভিতৰি ভিতৰি আছিলেই। কেৱল এজনে আনজনক জনাবলৈহে বাকী আছিল। এতিয়া ৰাজহুৱাকৈ সকলোকে জনাই দিয়া হ’ল। জিঅ’ই ফেচবুকৰ লগত চুক্তি কৰাৰ মূল দুটা লক্ষ্য। এটা হ’ল 4Gৰ দুনীয়াক বিদায় জনাই ভাৰতত 5G নেটৱৰ্ক আৰম্ভ কৰা। আনটো হ’ল মোবাইল নেটৱৰ্কিঙৰ দৰেকৈ সম্প্ৰতিক সময়ত অতি আকৰ্ষণীয় হৈ পৰা অনলাইন অৰ্থাৎ ই কমাৰ্চৰ খুচুৰা ক্ষেত্ৰখনত নতুন ৰূপত প্ৰৱেশ কৰি সমগ্ৰ বজাৰত আধিপত্য বিস্তাৰ কৰা।

ভাৰত ই কমাৰ্চৰ খুচুৰা বজাৰখনত বৰ্তমান দখল আছে এমাজন আৰু ফ্লিপকাৰ্টৰ। এমাজন আমেৰিকাৰ কোম্পানী হোৱাৰ বিপৰীতে ফ্লিপকাৰ্টৰ লগত আছে ৱালমাৰ্টৰ দৰে কোম্পানী। সেয়ে 4G নেটৱৰ্কৰ দৰে ভাৰতৰ ই-কমাৰ্চৰ খুচুৰা বজাৰখনতো একছত্ৰী সম্ৰাট হ’বলৈ হ’লে গ্ৰাহকৰ মনৰ ভিতৰৰ গোপন কথাৰে ভৰি থকা সূক্ষ্মাতিসূক্ষ্ম ডাটাৰ প্ৰয়োজন।  

এয়া সৰ্বজনবিদিত যে হোৱাটছএপৰ পেৰেণ্ট কোম্পানী বা মালিক হৈছে ফেচবুক। ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ ব্যক্তিগত সকলো তথ্য, আচৰণ, পছন্দ সকলোবোৰ এতিয়া ছ’চিয়েল মিডিয়া কোম্পেনীৰ হাতত। বিশেষকৈ শেহতীয়াভাবে হোৱাটছএপ ভাৰতত বহুলভাৱে জনপ্ৰিয় আৰু ব্যৱহাৰকাৰী সৰ্বাধিক। এণ্ড টু এনক্ৰিপ্টেড বুলি দাবী কৰিলেও ফেচবুকতকৈও এজন উপভোক্তাৰ পছন্দ-অপছন্দ, অভ্যাস আদিৰ বিষয়ে অধিক সূক্ষ্ম তথ্য এই মেছেজিং এপৰ ছাৰ্ভাৰত মজুত হৈ আছে।

ইয়াৰ উপৰিও ই-কমাৰ্চত এমাজন-ফ্লিপকাৰ্টক একাষৰীয়া কৰি আগবাঢ়ি যাবলৈ জিঅ’ক প্ৰয়োজন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI) বা কৃত্ৰিম বুদ্ধিমত্তাৰ। এই AIৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চহকী প্ৰতিষ্ঠানটোৱে হৈছে ফেচবুক। যদিও ফেচবুকৰ কথা ইয়াত বাৰে বাৰে উল্লেখ কৰা হৈছে এটা কথা স্পষ্ট কৰি দিয়া উচিত যে 'ফেচবুক ইংক’ৰ মালিকানাধীন হোৱাটছএপহে ৰিলায়েন্সৰ বাবে অধিক প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডাটা এনালাইছিছকে আদি কৰি সকলো সুযোগ-সুবিধা উপলব্ধ থকাৰ পিছতো মাত্ৰ এটা দিশত দুৰ্বল হৈ আছিল ফেচবুক মালিকানাধীন হোৱাটছএপ। সেইটো হ’ল অৰ্থনৈতিক লেনদেন। যিটো কৰিবলৈ ফেচবুকে বহুখিনি আগবাঢ়িছিল আৰু নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যনৰ পৰা অনুমতিও পাইছিল। কিন্তু বিদেশী কোম্পানী হোৱা বাবে তথ্যৰ সুৰক্ষাৰ দিশটোলৈ চাই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই 
এই ক্ষেত্ৰত বাধা দিয়ে। 

