ডিজিটেল ডেস্কঃ ধৰ্মীয় অনুভূতিৰ বিষয়টোত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷ অনিচ্ছাকৃতভাৱে কোৱা কোনো কথা যদি কোনো গোষ্ঠী বা ব্যক্তিৰ ধৰ্মীয় বিশ্বাসত আঘাত হানে, তেনেহলে তাৰ বিৰুদ্ধে কোনেও অভিযোগ দাখিল কৰিব নোৱাৰিব৷

অন্যথা কোনোৱে যদি অসাবধানবশত অথবা অনিচ্ছাকৃতভাৱে কোৱা কোনো কথাৰ অভিযোগ দাখিল কৰে তেন্তে সেয়া আইনৰ চকুত অপৰাধ বুলি বিবেচিত হব৷

উক্ত নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ বিচাৰক দীপক মিশ্ৰ, এ.এম. খানউইলকাৰ আৰু এম এম শান্তানাগোদাৰেৰ তিনিজনীয়া বিচাৰপীঠে ঘোষণা কৰে এই ৰায়৷ কিয়নো দেশৰ সংবিধানে নাগৰিকৰ বাবে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ পূৰ্ণ ব্যাখ্যা কৰাৰ অধিকাৰ থকা বাবে এই ৰায় আদালতে জাৰি কৰা বুলি জানিবলৈ দিয়ে৷

উল্লেখযোগ্য যে ২০১৩ চনৰ বিজনেচ টুডে নামৰ আলোচনীখনত ক্ৰিকেট তাৰকা এম. এছ. ধোনীক বিষ্ণু অৱতাৰৰ ৰূপত প্ৰকাশ হোৱা ফটো বিতৰ্ক সন্দৰ্ভত চলা মোকৰ্দমাৰ শুনানিতেই উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে৷