newsnextone.com।তেজপুৰ:আজি কাজিৰঙাৰ কহৰা কনভনচন হলত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এক বিশেষ প্ৰতিনিধি সভা গাম্ভীৰ্যপূৰ্ণভাৱে আয়োজন কৰা হয়।উক্ত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকল উপস্হিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সকলক চিনাকী কৰাই দিয়াৰ লগতে এখনি ফুলাম গামোচা আৰু কাজিৰঙাৰ প্ৰতীকস্বৰূপ গড়ঁৰে সম্বদ্ধৰ্না জনোৱা হয়।ইয়াৰ পাছতেই কাৰ্যসূচীৰ এক অন্যতম অংশ হিচাপে বৰগীত পৰিবেশনেৰে সভাত উপস্হিত থকা সমূহ দৰ্শকক বাৰুকৈ আপ্লুত কৰে।
গোলাঘাট জিলাৰ আৰক্ষী অধিক্ষক মানৱেন্দ্ৰ দেৱৰয়ে সভাখন আনুষ্ঠানিকভাবে মুকলি কৰে। প্ৰদীপ ডেকাই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে কাজিৰঙা সাংবাদিক সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই আৰু লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বৰাই।উক্ত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুইশতাধিক সাংবাদিক উপস্হিত থাকে।