কিয়নো ভাৰতে বিচাৰিছে যিহেতু ভাৰততে এই লেনদেন হ’ব গতিকে ভাৰততে ডাটাসমূহ সুৰক্ষিত থকা উচিত। ভাৰতৰ ডাটা ভাৰতৰ বাহিৰলৈ যোৱাটো বিচৰা নাই ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। এই বাধা দূৰ কৰিবলৈ ফেচবুকক এটি ভাৰতীয় কোম্পানীৰ সহায়ৰ প্ৰয়োজন আছিল। এতিয়া ৰিলায়েন্স জিঅ’ৰ সৈতে যুগ্মভাৱে আগবঢ়াৰ লগে লগে ভাৰতৰ সমস্ত ডাটা কোম্পানীটোৱে ভাৰততে ৰখাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত থকা আইনী জটিলতাসমূহো নাইকিয়া হ’ব আৰু পেমেণ্ট সেৱা আৰম্ভ কৰাৰ পথো প্ৰশস্ত হৈ পৰিব।

তাৎপৰ্যপূৰ্ণ যে অন্যান্য ই কমাৰ্চ কোম্পানীসমূহৰ বিপৰীতে ফেচবুকক লগত লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ভাৰতত সকলোতকৈ ব্যতিক্ৰমী হোৱাৰ পৰিকল্পনা কৰিছে। কাৰণ মাৰ্কিন প্ৰতিষ্ঠানটোৰ অধীনত আছে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক আৰু মেছেজিংএপ হোৱাটছএপ। গতিকে গ্ৰাহকক তাৎক্ষণিকভাৱে সাঙুৰি লোৱাতো তেওঁলোকৰ পক্ষে তেনেই সহজ হ’ব। 


► আজিৰ বিশেষ প্ৰতিবেদন পঢ়িবলৈ তলৰ ফটোখন ক্লিক কৰক...


বহুতে ভাবিব পাৰে যে হোৱাটছএপৰ দৰে মেছেজিং এপৰ জৰিয়তে ই-কমাৰ্চ আৰু আৰ্থিক লেনদেন প্ৰথম হ’বলৈ গৈ আছে। কিন্তু সেইটো নহয়।  চীনৰ জনপ্রিয় মেছেজিং এপ 'উই চাট’ত ইতিমধ্যে বাণিজ্যিক লেনদেন, অনলাইন খুচৰা বজাৰ আৰম্ভ হৈ গৈছে। ভাৰততো গুগল পে, পেটিএম আদিৰ দৰে পেমেণ্ট এপ আছে যদিও সেইবোৰে ই-কমাৰ্চ পোনপটীয়াকৈ কৰিব পৰা নাই আৰু উক্ত এপসমূহ মেছেজিংএপ নোহোৱা বাবে গ্ৰাহকৰ মাজত ইমান জনপ্ৰিয় হৈ উঠিব পৰা নাই।

বিপৰীতে হোৱাটছএপ আৰু ফেচবুক ইতিমধ্যে ভাৰতৰ কেবা কোটি লোকৰ স্মাৰ্টফোনত ইনষ্টল হৈ আছে। অৰ্থাৎ জিঅ’ আৰু ফেচবুকে লগ হৈ ই-কমাৰ্চ আৰম্ভ কৰিলে তেওঁলোকে নতুনকৈ গ্ৰাহক বিচৰাৰ কোনো প্ৰয়োজনেই নাথাকিব। আনহাতে দুয়োটা কোম্পানী একেলগ হ’লে হোৱা আন এটা সুবিধা হৈছে অনলাইন বিজ্ঞাপনত খৰছ ৰাহি। বৰ্তমান সমগ্ৰ বিশ্বতে অনলাইন বিজ্ঞাপনৰ অন্যতম বৃহৎ প্লেটফৰ্ম হিচাপে স্বীকৃত হৈছে ফেচবুক। সেয়ে ৰিলায়েন্স ইণ্ডষ্ট্ৰীজে ই-কমাৰ্চ আৰম্ভ কৰিলে ধন খৰছ নকৰাকৈ ভাৰতৰ কোটি কোটি লোকৰ মাজত অনায়াসে সোমাই যাব পাৰিব।

এনেদৰেই এতিয়া সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে আৰ্থিক মন্দাৱস্থা সৃষ্টি কৰাৰ সময়তে আমেৰিকা আৰু ভাৰতৰ দুটা শীৰ্ষৰ কোম্পানীয়ে কৰ’নাত্তোৰ সময়ত দৃশ্যপট সলনি কৰাৰ মানসেৰে সম্পন্ন কৰিছে বুজাবুজি। বজাৰ বিশেষজ্ঞসকলে এই বুজাবুজি সন্দৰ্ভত কৈছে যে ফেচবুক-জিঅ’ৰ মিলনে কৰ’না মহামাৰীৰ পিছত ভাৰতত নতুনকৈ কৰ্মসংস্থাপনৰ সম্ভাৱনা মুকলি কৰিব যদিও ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিব। প্ৰতিষ্ঠান দুটাৰ এই বুজাবুজিয়ে অৱশ্যে ভাৰতীয় অৰ্থনীতিলৈ কি পৰিৱৰ্তন কঢ়িয়াই আনে আৰু ই-কমাৰ্চ তথা 5Gৰে কাক কেনেকৈ জীয়াই থাকিবলৈ দিয়ে সেয়া সময়েহে ক’ব। 

ৰিটেইল খণ্ডত প্ৰভাৱ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ হৰ্তা-কৰ্তা মুকেশ আম্বানীয়ে ফেচবুকৰ সৈতে বুজাবুজি সম্পন্ন হোৱাৰ পিছতে ভিডিঅ'যোগে উল্লেখ কৰিছে যে জিঅ' মাৰ্ট হ’ব জিঅ'ৰ নতুন ই-কমাৰ্চ প্লেটফর্ম। এই ই-কমাৰ্চ প্লেটফৰ্মে ফেচবুক-হোৱাটছএপৰ সৈতে মিলি অনাগত দিনত ভাৰতৰ প্ৰায় ৩ কোটি স্থানীয় দোকানৰ ছবি সলনি কৰিব বুলিও দাবী কৰিছে আম্বানীয়ে। 'এতিয়া সহজে দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীৰ কেৱল অৰ্ডাৰ কৰাই নহয়, কিনিবও পাৰিব নিজৰ পছন্দ মতে। ইয়াৰ দ্বাৰা যোগানো কম সময়তে হ’ব, দোকানলৈ যোৱাৰ খামখেয়ালিও নাথাকিব। স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো লাভান্বিত হ’ব আৰু দেশৰ অৰ্থনীতিয়ে নতুন গতি ল’ব।’-আম্বানীয়ে কয়।

আনহাতে ফেচবুকেও নিজৰ স্থিতিও স্পষ্ট কৰি কৈছে যে তেওঁলোকৰ লক্ষ্য হৈছে সকলো শ্ৰেণীৰ লোকক সহায় কৰা আৰু সমগ্ৰ ভাৰততে সিঁচৰতি হৈ থকা ৬কোটিত কৈ অধিক ব্যৱসায়ীৰ ব্যৱসায়ীক নতুন মাত্ৰা প্ৰদান কৰা। ফেচবুকৰ বিজিনেছ শাখাৰ এগৰাকী বিষয়াই এইবুলিও কৈছে যে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেই ভাৰতৰ মূল ভেঁটি আৰু সেয়ে তেওঁলোকে ইয়াৰ সৈতে জড়িতসকলক অধিক সুযোগ দিবলৈকে জিঅ’ৰ সৈতে হাত মিলাইছে।
 
এই সন্দৰ্ভত টেলিকম আৰু বিজিনেছ বিষয় বাতৰিৰ সৈতে জড়িত দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক আশু সিনহাই কৈছে যে ফোনকল আৰু ডাটাৰ উপৰিও ঘৰৰ কাষৰ দোকানেই হওক বা মলেই হওক মুঠৰ ওপৰত সকলোৰে পৰা এটকা এটকা কৈ লাভ কৰাই জিঅ’ আৰু ফেচবুকৰ মূল লক্ষ্য। আনহাতে চুক্তিৰ পিছত ফেচবুকৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ডাটা এনালাইছিছ তথা ষ্টৰেজৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰাৰ পিছত ৰাহি হোৱা ধন ৰিলায়েন্স জিঅ’ই ভাৰতত 5G নেটৱৰ্ক আৰম্ভ কৰাত বিনিয়োগ কৰাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে সাংবাদিক সিনহাই।

'দুয়োটা কোম্পানীয়ে এটা কথা স্পষ্ট কৰা নাই যে গ্ৰাহকৰ পৰা কিমান মাচুল ল’ব। আপোনাৰ ঘৰৰ কাষৰ দোকানখনো তেওঁলোকে এপত অন্তৰ্ভুক্ত কৰি ডিজিটেলাইজেশ্যন কৰাৰ কথা গৈছে। এই সুবিধা দিয়াৰ বাবে নিশ্চয় মূল্য নিৰ্ধাৰণ কৰিব। প্ৰশ্ন হ’ল সেই মূল্য কিমান শতাংশ হ’ব? যেতিয়ালৈকে এই ব্যবস্থা সন্মুখলৈ নাহে তেতিয়ালৈকে একো স্পষ্ট নহয়। ইয়াৰ বাবে অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই।’-সমগ্ৰ বিশ্বই বৰ্তমান ডিজিটেল সমাজৰ ধাৰণাক আকোৱালি ল’বলৈ আগবাঢ়িছে বুলি উল্লেখ কৰি সাংবাদিকগৰাকীয়ে কয়।

তেওঁ আৰু কয় যে কোম্পানী দুটাৰ বাবে বুজাবুজিৰ ক্ষেত্ৰত এয়াই আছিল উপযুক্ত সময়। 'লকডাউনৰ ফলত বজাৰ ব্যৱস্থা স্তব্ধ হৈ আছে। গতিকে এতিয়াই চুক্তি কৰাৰ ফলত তেওঁলোকে বজাৰ ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশতে সহজতে বিস্তাৰ লাভ কৰিবলৈ সুযোগ পাব।কিয়নো স্তব্ধ হৈ পৰা বজাৰত নতুন ধাৰণা এটা প্ৰত্যক্ষ কৰিলে গ্ৰাহকে সহজে তাৰ প্ৰতি আকৰ্ষিত হ’ব আৰু পুৰণি ব্যৱস্থাবোৰ পাহৰি যাব। সকলোতকৈ ডাঙৰ কথাটো হৈছে কৰ’নাৰ বাবে এতিয়া সাধাৰণ লোকসকলেও অনলাইন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। গতিকে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ এই সময়তে কোম্পানী দুটাই বুজাবুজি সম্পন্ন কৰিছে।’-সিনহাৰ মন্তব্য।

উল্লেখ্য যে এই প্ৰতিবেদন যুগুত কৰা সময়ত মুম্বাইত ইতিমধ্যে ৰিলায়েন্স জিঅ' আৰু ফেচবুকে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে জিঅ' মাৰ্ট সেৱা। এই সেৱাৰ জৰিয়তে হোৱাটছএপৰ সহায়তেই গ্ৰাহকৰ পৰা অৰ্ডাৰ লৈ সামগ্ৰী ডেলিভাৰী দিছে জিঅ' মাৰ্টে।